নগাঁও: ৰাজ্যৰ মুঠ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ সম্প্ৰতি ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈয়ো তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ । সমষ্টিটোৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পৰিৱৰ্তে প্ৰায়েই সংবাদমেল সম্বোধন কৰি আহিছে তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে ।
শনিবাৰেও নগাঁওস্থিত নিজা বাসভৱনত পুনৰ সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইনে । বিগত দিনকেইটাত সংবাদমেলত কৰি অহা প্ৰায় একেখিনি অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কৰে ৰকিবুল হুছেইনে ।
সংবাদমেল সম্বোধন কৰি আৰক্ষী, নিৰ্বাচন আয়োগে অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰা, স্মাৰ্ট মিটাৰ আদি প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো উভতি ধৰে ৰকিবুল হুছেইনে । পুনৰ এবাৰ কংগ্ৰেছী বিধায়কৰ বাহনত কৰা আক্ৰমণৰ প্ৰসংগও উত্থাপন কৰি এজাহাৰ দিয়াৰ পাছতো নগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।
বৰ্তমানো কংগ্ৰেছ দলক নিৰ্বাচনী প্ৰচাৰ চলোৱাত একাংশ বিজেপি কৰ্মীয়ে বাধা প্ৰদান কৰাৰ কথাও উল্লেখ কৰি এই সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে । আনকি ভোটগ্ৰহণৰ দিনা চামগুৰি সমষ্টিৰ প্ৰতিটো স্পৰ্শকাতৰ ভোটকেন্দ্ৰত চি চি কেমেৰাৰ ব্যৱস্থা কৰিবলৈয়ো দাবী জনাই কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।
আনহাতে চামগুৰি উপ-নিৰ্বাচনক লৈ তাঞ্জিল হুছেইনৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বিতা চলি থকা বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । স্মৰ্তব্য যে, চামগুৰি উপ-নিৰ্বাচনৰ প্ৰায় প্ৰতিটো বিষয় কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পৰিৱৰ্তে পিতৃ ৰকিবুল হুছেইনে সংবাদমেলত উত্থাপন কৰা প্ৰসংগও ব্যাপকভাৱে চৰ্চা লাভ কৰিছে চামগুৰিৰ ৰাজনীতিত ।
লগতে পঢ়ক: এসময়ৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে চামগুৰিত প্ৰচাৰ চলাবনে হিমন্ত বিশ্ব শৰ্মাই ?