ETV Bharat / bharat

এপ্ৰিলত ভাৰতৰ নিয়োগৰ কাৰ্যকলাপ ৬২ শতাংশ হ্ৰাস : Naukri.com - কোভিড-১৯ মহামাৰী

কোভিড-১৯ মহামাৰী আৰু তাৰ পৰৱৰ্তী সময়ৰ লকডাউন, দুয়োটাৰে জৰ্জৰিত ভাৰতে এপ্ৰিল মাহত নিয়োগ ক্ষেত্ৰত ৬২ শতাংশ অৱনতিৰ সন্মুখীন হৈছে । Naukri.com নামৰ সংস্থাই বুধবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ।

এপ্ৰিলত ভাৰতৰ নিয়োগৰ কাৰ্যকলাপ ৬২ শতাংশ হ্ৰাস : Naukri.com

author img

By

Published : May 6, 2020, 3:23 PM IST

নিউজ ডেস্ক, ৬ মে' : কোভিড-১৯ মহামাৰী আৰু তাৰ পৰৱৰ্তী সময়ৰ লকডাউনৰ ফলত দেশৰ নিয়োগখণ্ড ভয়াৱহভাৱে ক্ষতিগ্ৰস্থ হৈছে । ভাৰতে এপ্ৰিল মাহত নিয়োগ ক্ষেত্ৰত ৬২ শতাংশ অৱনতিৰ সন্মুখীন হৈছে । Naukri.com নামৰ সংস্থাই বুধবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ।

নিয়োগক্ষেত্ৰত হোটেল/ৰেষ্টুৰেন্ট/ভ্ৰমণ/বিমান পৰিৱহণ উদ্যোগত -৯০ শতাংশ, অটো/অনুসাংগিক উদ্যোগত -৮২ শতাংশ, খচৰা খণ্ডত -৭৭ শতাংশ আৰু একাউন্টিং/ফাইনেন্সত -৭০ শতাংশ অৱনতি দেখা গৈছে বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে ।

দেশৰ বিভিন্ন চহৰত নিয়োগক্ষেত্ৰত দশকৰ ঘৰত হ্ৰাস পৰিলক্ষিত হৈছে । দিল্লীত ৭০ শতাংশ, চেন্নাইত -৬২ শতাংশ, কলকাতাত -৬০ শতাংশ আাৰু মুম্বাইত -৬০ শতাংশ নিয়োগ হ্ৰাস পৰিলক্ষিত হৈছে । অভিজ্ঞতাৰ ফালৰ পৰা এই পৰিসংখ্যা চাবলৈ গ'লে প্ৰাৰম্ভিক পৰ্যায়ৰ (০ৰ পৰা ৩ বছৰ) লোকৰ বাবে সৰ্বাধিকসংখ্যক ৬৭ শতাংশ নিয়োগ হ্ৰাস পৰিলক্ষিত হৈছে ।

অন্যান্য খণ্ডৰ তুলনাত ফাৰ্মা/বায়'টেক/ক্লিনিকেল গৱেষণা খণ্ডত -৫৪ শতাংশ, আইটি-চফটৱেৰ/চফটৱেৰ ছাৰ্ভিচত -৪৯ শতাংশ আৰু ইনঞ্চুৰেন্স খণ্ডত -৪২ শতাংশ নিয়োগ হ্ৰাস পাইছে বুলি সংস্থাটোৱে প্ৰতিবেদনত প্ৰকাশ কৰিছে ।

নতুন চাকৰিৰ ক্ষেত্ৰত টিকেটিং/ট্ৰেভেল/এয়াৰলাইনছ, হোটেল/ৰেষ্টুৰেন্ট আৰু মানৱ সম্পদ/প্ৰশাসনিক খণ্ডত ক্ৰমে, ৯৫ শতাংশ, ৮৯ শতাংশ আৰু ৭৮ শতাংশ চাকৰি হ্ৰাস পাইছে ।

অৱশ্যে আইটি/চফটৱেৰ খণ্ড, বিপিঅ'/আইটিইএছ/কেপিঅ', ফাৰ্মা/বায়'টেক/স্বাস্থ্যখণ্ড আৰু শিক্ষা/শিক্ষকতা খণ্ডই আন খণ্ডৰ তুলনাত কিছু সকাহ পাইছে বুলি সংস্থাটোৱে ইয়াৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ এপ্ৰিল মাহৰ GST সংগ্ৰহত ভয়াবহ ক্ষতিৰ সন্মুখীন বহু ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.