ETV Bharat / bharat

অবিশ্বস্যঃ কাহ হ'লেই খাবলৈ দিয়া হৈছিল হেৰ'ইন - heroin

এসময়ত মুকলি বজাৰত উপলব্ধ আছিল হেৰ'ইনৰ ক্ৰয়-বিক্ৰয় ৷ কিন্তু এতিয়া কিয় নিষিদ্ধ হ'ল হেৰ'ইন ? কেতিয়াৰ পৰা নিষিদ্ধ হ'ল হেৰ'ইন ? জানিবলৈ চাওক এই প্ৰতিবেদন...

heroin was once used as cough medicine
heroin was once used as cough medicine
author img

By

Published : Jul 9, 2020, 8:06 PM IST

নেশ্যনেল ডেস্ক, 9 জুলাইঃ আপোনাৰ কাহ হৈছে নেকি ? 19শ শতিকাৰ দিন হোৱা হেতেন এতিয়ালৈ আপোনাক কাহৰ পৰা আৰোগ্য হ'বলৈ চিকিৎসকে হেৰ'ইন ব্যৱহাৰ কৰিবলৈ দিলেহেতেন ৷ আচৰিত নহ'ব ৷ কিয়নো হেৰ'ইনৰ আৰম্ভনি কোনো নিচাজাতীয় দ্ৰব্য হিচাপে হোৱা নাছিল ৷ হৈছিল দৰৱ হিচাপেহে ৷ পূৰ্বতে কাহৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল হেৰ'ইন ৷

19শ শতিকাত হেৰ'ইনৰ ব্যৱহাৰ

19 শতিকাত শিশুসকলৰ সামান্য কাহ হ'লেই হেৰ'ইন খাবলৈ দিয়া হৈছিল ৷ তেতিয়া হেৰ'ইন ভিন্ন প্ৰকাৰত উপলব্ধ আছিল ৷ টনিকৰ পৰা আৰম্ভ কৰি, লজেন্স আদিলৈ সকলোতে ব্যৱহাৰ কৰা হৈছিল হেৰ'ইন ৷ এই দৰৱ বজাৰলৈ আনিছিল বায়াৰ ফাৰ্মাচিটিকেল্ছে ৷ সেই দৰৱৰ নাম আছিল হেৰ'ইন হাইড্ৰ'ক্ল'ৰাইড ৷ তাৰ পূৰ্বে কাহৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল মৰফিন ৷ কিন্তু কাহ ভাল হ'লেও মৰফিনৰ প্ৰতি তীব্ৰ আসক্ত হৈ পৰিছিল সেৱনকাৰী সকল ৷ সেই বাবে মৰফিনৰ বিকল্প হিচাপে বজাৰলৈ অনা হৈছিল হেৰ'ইন ৷ প্ৰথমাৱস্থাত হেৰ'ইনৰ পৰা কোন ধৰণৰ আসক্তি হোৱা নাছিল ৷

অবিশ্বস্যঃ কাহ হ'লেই খাবলৈ দিয়া হৈছিল হেৰ'ইন

বায়াৰ ফাৰ্মাচিওটিকেল্ছ আৰু হেৰ'ইন

1898 চনতে বায়াৰ ফাৰ্মাচিটিকেল্ছে এই দৰৱৰ ব্যৱসায়িক প্ৰচাৰ আৰম্ভ কৰিছিল ৷ তেওঁলোকে দাবী কৰিছিল যে, এই দৰৱৰ ব্যৱহাৰৰ ফলত উৎপন্ন নহয় কোনো ধৰণৰ আসক্তি ৷ ব্ৰংকাইটিছ, টিউবাৰকিউল'ছিচ আৰু অন্যান্য কাহজনিত অসুস্থতাৰ বাবে ব্যৱবহাৰ কৰা হৈছিল হেৰ'ইন ৷ 1906 চনত আমেৰিকান মেডিকেল এচ'ছিয়েশ্যনে হেৰ'ইন ব্যৱহাৰৰ অনুমতি দিয়ে আৰু ইয়াৰ বজাৰত মৰফিনৰ বিকল্প হিচাপে প্ৰচলিত কৰে ৷

হেৰ'ইন নিষিদ্ধ

কিন্তু বজাৰত হেৰ'ইন হাইড্ৰ'ক্ল'ৰাইড অহাৰ পিচতে ইয়াৰ প্ৰতি আসক্তি তীব্ৰভাৱে বৃদ্ধি হয় ৷ ইয়াৰ বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়াও দেখিবলৈ পোৱা গৈছিল ৷ এনে একাধিক খবৰ আহিবলৈয়ো আৰম্ভ হয় ৷ কেৱল নিউৱৰ্ক চহৰতে প্ৰায় 2 লক্ষাধিক লোক হেৰ'ইনৰ প্ৰতি আসক্ত হৈ পৰে ৷ 1914 চনৰ হেৰিশ্যন নাৰ্ক'টিক্স আইন বলৱৎ কৰা হয় ক'কেইন, হেৰ'ইনৰ দৰে নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ ৷ কিন্তু ইয়াৰ পিচতো সমস্যাৰ সমাধান নহ'ল ৷ 1928 চনত নিউৱৰ্ক চহৰৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চহৰত যিমান অপৰাধ হৈছে তাৰ ভিতৰত 98 শতাংশই হেৰ'ইন আসক্তিৰ বাবে হৈছে ৷ তাৰ পিচতে আমেৰিকাৰ মুকলি বজাৰত হেৰ'ইন হাইড্ৰ'ক্ল'ৰাইডৰ বিক্ৰী নিষিদ্ধ কৰি দিয়ে ৷ ইয়াৰ পৰৱৰ্তী সময়ত সকলো দেশতে হাইড্ৰ'ক্ল'ৰাইড নিষিদ্ধ কৰা হয় ৷

বৰ্তমান হেৰ'ইন ধৰা পৰিলে কি শাস্তি হ'ব

ভাৰততো মাদকদ্ৰৱ আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে হেৰ'ইন ৷ হেৰ'ইন সেৱন বা হেৰ'ইনৰ সৈতে যদি কোনো লোক ধৰা পৰে তেন্তে তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা আছে ৷ 5 গ্ৰাম পৰ্যন্ত হেৰ'ইনসহ যদি কোনো লোক ধৰা পৰে তেন্তে ভাৰতীয় দণ্ড বিধি অনুসৰি এবছৰ পৰ্যন্ত কাৰাবাস অথবা 10 হাজাৰ টকাৰ জৰিমণা বা দুয়োটাই হ'ব পাৰে ৷ 250 গ্ৰাম পৰ্যন্ত হেৰ'ইনসহ ধৰা পৰিলে 10ৰ পৰা 12 বছৰ পৰ্যন্ত কাৰাবাস বা 1-2 লাখ টকাৰ জৰিমণা বা উভয় শাস্তি হ'ব পাৰে ৷

লগতে পঢ়কঃ অবিশ্বাস্যঃ বিশ্বৰ প্ৰথমখন সোণেৰে নিৰ্মিত হোটেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.