ETV Bharat / bharat

বিনিয়োগকাৰীসকলৰ সাহায্যাৰ্থে

নগৰ অঞ্চলৰ ক্ষুদ্ৰ শিল্প,খুচুৰা ব্যৱসায়ী,উদ্যোক্তা,পেছাদাৰী আৰু নিশ্চিত আয় সমূহৰ বিত্তীয় পৰিসেৱা বিতৰণেই নগৰ সমবায় বেংকসমূহৰ লক্ষ্য আছিল। সঠিকভাৱে পৰিচালিত এই বেংকসমূহে এই ক্ষেত্ৰ সমূহৰ প্ৰাণৱন্ত অৰ্থনীতিত নতুন জীৱন দান দিছে।

বিনিয়োগকাৰীসকলৰ সাহায্যাৰ্থে
বিনিয়োগকাৰীসকলৰ সাহায্যাৰ্থে
author img

By

Published : Feb 20, 2020, 9:35 AM IST

ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে সঞ্চয় কৰাটো আমাৰ জীৱনশৈলী। এনে এখন সমাজ য'ত শিশুসকলক তেওঁলোকৰ পকেট খৰচৰ বাবে মাটিৰ বাচন বা শিশুৰ বেংকত ধন সঞ্চয় কৰিবলৈ উৎসাহিত কৰা হয়, সাধাৰণ বেংকসমূহক বিশ্বাস আৰু বিশ্বাসযোগ্যতাৰ প্ৰতীক হিচাপে বিবেচিত কৰা হয় তেনে এখন সমাজ আমাৰ বাবে কাম্য। অধিক সুত আৰু বেংক যে এটা বেংক হয় সেই বিশ্বাসৰ দ্বাৰা আকৃষ্ট হৈ লাখ লাখ লোকে তেওঁলোকৰ কষ্ট উপাৰ্জিত ধন সমবায় বেংকত বিনিয়োগ কৰিছে । পাঞ্জাৱ মহাৰাষ্ট্ৰ সমবায় বেংকৰ (পিএমচি) সাম্প্ৰতিক কেলেংকাৰীয়ে বেংক আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া দৰে সংস্থাৰ নিয়ন্ত্ৰণৰ অকাৰ্যকৰ্তাৰ কথা পোহৰলৈ আনিছে। সাম্প্ৰতিক বাজেটখনত এনে ধৰণৰ কেলেংকাৰী পুনৰ সংঘটিত নোহাৱাৰ সংকল্প প্ৰতিফলিত কৰা হৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা অনুসৰি সমবায় বেংকৰ ব্যৱসায় বঢ়াবলৈ,তেওঁলোকৰ বিনিয়োগৰ সুযোগ বৃদ্ধি কৰাৰ বাবে আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক পৰ্যবেক্ষণৰ মাধ্যমৰ দ্বাৰা উন্নত প্ৰদৰ্শন কৰিবলৈ 'বেংকিং ৰেগুলেচন এক্টত' সংশোধন কৰা হ'ব। তদুপৰি,মোডী চৰকাৰে ১৫৪০টা সহকাৰী বেংকৰ ৮.৬ কোটিৰো অধিক ঘৰুৱা গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে আৰ বি আইক তেওঁলোকৰ নিয়ন্ত্ৰণকাৰী ক্ষমতা প্ৰয়োগ কৰাৰ অনুমোদন প্ৰদান কৰিছে।

Helping the investor Etv Bharat Special Report
ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে সঞ্চয় কৰাটো আমাৰ জীৱনশৈলী

পূৰ্বৰ দৰে সমবায় পঞ্জীয়কে সমবায় বেংকৰ স্বত্বাধিকাৰী দিশসমূহ পৰ্যবেক্ষণ কৰিব। আৰু সমবায় বেংকসমূহে সময়ে সময়ে বেংক সমূহ নিয়ন্ত্ৰণৰ বাবে আৰ বি আইয়ে জাৰি কৰা নিৰ্দেশসমূহ পালন কৰিব লাগিব। বাণিজ্যিক বেংক সমূহৰ দৰেই সমবায় বেংকসমূহত মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তিৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অনুমোদন জৰুৰী। আৰ বি আইৰ নিৰ্দেশ অনুসৰি নিয়মিত নিৰীক্ষণ প্ৰক্ৰিয়া চলোৱা উচিত। দুৰ্বল সমবায় বেংক সমূহৰ পৰিচালনাৰ দায়িত্বৰ বাবে আৰ বি আইক ক্ষমতা দিয়া হ'ব। আচলতে, এই সংস্কাৰ সমূহ কেলেংকাৰী প্ৰতিৰোধ আৰু সমবায় বেংক সমূহৰ ভাৱমূৰ্তি ৰক্ষা কৰিবলৈ বহু পূৰ্বেই ভাৱিব লাগিছিল। নগৰ অঞ্চলৰ ক্ষুদ্ৰ শিল্প,খুচুৰা ব্যৱসায়ী,উদ্যোক্তা,পেছাদাৰী আৰু নিশ্চিত আয় সমূহৰ বিত্তীয় পৰিসেৱা বিতৰণেই নগৰ সমবায় বেংকসমূহৰ লক্ষ্য আছিল। সঠিকভাৱে পৰিচালিত এই বেংকসমূহে এই ক্ষেত্ৰ সমূহৰ প্ৰাণৱন্ত অৰ্থনীতিত নতুন জীৱন দান দিছে। কিন্তু নিজ স্বাৰ্থৰ স্বাৰ্থত বান্ধ খাই এই ব্যৱস্থাই অসহায় বিনিয়োগকাৰীক মিছা মাতিছে যদিও তেওঁলোকে আৰু সম্পূৰ্ণ বিশ্বাসত তেওঁলোকৰ সৈতে সম্পৰ্ক কৰে। নৰসিংহমূৰ্তি কমিটিয়ে নগৰ সমবায় বেংকসমূহৰ অসংগঠিত অন্তনিৰ্হিত কাৰণসমূহ বিশ্লেষণ কৰিছে—পৰ্যাপ্ত পুঁজিৰ অভাৱ,ব'গাছ মেম্বাৰছিপ,ঋণ ক্ষমতাৰ কেন্দ্ৰীয়কৰণ, নিকট আৰু প্ৰিয়ক নিৰ্বিচাৰে লোণ বিতৰণ,ঋণ উদ্ধাৰৰ দুৰ্বল ব্যৱস্থা ইত্যাদি। এই অভাৱসমূহ অব্যাহত থাকিলেও বেংকৰ সংখ্যা আৰু জমাৰ আকাৰ তাৎপৰ্যপূৰ্ণভাৱে প্ৰসাৰিত হৈছে। ১৯৯১ চনত সমগ্ৰ দেশত সমবায় বেংকৰ সংখ্যা ১৩০৭ আছিল আৰু জমা ৰাশি ৮,৬০০ কোটি টকা আছিল । ২০০৪ লৈকে ই ২১০৫লৈকে বৃদ্ধি পাইছিল আৰু ১ লাখ কোটি টকা জমা হৈছিল। যদিও ধাৰাবাহিক ভাৱে বিফলতাৰ বাবে আজি বেংকৰ সংখ্যা ১৫৪০ লৈকে হ্ৰাস হৈছে,জমা ৫ লাখ কোটি টকা লৈকে বৃদ্ধি পাইছে আৰু এই কাৰণে কেলেংকাৰীৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

বেংকসমূহক বিশ্বাস আৰু বিশ্বাসযোগ্যতাৰ প্ৰতীক হিচাপে বিবেচিত কৰা হয়

১১৬০০ কোটি টকাৰ জমা ধনেৰে সাতখন ৰাজ্যলৈ সম্প্ৰসাৰিত পি এম চি বেংকে প্ৰায় ২১ হাজাৰ ভুৱা একাউণ্ট খুলিছিল। উদ্দেশ্যে আছিল ৬৫০০ কোটি টকা মূল্যৰ ইয়াৰ আবাস আৰু আন্তঃগাঁথনি লুণ্ঠন কৰা । এই বেংকটো ইতিমধ্যে আৰ বি আইৰ প্ৰত্যক্ষ নিৰীক্ষণত আছিল । আৰ বি আইৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণাধীন বেংকৰ সংখ্যা পঁচিশলৈ বৃদ্ধি পোৱাত সেইবোৰৰ অনৈতিক কামবোৰ নিয়ন্ত্ৰণ কৰিবলৈ নৈতিক বা আইনী ব্যৱস্থা নিশ্চিত কৰাটো প্ৰয়োজনীয় আছিল । ২০০২ চনতে কেন্দ্ৰীয় চৰকাৰে উপলব্ধি কৰিছিল যে সমবায় বেংকসমূহৰ খেলিমেলিৰ প্ৰধান কাৰণটো হৈছে যুটীয়া নিয়ন্ত্ৰণ ব্যৱস্থা। যেতিয়া বেংকসমূহে নিজৰ স্থিতি নিশাৰ ভিতৰত সলনি কৰে তেতিয়া সমবায় পঞ্জীয়ক আৰু ৰিজাৰ্ভ বেংকে ইটোৱে সিটোক দায়িত্বভাৰ ঠেলি দিয়াটো সাধাৰণ কথা হৈ পৰিছে ।

গুণগত পৰামৰ্শৱলী যেনে—বিত্তীয় বেংকিং আৰু হিচাপ পৰীক্ষণ খণ্ডৰ বিশেষজ্ঞৰ দ্বাৰা বেংক পৰিচালনা মণ্ডলী গঠন হ’ব লাগে, সমবায় বেংকসমূহক ২ শতাংশতকৈ অধিক সুত নিদিবলৈ নিষেধাজ্ঞা দিব লাগে, জমাৰ বীমা ২.৫ লাখ টকালৈ বৃদ্ধি কৰিব লাগে আদি বিষয়বোৰ বিগত ১৬ বছৰে অৱহেলিত হৈ আছে । শেহতীয়া বাজেটত জমাধনৰ বীমা এক লাখৰ পৰা পাঁচ লাখ চকালৈ বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে জমাকাৰীৰ বিশ্বাস ঘূৰাই অনাৰ বাবে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিছে । যিহেতু সমবায় সমিতি আইনৰ ক্ষেত্ৰত সংবিধানৰ সমৰ্থন আছে আৰু আমি তাক অস্বীকাৰ কৰিব নোৱাৰো। প্ৰাক্তন উপ গৱৰ্ণৰৰ নেতৃত্বৰ সমিতিখনে পৰামৰ্শ দিছিল যে সমবায় বেংকসমূহে সঞ্চালকৰ সলনি পৰিচালনা ব’ৰ্ডক ক্ষমতা হস্তান্তৰ কৰিব লাগে । এই বৰ্ষৰ আৰম্ভণিতে ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়াই নিৰ্দেশনা জাৰি কৰি কৈছে যে এশ কোটিৰ অধিক জমা থকা সমবায় বেংকসমূহে সঞ্চালক আৰু পৰিচালনাৰ ব’ৰ্ড স্থাপন কৰিব লাগবি । শক্তিশালী নীতি-নিয়ম আৰু নিৰীক্ষণৰ ব্যৱস্থা দ্বাৰাহে আভ্যন্তৰীণ লোকৰ সহায়ত হোৱা প্ৰবঞ্চনাৰ ঘটনাসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যাব ।

লগতে চাওকঃ

ক্ৰীড়া প্ৰেমীলৈ সুখবৰ, গুৱাহাটীত অনুষ্ঠিত ১৭ অনুৰ্ধৰ মহিলা ফিফা বিশ্বকাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.