ETV Bharat / bharat

ষষ্ঠ দিনত মহাৰাষ্ট্ৰক লৈ উভয় সদনত উত্তপ্ত পৰিস্থিতি - লোকসভা

সোমবাৰে হোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ ‘পাৱাৰ গেম’ক লৈ ৰায়দান মঙলবাৰলৈ স্থগিত ৰাখে ৷

ষষ্ঠ দিনত মহাৰাষ্ট্ৰক লৈ উভয় সদনত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Nov 25, 2019, 5:23 PM IST

মহাৰাষ্ট্ৰ,25 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ‘পাৱাৰ গেম’ক লৈ উত্তাল লোকসভা ৷ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধৰী আৰু কে সুৰেশে সদন স্থগিতাদেশৰ প্ৰস্তাব আগবঢ়াই ৷ এমাহ জোৰা এখন নাটৰ অন্তত শনিবাৰে পুৱা দেবেন্দ্ৰ ফাড়নাভিছে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় ৷ ইয়াৰ লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয় অজিত পাৱাৰে ৷ ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰ, মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰলৈ জাননী প্ৰেৰণ কৰে ৷ এই জাননীত তেওঁলোকক বিধায়কৰ সমৰ্থন আৰু যাৱতীয় নথি পত্ৰ দেখুৱাবলৈ সোমবাৰ 25 নৱেম্বৰৰ পুৱা 10 বজালৈ সময় সীমা দিছিল ৷
সোমবাৰে হোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ ‘পাৱাৰ গেম’ক লৈ ৰায়দান মঙলবাৰলৈ স্থগিত ৰাখে ৷

ষষ্ঠ দিনত মহাৰাষ্ট্ৰক লৈ উভয় সদনত উত্তপ্ত পৰিস্থিতি
ৰাজ্যসভাতো সোমবাৰে অব্যাহত থাকে উত্তপ্ত পৰিস্থিতি যাৰ বাবে দুপৰীয়া 2 বজালৈ সদন স্থগিত ৰখা হয় ৷ কংগ্ৰেছ, বামপন্থী দল আৰু ডি এম কে আৰু অন্য বিৰোধী দলে বিজেপিৰ বিৰোধী শ্ল’গানৰে সদন উত্তাল কৰি তোলে ৷ বিজেপি নেতা মুক্তাৰ আব্বাচ নাকৱীয়ে কয় যে, মহাৰাষ্ট্ৰত ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ বিষয়ে এক প্ৰস্তাৱৰ বিপৰীতেহে চৰ্চা কৰিব পৰা যাব আৰু বিৰোধীয়ে তেনে কোনো প্ৰস্তাৱ আগবঢ়োৱা নাই ৷ বিজেপি নেতাগৰাকীয়ে লগতে কয় যে এন চি পি, কংগ্ৰেছ আৰু অন্য দল সমূহে গনতন্ত্ৰক ‘হাইজেক’ কৰি এখন ‘জুগাৰো’ চৰকাৰ চলাব বিছাৰিছে ৷ ইয়াৰ পিছতো সদনত বিৰোধীয়ে উত্তপ্ত পৰিস্থিতি কৰি ৰাখে যাৰ বাবে সদন 2 বজালৈ স্থগিত কৰি ৰাখিব লগা হয় ৷

Intro:Body:

borna

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.