ৰাজস্থান, 30 মে': ৰাজস্থানৰ দাউছা জিলাত শুকুৰবাৰে সংঘটিত হয় এক অঘটন । শুকুৰবাৰে সন্ধিয়া আৰক্ষী থানাৰ ভিতৰতেই এগৰাকী আৰক্ষী কৰ্মীৰ আত্মহত্যা । আৰক্ষী থানাৰ ভিতৰতে আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ । আত্মহত্যা কৰা লোকজন শ্বাহপুৰৰ গিৰিৰাজ বুলি চিনাক্ত কৰা হৈছে । শ্বাহপুৰ আৰক্ষী থানাত হেড কনিষ্টবল হিচাপে কৰ্মৰত আছিল গিৰিৰাজ । শুকুৰবাৰে থানাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় গিৰিৰাজৰ মৃতদেহ । আৰক্ষী কৰ্মীজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
পিচত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে । আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে মৃতদেহৰ কাষতো কোনো ধৰণৰ টোকা ইত্যাদি লাভ কৰা হোৱা নাই আৰক্ষীয়ে । আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাচতেই পৰিয়ালৰ লোকক মৃতদেহটো প্ৰদান কৰা হয় । বৰ্তমানে এই ঘটনা সন্দৰ্ভত থানাখনৰ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে ।