ETV Bharat / bharat

হাথৰছ পীড়িতাৰ পৰিয়ালক দিল্লীত স্থায়ী আৱাস প্ৰদানৰ আহ্বান অধিবক্তা সীমা কুচৱাহাৰ

author img

By

Published : Nov 2, 2020, 10:44 AM IST

হাথৰছ কাণ্ডৰ পীড়িতাক প্ৰতিনিধিত্ব কৰা অধিবক্তা সীমা কুচৱাহাই পীড়িতাৰ পৰিয়ালৰ বাবে দিল্লীত স্থায়ী আৱাসৰ ব্যৱস্থা কৰিবলৈ আবেদন দাখিল কৰে ৷ যিহেতু হাথৰছ সম্পূৰ্ণৰূপে উচ্চ সম্প্ৰদায়ৰ লোকেৰে ভৰপূৰ আৰু পীড়িতাৰ পৰিয়াল এক দলিত সম্প্ৰদায়ৰ,সেয়েহে্ তেওঁলোকক দিল্লীত স্থায়ী আৱাসৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷

Hathras victim's family should be provided permanent accommodation in Delhi: Seema Kushwaha
হাথৰছ পীড়িতাৰ পৰিয়ালক দিল্লীত স্থায়ী আৱাস প্ৰদানৰ আহ্বান অধিবক্তা সীমা কুচৱাহাৰ

নিউজ ডেস্ক,2 নৱেম্বৰ : হাথৰছ কাণ্ডৰ পীড়িতাৰ পৰিয়ালৰ বাবে দিল্লীত স্থায়ী আৱাসৰ ব্যৱস্থা কৰা উচিত ৷ হাথৰছ কাণ্ডৰ পীড়িতাক প্ৰতিনিধিত্ব কৰা অধিবক্তা সীমা কুচৱাহাই সংবাদ মাধ্যমযোগে এই মন্তব্য আগবঢ়ায় ৷

আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে পীড়িতাৰ পৰিয়ালৰ স্থায়ী অৱাস সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

অধিবক্তা কুচৱাহাই জনোৱা মতে,তেওঁ 24 অক্টোবৰত এক আবেদন দাখিল কৰিছিল ৷ লগতে তেওঁ পীড়িতাৰ পৰিয়ালৰ সদস্য়ক চাকৰিত নিযুক্তি দিয়াৰ ক্ষেত্ৰতো আবেদন দাখিল কৰে ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো জাননী গ্ৰহণ কৰা নাই অধিবক্তা গৰাকীয়ে ৷ যিহেতু হাথৰছ সম্পূৰ্ণৰূপে উচ্চ সম্প্ৰদায়ৰ লোকেৰে ভৰপূৰ আৰু পীড়িতাৰ পৰিয়াল এক দলিত সম্প্ৰদায়ৰ,গতিকে তেওঁলোকক দিল্লীত স্থায়ী আৱাসৰ ব্যৱস্থা কৰিব লাগে বুলি অধিবক্তা সীমা কুচৱাহাই সদৰি কৰে ৷

আনহাতে মৰণোত্তৰ পৰীক্ষাত পীড়িতা গৰাকীক বলাৎকাৰৰ তথ্য পোহৰলৈ অহাৰ কথা অধিবক্তা কুচৱাহাই উল্লেখ কৰে ৷ 27 অক্টোবৰত উচ্চতম ন্য়ায়ালয়ে এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ চিবিআইক পীড়িতাৰ মৃত্যু সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল ৷ মুখ্য ন্যায়াধীশ এছএ বোবডেৰ অধ্যক্ষতাত তিনি বিচাৰপীঠে পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

পীঠে কয় যে,হাথৰছ কাণ্ডৰ সকলো দিশ,যেনে- পীড়িতাৰ পৰিয়ালৰ সুৰক্ষাৰ ক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত নিহত ছগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.