ETV Bharat / bharat

প্ৰতিষেধক 'Pneumosil' মুকলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

author img

By

Published : Dec 29, 2020, 10:38 AM IST

দেশৰ প্ৰথমটো pneumococcal conjugate প্ৰতিষেধক 'Pneumosil' মুকলি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷ ছিৰাম ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (SIIPL) বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেছনৰ সহযোগিতাত প্ৰস্তুত কৰি উলিয়াইছে এই প্ৰতিষেধক ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন
প্ৰতিষেধক 'Pneumosil' মুকলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে সোমবাৰে ভাৰতৰ প্ৰথমটো pneumococcal conjugate প্ৰতিষেধক 'Pneumosil' মুকলি কৰে ৷ ছিৰাম ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (SIIPL) বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেছনৰ সহযোগিতাত প্ৰস্তুত কৰি উলিয়াই এই প্ৰতিষেধক ৷

এই প্ৰতিষেধক মুকলি অনুষ্ঠানত মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে, ছিৰাম ইনষ্টিটিউটৰ প্ৰতিষেধক 170 খন দেশত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰতিষেধকে বিশ্বৰ প্ৰতি তিনিটা শিশুৰ এজনক ৰোগমুক্ত কৰে ৷

তেওঁ লগতে কয় যে, SIIPL য়ে প্ৰতিষেধক প্ৰস্তুত কৰাৰ পাচতে ভাৰত চৰকাৰৰ পৰা প্ৰথমটো থলুৱা Pneumococcal Conjugate Vaccine (PCV)ৰ অনুজ্ঞাপত্ৰ লাভ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ অধীনত লকডাউনৰ সময়তে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় ৷

এই প্ৰতিষেধক বজাৰত মুকলি কৰি দিয়া সম্পৰ্কত হৰ্ষ বৰ্ধনে কয়, "ছিৰাম ইনষ্টিটিউটৰ প্ৰথমটো থলুৱা Pneumococcal Conjugate প্ৰতিষেধক 'Pneumosil' নামেৰে অতি কম মূল্যতে বজাৰত উপলব্ধ হ'ব ৷"

দেশৰ বৈজ্ঞানিক আৰু চিকিৎসকসকলক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে কয়, "মই নিশ্চিত যে, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দল আৰু অন্য চিকিৎসক আৰু বৈজ্ঞানিকসকলে এনেধৰণৰ জীৱনদায়ী প্ৰতিষেধক নিৰ্মাণত নিজৰ অৱদান আগবঢ়াই যাব ৷"

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পুনাৱালা গ্ৰুপ অৱ ইণ্ড্ৰাষ্টিচৰ চেয়াৰমেন চিৰাছ পুনাৱালা, আদৰ পুনাৱালা, SIIPL ৰ মুখ্য কাৰ্যবাহী বিষয়া আদি ৷

লগতে পঢ়ক : ধৰ্ষণৰ বলি হোৱা 12 বছৰীয়া কিশোৰীৰ সন্তান জন্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.