ETV Bharat / bharat

কৰ্টাৰপুৰ কৰিডৰক লৈ সুখী,পাকিস্তানলৈ পানী প্ৰৱাহিত হ'বলৈ নিদিও: মোডী - কৰ্টাৰপুৰ কৰিডৰক লৈ সুখী,পাকিস্তানলৈ পানী প্ৰৱাহিত হ'বলৈ নিদিও: মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মন্তব্য কৰে যে,ভাৰতে পাকিস্তানলৈ আৰু পানী প্ৰৱাহিত হ'বলৈ নিদিয়ে ৷ লগতে পাকিস্তানস্থিত ঐতিহাসিক কৰ্টাৰপুৰ ছাহিব গুৰুদ্বাৰক সংযোগ কৰা কৰ্টাৰপুৰ কৰিডৰক লৈ মোডীয়ে সুখী বুলি মন্তব্য কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : Oct 16, 2019, 6:08 PM IST

নেশ্যনেল ডেস্ক,16 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মন্তব্য কৰে যে,ভাৰতে পাকিস্তানলৈ আৰু পানী প্ৰৱাহিত হ'বলৈ নিদিয়ে ৷ লগতে পাকিস্তানস্থিত ঐতিহাসিক কৰ্টাৰপুৰ ছাহিব গুৰুদ্বাৰক সংযোগ কৰা কৰ্টাৰপুৰ কৰিডৰক লৈ মোডীয়ে সুখী বুলি মন্তব্য কৰে ৷

হাৰিয়ানাত মোডীৰ নিৰ্বাচনী প্ৰচাৰ

হাৰিয়ানাত এক নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হোৱাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে,"70 বছৰ ধৰি হাৰিয়ানাৰ কৃষকসকলৰ ভাগৰ পানী পাকিস্তানলৈ প্ৰৱাহিত হৈ আহিছে ৷ মই এই পানী পাকিস্তানলৈ প্ৰৱাহিত হ'বলৈ নিদিও আৰু নিজ দেশতে ৰাখিবলৈ চেষ্টা কৰিম ৷"

তেওঁ লগতে কয় যে,পাকিস্তানলৈ প্ৰৱাহিত পানীত হাৰিয়ানা আৰু ৰাজস্থানৰ কৃষকসকলৰ অধিকাৰ আছে ৷ এই পানী ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও মোডীয়ে অভিযোগ কৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.