নিউজ ডেস্ক, 12 জুলাই : তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেকেপ টায়েপ এৰ্ডোগানৰ মুছলমান সম্প্ৰদায়ক নেতৃত্ব প্ৰদান কৰা দীৰ্ঘদিনীয়া সপোন ফলৱৰ্তী হয়, 532 খ্ৰীষ্টাব্দত নিৰ্মিত ইস্তানবুলস্থিত বিশ্ব ঐতিহ্যস্থলী আগিয়া ছোফিয়া সংগ্ৰহালয়ক মছজিদলৈ ৰূপান্তৰকৰণত ৷ বেজেন্টাইন সাম্ৰাজ্যৰ লগতে ৰোমান সাম্ৰাজ্যৰ সাক্ষ্য বহনকাৰী আগিয়া ছোফিয়া সংগ্ৰহালয়টোক বৃহস্পতিবাৰে তুৰ্কীৰ শীৰ্ষ আদালতে মছজিদলৈ ৰূপান্তৰকৰণত অনুমতি প্ৰদান কৰে ৷
1400 বছৰ পুৰনি ইতিহাসত বৃহদাকাৰ গম্বুজাকাৰ আগিয়া ছোফিয়া বেজেন্টাইন সাম্ৰাজ্যৰ মুখ্য উপাসনাস্থলী, অট্টোমান সাম্ৰাজ্যত মছজিদলৈ ৰূপান্তৰকৰণ আৰু পৰৱৰ্তী সময়ত ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা হয় ৷ ইয়াক মছজিদলৈ ৰূপান্তৰকৰণে সমগ্ৰ বিশ্বতে বিৰূপ প্ৰভাৱ পেলাইছে যদিও ইয়াৰ ফলত তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ ইছলাম সমৰ্থনকাৰী কঠোৰপন্থী মনোভাৱে অধিকসংখ্যক মুছলমানৰ সমৰ্থন লাভ কৰে ৷ অৱশ্যে মধ্য-প্ৰাচ্যত ছৌদিকে ধৰি অন্যান্য ইছলামিক ৰাষ্ট্ৰসমূহে এতিয়াও এই নেতৃত্বত আগশাৰীত আছে ৷
বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত এৰ্ডোগানে ইছলামৰ ওপৰত তেওঁৰ নিজৰ ধাৰণা ব্যক্ত কৰিছিল ৷ তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিমীয়া দেশসমূহক তেওঁৰ ইছলামিক ধাৰণাৰ প্ৰতি বিৰোধী বুলি সততে দাবী উত্থাপন কৰি আহিছে ৷ এৰ্ডোগানে ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তৰো বিৰোধিতা কৰিছিল আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে লগ-লাগি নতুন দিল্লীৰ বিৰোধিতা কৰা এগৰাকী অন্যতম ইছলামিক নেতা হৈছে এৰ্ডোগান ৷ বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পিচতেই মালেছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহাতিৰ মহম্মদ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে লগ লাগি ইছলামৰ প্ৰচাৰৰ বাবে এক গ্লোৱেল ইছলামিক নিউজ চেনেল স্থাপনৰ বাবেও আলোচনাত মিলিত হৈছিল ৷ অৱশ্যে তেওঁৰ ইছলামৰ ধাৰণাক পশ্চিমীয়া দেশসমূহে ভয়ানকভাৱে সমালোচনা কৰি আহিছে ৷ আৰু এতিয়া আগিয়া ছোফিয়াক সংগ্ৰহালয়ৰ পৰা মছজিদলৈ ৰূপান্তৰকৰণত আমেৰিকা আৰু ৰাছিয়াৰ সৈতে থকা তেওঁৰ নিকটৱৰ্তী সম্পৰ্কটো বিঘিনি ঘটাব বুলি আশংকা কৰা হৈছে ৷
এৰ্ডোগানে দীৰ্ঘসময় ধৰি আমেৰিকাত নিৰ্মিত পঞ্চম প্ৰজন্মৰ F-35 যুঁজাৰু বিমান আৰু ৰাছিয়াত নিৰ্মিত S-400 বায়ু প্ৰতিৰক্ষা ক্ষেপনাস্ত্ৰ প্ৰণালী নিজৰ দেশত সংৰক্ষণ কৰি ৰাখিছে ৷ ইয়ে তেওঁৰ ইছলামিক ধাৰণাক লৈ ৰাছিয়া আৰু আমেৰিকাৰ সৈতে থকা সম্পৰ্কত কোনো নঞাৰ্থক প্ৰভাৱৰ বিৰুদ্ধে তেওঁৰ পূৰ্বপ্ৰস্তুতিৰে উমান দিয়ে ৷
লগতে পঢ়কঃ ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম, মছজিদলৈ ৰূপান্তৰ আগিয়া ছোফিয়া সংগ্ৰহালয়