নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: আকৰ্ষণীয় দীঘল চুলিৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰেই অভিলেখ ভংগ কৰিলে গুজৰাটৰ নিলাঞ্চী পেটেলে। ২০১৮ চনত ৫ ফুট ৭ ইঞ্চি দীঘল চুলিৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল নিলাঞ্চীয়ে। ২০২০ চনত ৬ ফুট ২.৮ ইঞ্চি হয়গৈ নিলাঞ্চীৰ চুলি। নিজৰ দীঘল চুলিকোচাৰে তৃতীয় বাৰৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰাত নিলাঞ্চী সফল হয়। নিলাঞ্চীক বন্ধু-বান্ধৱীয়ে জাৰ্মানীৰ সাধুকথাৰ চৰিত্ৰ 'ৰেপুঞ্জেল' বুলি মাতে।
'ৰেপুঞ্জেল'ৰ দৰে দীঘল চুলিৰ অধিকাৰী হোৱাৰ বাবে নিলাঞ্চী এতিয়া বন্ধু মহলত সেই নামেৰেই জনপ্ৰিয় হৈ পৰিছে। এখন ছেল'নত চুলি কাটিবলৈ গৈ আশা কৰা ধৰণে সন্তোষ নোপোৱাত ৬ বছৰ বয়সৰ পৰাই চুলি দীঘল কৰাত আগ্ৰহ প্ৰকাশ কৰে নিলাঞ্চীয়ে। ২০১৮ চনত প্ৰথম বাৰৰ বাবে অভিলেখ গঢ়ে আৰু ২০২০ চনত নিজৰেই অভিলেখ ভংগ কৰে। ৩ বছৰত চুলিখিনি প্ৰায় ১ ফুট বাঢ়িছে।
আকৰ্ষণীয় চুলিৰ বাবে খ্যাতি অৰ্জন কৰাৰ লগতে শৈক্ষিক দিশতো নিলাঞ্চী যথেষ্ট আগবঢ়া। শেহতীয়াকৈ JEE এডভাঞ্চ পৰীক্ষাত ভাৰতৰ ভিতৰতে ১০৭ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু গান্ধীনগৰ আই আই টিত কেমিকেল ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰাইছে। সুন্দৰ কেঁকোৰা চুলিৰ ৰাণী নিলাঞ্চী বহুমুখী প্ৰতিভাৰ গৰাকী। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ খেলতো তেওঁ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, নৃত্য, সাঁতোৰ বিদ্যা, স্কেটিং আদিতো পাৰ্গত নিলাঞ্চী।
ভৱিষ্যতে এগৰাকী দক্ষ অভিযন্তা হিচাপে গঢ় দিয়াৰ বাটত ইতিমধ্যে নিলাঞ্চীয়ে খোজ লৈছে। শিক্ষা, সংস্কৃতি, ক্ৰীড়া সকলো দিশতে দখল থকা বাবে সকলোৱে নিলাঞ্চীক জ্ঞান আৰু সৌন্দৰ্যৰ গৰাকী বুলিও অভিহিত কৰে।
লগতে পঢ়ক: কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰঃ সেনাৰ অভিযান অব্যাহত