ETV Bharat / bharat

নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবী ৰাহুল গান্ধীৰ

author img

By

Published : Dec 26, 2020, 10:44 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট । চৰকাৰে কৃষকৰ দাবী মানিবই লাগিব । নতুন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত এই টুইট নেতাগৰাকীৰ ।

নতুন কৃষি আইন সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: দেশজুৰি চলি থকা কৃষক বিদ্ৰোহৰ মাজতে শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিবাদী কৃষকৰ সমৰ্থনত টুইটযোগে এক ভিডি'অ শ্বেয়াৰ কৰে । টুইটত শ্বেয়াৰ কৰা ভিডি'অটোত চৰকাৰে কৃষকৰ দাবী মানিবই লাগিব বুলি লিখে গান্ধীয়ে । ২৪ ডিচেম্বৰত ৰাহুল গান্ধীৰ নেতৃত্বত গুলাম নৱী আজাদ আৰু চৌধুৰী চৰণ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছিল । সাক্ষাৎকালত গান্ধীয়ে এই আইনখন কৃষক বিৰোধী আৰু ইয়াক অতিশীঘ্ৰে খণ্ডন কৰিব লাগিব বুলি কয় । যাৰফলস্বৰূপে ক্ষুদ্ধ কৃষকে ৰাজধানী দিল্লী কঁপাইছে বুলিও কয় তেওঁ ।

  • मिट्टी का कण-कण गूंज रहा है,
    सरकार को सुनना पड़ेगा। pic.twitter.com/yhwH6D8uWO

    — Rahul Gandhi (@RahulGandhi) December 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ বিষয়ববীয়াই জানিবলৈ দিয়ে যে, আগন্তুক ২-৩ দিনৰ ভিতৰত কেন্দ্ৰ আৰু কৃষক সংগঠনৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সঞ্চালক বিবেক আগৰৱালে প্ৰতিবাদী কৃষক সংগঠনসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ এই বিদ্ৰোহৰ সমাধানৰ ক্ষেত্ৰত পুনৰ আলোচনা কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰই ৷ কিন্তু পত্ৰত উল্লেখিত অনুসৰি, কৃষি আইনৰ নিয়মৰ বাহিৰত থকা কোনো বিষয়ত বাকযুদ্ধ কৰা নহ’ব ৷ অৱশ্যে প্ৰতিবাদী কৃষক সংগঠনসমূহে আশা কৰিছে যে, নতুন কৃষি আইনে সুলভ মূল্যৰ বজাৰক সুৰক্ষা প্ৰদান কৰিব ৷

কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইনৰ বাতিলৰ দাবীত পঞ্জাৱ,হাৰিয়ানাৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আন্দোলনত কঁপাইছে ৰাজধানী দিল্লী । ২৬ নৱেম্বৰৰ পৰা দিল্লী চলো কাৰ্যসূচী লৈ অহা এইসকল কৃষকক বাধা দিবলৈ হাৰিয়ানা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰবল চেষ্টা চলাইছিল যদিও সক্ষম নহ'ল ।

লগতে পঢ়ক: চৰকাৰৰ নতুন প্ৰস্তাৱ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.