ETV Bharat / bharat

জম্মু কাশ্মীৰৰ স্থানীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ নতুন আইন

author img

By

Published : Aug 9, 2020, 5:17 PM IST

জম্মু কাশ্মীৰত বসবাস কৰি অহা স্থানীয় লোকসকলৰ আশংকা দূৰ কৰিবলৈ কেন্দ্ৰই শীঘ্ৰেই নতুন আইন প্ৰনয়ণ কৰাৰ সম্ভাৱনা আছে । এই নতুন আইনখনে অঞ্চলটোত বসবাস কৰি অহা স্থানীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব ।

Govt plans to enact new law to protect land rights of J-K natives
জম্মু কাশ্মীৰৰ স্থানীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ নতুন আইন

নিউজ ডেস্ক,৯আগষ্ট: চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিছত জম্মু কাশ্মীৰত পূৰ্বৰে পৰা বসবাস কৰি অহা স্থানীয় লোকসকলৰ আশংকা দূৰ কৰি তেওঁলোকৰ ভূমিৰ অধিকাৰৰ লগতে অন্যান্য সুবিধাসমূহ সুৰক্ষিত কৰিবলৈ এখন নতুন আইন প্ৰনয়ণ কৰা হ'ব । নতুন আইনখন শীঘ্ৰেই সংসদত গৃহীত হোৱাৰ সম্ভাৱনা আছে ।

জম্মু কাশ্মীৰৰ স্থানীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বাবে প্ৰনয়ণ হ'বলগা এই নতুন আইনখন প্ৰস্তুতিৰ কাম ইতিমধ্যে চলি আছে । এই আইনখন সংসদত গৃহীত হোৱাৰ পিছতেই নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চলটোত স্থানীয় লোকসকলৰ মাজত ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত অহা আশংকা সমূহ দূৰ হ'ব ৷ বৰ্তমানলৈকে কোনো নিৰ্বাচন অনুস্থিত নোহোৱা সদ্য গঠনপ্ৰাপ্ত কেন্দ্ৰীয় শাসিত এই অঞ্চলটিত বিধানসভা গঠন নোহোৱাত নতুন ভূমি আইনৰ এই বিষয়টো সংসদত উত্থাপন কৰা হ'ব ।

২০১৯ চনৰ ৫ আগষ্টত অনুচ্ছেদ ৩৭০ বাতিলৰ পিছতে নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত এই অঞ্চলটোত বহিৰাগত একাংশ লোকে বসতি স্থাপনৰ আশংকা কৰিছিল স্থানীয় লোকসকলে । যিহেতু অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত ভূমি,অস্থাৱৰ সম্পত্তি তথা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকা একচেতিয়া অধিকাৰৰ অৱসান ঘটিছিল । এই একেটা দিনতেই জম্মু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি জম্মু কাশ্মীৰ আৰু লাডাখক বিভক্ত কৰিছিল ।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰি কৰা এক সংশোধিত নিৰ্দেশনা অনুসৰি কেৱল মাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ লোকসকলেহে চাকৰিৰ ক্ষেত্ৰত কৰিব পাৰিব আবেদন । এই নিৰ্দেশনাত এই কথাওঁ উল্লেখ কৰা হ'ল যে,কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বাহিৰৰ লোকেও চৰকাৰৰ প্ৰশাসনিক চাকৰিত কাম কৰিব পাৰিব ।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত জাৰি কৰা এটা নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মাত্ৰ গ্ৰুপ ডি আৰু অনাপ্ৰবিস্ত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্থানীয় বাসিন্দাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । ইয়াৰ দ্বাৰা এইটো নিশ্চিত হ'ল যে,দেশৰ যিকোনো অঞ্চলৰ লোকে শীৰ্ষ পদবীৰ চাকৰিৰ ক্ষেত্ৰত অঞ্চলটোত আবেদন কৰিব পাৰিব । জম্মু কাশ্মীৰৰ বাবে নিৰ্ণয় কৰা পৰিগাঁঠা অনুসৰি ১৫ বছৰৰ অধিক সময় বসবাস কৰা লোকে অঞ্চলটোত স্থায়ী বাসিন্দা হ'বৰ বাবে যোগ্যতা অৰ্জন কৰিব । চৰকাৰৰ নতুন অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কোনো কৰ্মচাৰীয়ে যদি সতি-সন্ততিসহ ১০ বছৰৰ অধিক সময় জম্মু কাশ্মীৰত সেৱা কৰি আছে তেওঁলোকেও অৰ্জন কৰিব স্থায়ী বাসিন্দা হোৱাৰ যোগ্যতা ।

উল্লেখ্য যে, ২০১৯ চনৰ ৫আগষ্টৰ পূৰ্বে জম্মু কাশ্মীৰৰ স্থায়ী বাসিন্দাৰ যোগ্যতা নিৰ্ধাৰণৰ সাংবিধানিক ক্ষমতা আছিল একমাত্ৰ বিধান সভাৰ ওপৰত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.