নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ দেশত কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে বৃদ্ধি কৰা হয় লক্ ডাউনৰ সময়-সীমা । ইয়াৰ লগে-লগে সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞাৰ সময়-সীমাও এতিয়া বৃদ্ধি কৰা হৈছে । বৰ্তমানে ৩ মে'ৰ নিশা ১১.৫৯ বজালৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে বিমান চলাচলত । মঙলবাৰে এই কথা সদৰি কৰিছে চিভিলি এভিয়েশ্বন মন্ত্ৰণালয়ে ।
মঙলবাৰে প্ৰধানমন্ত্ৰীৰ দেশবাসীক সম্বোধনৰ পাচতেই গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ইয়াৰ পূৰ্বে ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ সকলো ধৰণৰ বিমান চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । টুইটাৰ যোগে বিমান সেৱা বাতিলৰ সময়-সীমা বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰা হৈছে ।