নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰীঃ দুগ্ধজাত খণ্ডক বিকশিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে বুধবাৰে 4,558 কোটি টকাৰ আঁচনি ৰূপায়ন কৰে ৷ য’ৰ পৰা 95 লাখ কৃষক লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই আঁচনিত অনুমোদন জনাই ইয়ে পৰৱৰ্তী পৰ্যায়ৰ ‘‘শুভ্ৰ বিপ্লৱ’’ৰ সূচনা কৰিব বুলি উল্লেখ কৰে ৷
ইয়াৰোপৰি তেওঁ প্ৰকাশ কৰে যে এই আঁচনিৰ পৰা পাবলগীয়া লাভাংশ 2% ৰ পৰা 2.5% লৈ বৃদ্ধি কৰা হৈছে ৷
উল্লখ্য যে এই দুয়োটা সিদ্ধান্তই কৃষক সম্প্ৰদায়ৰ বাবে লাভদায়ক হ’ব বুলি মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷
আৰু পঢ়কঃস্বামীৰ সৈতে বিবাহ বিচ্ছেদ দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ প্ৰধান স্বাতী মালিৱালৰ