ETV Bharat / bharat

ভাৰত-বাংলাদেশৰ সম্বন্ধৰ ‘সোণালী অধ্যায়’ ক্ৰমান্বয়ে উন্মোচিত হ’ব ধৰিছে

author img

By

Published : Jul 30, 2020, 2:47 PM IST

বিগত মাৰ্চ মাহৰ আৰম্ভণিৰে পৰা ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্ব তথা ভাতৰবৰ্ষক গ্ৰাস কৰাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতপ্ৰায় ছাৰ্ক (SAARC) ফ’ৰামক পুনৰুজ্জীৱিত কৰি ক’ভিড মহামাৰীৰ বিৰুদ্ধে দক্ষিণ এছিয়াৰ এক উমৈহতীয়া প্ৰতিৰোধ গঢ়ি,দূৰ্বল হৈ পৰা ‘প্ৰতিৱেশী অগ্ৰাধিকাৰ নীতি’ক সবল কৰি তুলিব বিচাৰিছে ৷ আনকি তেওঁ মহামাৰীৰ বিৰুদ্ধে এক মুদ্ৰানিধিও গঠন কৰি প্ৰতিৱেশী সকলৰ লগত সৰ্বোত্তম প্ৰথাৰ বিষয়ে আলোচনাও কৰিছে ৷

India - Bangladesh ties is unraveling
India - Bangladesh ties is unraveling

বিগত মাৰ্চ মাহৰ আৰম্ভণিৰে পৰা ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্ব তথা ভাতৰবৰ্ষক গ্ৰাস কৰাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতপ্ৰায় ছাৰ্ক (SAARC) ফ’ৰামক পুনৰুজ্জীৱিত কৰি ক’ভিড মহামাৰীৰ বিৰুদ্ধে দক্ষিণ এছিয়াৰ এক উমৈহতীয়া প্ৰতিৰোধ গঢ়ি,দুৰ্বল হৈ পৰা ‘প্ৰতিৱেশী অগ্ৰাধিকাৰ নীতি’ক সবল কৰি তুলিব বিচাৰিছে ৷ আনকি তেওঁ মহামাৰীৰ বিৰুদ্ধে এক মুদ্ৰানিধিও গঠন কৰি প্ৰতিৱেশী সকলৰ লগত সৰ্বোত্তম প্ৰথাৰ বিষয়ে আলোচনাও কৰিছে ৷

যি নহওক,ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে ভাৰতবৰ্ষক বিশ্বৰ দেশসমূহৰ ভিতৰত ‘ক’ভিড-১৯ পজিটিভ’ তালিকাখনত তৃতীয় স্থানলৈ ঠেলি দিলে ৷ ইয়াৰ সমান্তৰালকৈ নতুন দিল্লীৰ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ প্ৰতি থকা নীতি এনে এক গতিত প্ৰকত হোৱা পৰিলক্ষিত হৈছে, যিটোৰ কথা নতুন দিল্লীয়ে আশা তথা কল্পনাও কৰা নাছিল ৷ মালদ্বীপক বাদ দি “দক্ষিণ এছীয় আঞ্চলিক সহযোগী সংঘ” (SAARC)ৰ সদস্যসমূহৰ অনান্য প্ৰতিৱেশী ৰাষ্ট্ৰসমূহ, অকল নতুন দিল্লীয়ে মহামাৰীক প্ৰতিৰোধ কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ প্ৰতিয়ে নহয় বৰঞ্চ আঞ্চলিক সম্বন্ধ বৰ্তাই ৰাখিবলৈ লোৱা প্ৰচেষ্টাৰ ক্ষেত্ৰতো খুবেই অসুখী বুলি অনুমান কৰিব পাৰি ৷ সম্প্ৰতি এই দেশসমূহে নিজৰ উন্নয়নয়নমূলক প্ৰয়োজনীয়তাবোৰ পূৰাবলৈ বেইজিঙৰ পৰমুখাপেক্ষী হ’বলৈহে পছন্দ কৰে ৷

বিশেষকৈ নতুন দিল্লীৰ বাবে বেদনাদায়ক বিষয়টো হ’ল ভাৰত-বাংলাদেশ সম্পৰ্কৰ ‘সোণালী অধ্যায়’ বা ‘গ’ল্ডেন চেপ্টাৰ’, যি বিশেষকৈ দুয়ো দেশৰ মাজত থকা কিছুমান কন্টকময় সস্যাসমূহ সমাধানৰ উদ্দেশ্যে স্বাক্ষৰিত হোৱা সামুদ্ৰিক আৰু স্থল সীমাৰ চুক্তিখনৰ পাচত বিগত পাঁচবছৰত প্ৰস্ফূটিত হৈছিল,এতিয়া সেই ‘সোণালী অধ্যায়েই’ দ্ৰুত গতিত স্খলন হোৱাৰ দিশে গতি কৰিছে ৷

নতুন দিল্লীয়ে দায়িত্ববাহী ৰাষ্ট্ৰদূত ৰিৱা গাংগুলী দাসক নিযুক্তি দিয়াৰ মাত্ৰ ১৬ মাহৰ পাচতেই উভতাই আনি তেওঁৰ ঠাইত নতুন ৰাষ্ট্ৰদূত এজনক ঢাকালৈ পঠিয়াবলৈ লোৱা সিদ্ধান্তই এই সংক্ৰান্তত নতুন দিল্লীৰ উদ্বেগক স্পষ্ট কৰে ৷ আপাতদৃষ্টিত দাস সচিব পৰ্যায়ৰ পদলৈ পদোন্নতি লৈ উভতি আহিছে ৷ কিন্তু এইটোও সঁচা যে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয় অকল অধিকাৰীক পদলৈকে সীমিত নহয় ৷ এইটো এটা অতি উচ্চ পৰ্যায়ৰ ৰাজনৈতিক পদ ৷ আনকি ইয়াত সৰহসংখ্যক জ্যেষ্ঠ কাৰ্যকালৰ কুটনীতিবিদক নিযু্ক্তি দি অহা হৈছে ৷ বাংলাদেশৰ জন্মৰ পৰাই ভাৰতীয় ৰাষ্ট্ৰদূতজন ঢাকাত উচ্চ পৰ্যায়লৈকে ঘনিষ্ঠতা থকা এজন অতি গুৰুত্বপূৰ্ণ লোক ৷ বিশেষভাৱে বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ কাৰ্যকালত ঢাকাৰ শীৰ্ষস্থানীয় ক্ষমতাসীনসকলৰ লগত বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্তসকলৰ সদায়ে এক অতি ঘনিষ্ঠ সম্পৰ্ক আছিল ৷

ঠিক একেদৰেই,বাংলাদেশৰ ৰাষ্ট্ৰদূতসকল;অতি শেহতীয়াকৈ ভূতপূৰ্ৱ উচ্চায়ুক্ত ছৈয়দ মুৱাজ্জেম আলিয়ে নতুন দিল্লীৰ মোদী চৰকাৰ তথা পূৰ্ৱৰ চৰকাৰৰ ভিতৰচৰালৈকে এক অবাধ ঘনিষ্ঠতা উপভোগ কৰিছিল ৷ কিন্তু এই অবাধ সম্পৰ্কৰ প্ৰশ্নটো উপজিছে দুয়োখন ৰাষ্ট্ৰৰ ৰাজধানীৰ ৰাজনৈতিক নেতৃত্বৰ মাজত থকা ঘনিষ্ঠতাৰ পৰা ৷ আৰু এই সম্পৰ্ক বিগত বৰ্ষত ঢাকাত স্পষ্ট ৰূপত তিক্ততাপূৰ্ণ হৈ পৰিছে ৷ এইয়া অকল চৰকাৰী স্তৰতে হোৱা নাই ৷ আনকি বাংলাদেশী সাধাৰণ লোকসকলো ভাৰতীয় শাসনাধিষ্ঠ বি জে পি চৰকাৰখনৰ ওপৰত বিভিন্ন কাৰণত গভীৰভাৱে অসন্তুষ্ট হৈ আছে ৷ বিজেপি নেতৃত্বই ৰাজনৈতিক টিপ্পনীৰ মাজতে বাংলাদশী সকলক ‘উই’ পৰুৱাৰ লগত কৰা তুলনাই বাংলাদেশী নাগৰিকক ক্ষোভিত কৰিছে আৰু যাৰ ফলত শ্বেখ হাছিনাৰ বাবে সম্বন্ধৰ উঞ্চতা বৰ্তাই ৰখাটো কঠিন হৈ পৰিছে ৷ বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানক সংখ্যালঘু সকলৰ উৎপীড়নকাৰী দেশ হিচাপে চিহ্নিত কৰা “ভাৰতীয় নাগৰিকত্ব সংশোধনী আইন”খনৰ বাবেও তেওঁৰ চৰকাৰ বিপত্তিৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ এক অত্যন্ত আৱেগিক আৰু সাংস্কৃতিক সম্পৰ্কৰ লগত সাম্প্ৰদায়িক ৰং মিহলোৱা কাৰ্য বাংলাদেশৰ অনুকুলে নগ’ল৷ ছাৰ্ক দেশসমূহৰ ভিতৰত সৰ্বাধিক বাৰ্ষিক দহ বিলিয়ন ডলাৰৰো অধিক অৰ্থনৈতিক সম্পৰ্কৰ বুনিয়াদেও ভাৰতীয় সংখ্যাগৰিষ্ঠ প্ৰৱণতাক ৰোধ কৰিব পৰা নাই আৰু ই ভাৰতৰ পৰা ধ্যান আঁতৰাই নিছে ৷

ৰিৱা গাংগুলী দাসে চাৰিমাহৰ ভিতৰতো বাংলাদেশ প্ৰধানৰ সাক্ষাৎ নোপোৱা বিষয়টোত সম্পৰ্কৰ এই তিক্ততাবোৰ প্ৰতিফলিত হৈছিল ৷ এইয়া এক অশ্ৰুত অখ্যাত কথা ৷ দাসে ২০১৯ চনত শ্বেখ হাছিনাৰ নিৰংকুশ বিজয়ৰ পাচতেই নিজৰ পূৰ্ৱৰ কাৰ্যকালক সফলতাৰে অনুকৰণ কৰি দ্বিপাক্ষিক সম্পৰ্কক এক নতুন উচ্চতালৈ নিয়াৰ আশাৰে ঢাকাত সাংস্কৃতিক পৰামৰ্শদাতা পদত যোগদান কৰিছিল৷ তেওঁ এই পদত বৰ্তমানৰ ভাৰতৰ বৈদেশিক সচিব হৰ্ষ বৰ্দ্ধন শ্ৰীংলাৰ উত্তৰসূৰী হিচাপে অভিষিক্ত হৈছিল ৷ কিন্তু প্ৰত্যাশাবোৰ নফলিয়ালে আৰু সম্বন্ধৰ উঞ্চতা আৰু তাৰ বহুপাক্ষিক লাভালাভবোৰক পুনৰ উদ্ধাৰ কৰিবলৈ অতি সন্মানিত আৰু মান্য কূটনীতিবিদ হিচাপে প্ৰসিদ্ধ বিক্ৰম দৈৰাইস্বামীক বৈদেশিক মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰৰ দাৰা দাসৰ স্থলাভিষিক্ত কৰা হয় ৷

ভাৰতৰ প্ৰচেষ্টাবোৰ যেনে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কবোৰ পুনৰুজ্জীৱিত কৰি তুলিবলৈ দহোটা ল’ক’ম’টিভ হস্তান্তৰ কৰণ,মাত্ৰ এসপ্তাহৰ পূৰ্ৱে দ্বিপাক্ষিক সামুদ্ৰিক সম্পৰ্কত উল্লেখযোগ্য মাইলৰ খুটি হিচাপে প্ৰথমন সামগ্ৰী বাহক কন্টেইনাৰ কাৰ্গ’ কলকাতাৰ পৰা চাত্ত’গ্ৰাম (চিতাগং) বন্দৰ হৈ আগৰতলা পাইছেগৈ ৷

ভাৰতৰ এইসমূহ সংযোগী প্ৰকল্প,২০১৯ চনৰ অক্টোবৰত শ্বেইখ হাচিনাৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতে আগবঢ়োৱা এক সাহায্য প্ৰদান কৰ্মসূচীৰ অংশ আছিল ৷ কিন্তু দুয়ো দেশৰ মাজত হোৱা যি ৰাজনৈতিক ক্ষতিয়ে বহু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ঢাকাক দিল্লীৰ পৰা আঁতৰি বেইজিঙৰ ফালে আকৰ্ষিত হ’বলৈ বাধ্য কৰোৱালে সেই ক্ষত স্থানত মলম সানিবলৈ এই সমূহ সাহায্য যথেষ্ট নহ’ব ৷

চীনে শেহতীয়াকৈ ভাৰতৰ তুলনাত বাংলাদেশলৈ উন্নয়নমূলক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত এক আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰিছে ৷ ইয়াৰ ভিতৰত আছে কক্স বাজাৰৰ পেকুৱাত এক আধুনিক ছাবমেৰিণ ঘাটি নিৰ্মাণ কৰা,গুৰুত্বপূৰ্ণ বংগোপ সাগৰত পহৰা দিয়া,বাংলাদেশী নৌ-বাহিনীক দুখন ছাবমেৰিণ অৰ্পণ কৰা, ভাৰতৰ উত্তৰ-পূৱৰ বাবে অতি উল্লেখনীয়ভাৱে, চিলেট আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এক টাৰ্মিনেল নিৰ্মাণৰ ঠিকা বেইজিং আৰ্বান নিৰ্মাণ সংস্থাক দিয়া ৷ চিলেট ভাৰতৰ পূৰ্ৱ প্ৰান্তৰ অসমৰ সীমান্তৱৰ্তী ৷

কেইবাখনো উত্তৰ-পূৰ্ৱীয় ৰাজ্যত সন্ত্ৰাসবাদ দমন কৰিব নোৱাৰাৰ অন্যতম কাৰণ হ’ল ক্ৰমাগতভাৱে বাংলাদেশে সন্ত্ৰাসবাদী সংগঠনসমূহলৈ আগবঢ়োৱা সহযোগিতা ৷ সম্পৰ্কৰ অৱনতিয়ে এনে পৰ্যায় পালেগৈ যে আনকি শ্বেইখ হাচিনাই পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ লগত কাশ্মীৰ সমস্যা সম্পৰ্কেও আলোচনা কৰে ৷ ভাৰত হয়তো এক কঠিন ক্ৰমৱৰ্দ্ধমান নিৰাপত্তাজনিত সমস্যাৰ সন্মুখিন হ’বগৈ পাৰে আৰু ই অনাগত দিনবোৰত দেশখনক অৰ্থনৈতিক পুনৰুত্থানৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিব ৷

অধিকাৰিক মন্তব্যবোৰৰ পৰাও সংযোগহীনতাৰ বিষয়টো পৰিলক্ষিত হয় ৷ বাংলাদেশৰ তথ্য মন্ত্ৰী হাচান মাহমুদে বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ কথা ক’বলৈ গৈ বাংলাদেশৰ সৃষ্টিৰ কথা উনুকিয়াই কয়,“ভাৰতে বাংলাদেশৰ স্বাধীনতাৰে পৰা ইয়াৰ অৰ্থনৈতিক উন্নয়নত অবিৰতভাৱে সহায় কৰি আহিছে ৷” তেওঁ আৰু কয়, “স্বাধীনতাৰ মহান যুজখনত লোৱা ঐতিহাসিক ভূমিকাৰ বাবে ধন্যবাদৰ প্ৰাপ্ত”৷ ইফালে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই পাকিস্তান আৰু বাংলাদেশ প্ৰধানৰ কাশ্মীৰক লৈ হোৱা আলোচনাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে এইদৰে কয়, “টাইম-টেষ্টেড আৰু ঐতিহাসিক” আৰু একেসময়তে তেওঁ বাংলাদেশে জন্মু আৰু কাশ্মীৰক ভাৰতৰ ‘আন্তৰিক বিষয়’ বুলি অভিহিত কৰা কাৰ্যক প্ৰশংসাও কৰে ৷

পাকিস্তানত বাংলাদেশে কাশ্মীৰৰ বিষয়ে উল্লেখ কৰা কাৰ্য ভাৰতৰ পক্ষে এক শুভ ভৱিষ্যতৰ লক্ষণ নহয় ৷ কিয়নো চীনে আওপকীয়াকৈ অহৰহ গতিত ভাৰাসাম্য নিজৰ ফাললৈ নিবলৈ চেষ্টা চলাই আছে ৷ এক “গৌৰৱোজ্জল অতীত”ক সুঁৱৰিলেই জানো দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা আৰু পালন কৰাৰ বাবে যথেষ্ট হ’ব ? সেই কথা কেৱল সময়েহে ক’ব পাৰিব ৷

লেখক : নিলোভা ৰয় চৌধুৰী

লগতে পঢ়ক : ৩১ আগষ্টৰ পৰা বিধানসভাৰ চমু অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.