ETV Bharat / bharat

বিশ্বৰ বিভিন্ন দেশত কৰ'ণাৰ প্ৰভাৱ

বিশ্বজুৰি ইতিমধ্য়ে ৮ কোটি ৮৫ লাখ ১২ হাজাৰ ২৪০ গৰাকীৰো অধিক লোক কৰ'ণাত সংক্ৰমিত হৈছে আৰু ইয়াৰে ১৯ লাখ ৬ হাজাৰ ৮৫৩ গৰাকী লোকৰ এতিয়ালৈ মৃত্য়ু হৈছে । সমান্তৰালকৈ এই ৰোগৰ পৰা আৰোগ্য় হৈছে বিশ্বৰ প্ৰায় ৬ কোটি ৩৬ লাখ ১৯ হাজাৰ ৯৭৯ গৰাকী লোক ।

author img

By

Published : Jan 8, 2021, 6:01 PM IST

বিশ্বৰ বিভিন্ন দেশত কৰ'ণাৰ প্ৰভাৱ
বিশ্বৰ বিভিন্ন দেশত কৰ'ণাৰ প্ৰভাৱ

নিউজ ডেস্ক , ৮ জানুৱাৰী : ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি চলি থকাৰ মাজতো বিশ্বজুৰি কৰ'ণাত আক্ৰান্ত হৈ আছে বহু লোক । তথ্য় অনুসৰি বিশ্বজুৰি ইতিমধ্য়ে ৮ কোটি ৮৫ লাখ ১২ হাজাৰ ২৪০ গৰাকীৰো অধিক লোক কৰ'ণাত সংক্ৰমিত হৈছে আৰু ইয়াৰে ১৯ লাখ ৬ হাজাৰ ৮৫৩ গৰাকী লোকৰ এতিয়ালৈ মৃত্য়ু হৈছে । সমান্তৰালকৈ এই ৰোগৰ পৰা আৰোগ্য় হৈছে বিশ্বৰ প্ৰায় ৬ কোটি ৩৬ লাখ ১৯ হাজাৰ ৯৭৯ গৰাকী লোক ।

বিশ্বৰ বিভিন্ন দেশত কৰ'ণাৰ প্ৰভাৱ
বিশ্বৰ বিভিন্ন দেশত কৰ'ণাৰ প্ৰভাৱ

বিশ্বৰ বিভিন্ন দেশ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে কৰ'ণাৰ ফলত । বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি প্ৰভাৱান্বিত হৈছে আমেৰিকা । দেশখনত এতিয়ালৈ ২ কোটি ২১ লাখ ৩২ হাজাৰ ৪৫ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্য়ু হৈছে ৩ লাখ ৭৪ হাজাৰ ১২৪ গৰাকী লোকৰ ।

শেহতীয়াকৈ ব্ৰিটেইনত ধৰা পৰিছে কৰ'ণাৰ নতুন সংস্কৰণ । যাৰ বাবে দেশখনত তৃতীয় বাৰৰ বাবে লকডাউন ঘোষণা কৰিব লগা হৈছে । সংবাদমাধ্য়মত প্ৰকাশ পোৱা মতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সংসদত কৈছে যে দেশত কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে লকডাউনৰ মাজতে ব্য়ক্তিসাপেক্ষে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অব্য়াহত থাকিব । লগতে দেশখনত কৰ'ণাৰ নতুন সংক্ৰমণ ধৰা পৰাৰ পিছত চৰকাৰৰ তৃতীয় লকডাউন ঘোষণা কৰা কথা উচিত আছিল বুলিও মন্তব্য় কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । বিগত বছৰৰ পৰা আৰম্ভ হোৱা লকডাউনৰ ফলত দেশখনৰ প্ৰায় ৪,০০০ বিত্তীয় সেৱা চৰম লোকচানৰ সন্মুখীন হ'ব লগা হৈছে । ইফালে বিত্তীয় নিয়ন্ত্ৰকৰ এক সমীক্ষাত পোহৰলৈ আহিছে যে ইংলেণ্ডৰ ২৩ হাজাৰ উদ্য়োগৰ প্ৰায় ৫৯ শতাংশ উদ্য়োগে কৰ'ণাৰ বাবে উপাৰ্জনৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ দেখিছে ।

ইফালে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত কৰ'ণাৰ নতুন সংক্ৰমণ দেখাৰ পিছতে ফ্ৰাঞ্চৰ প্ৰধানমন্ত্ৰীৰ ঘোষণা যে ফ্ৰাঞ্চত ৰেষ্টোৰা, সুৰাৰ বিপনী, ছবি গৃহ আদি জানুৱাৰী মাহত পুনৰ খোলা নহ'ব ।সমান্তৰালকৈ ভাৰত, ব্ৰাজিল , ৰাছিয়া আদিটো যথেষ্ট লোক আক্ৰান্ত হৈছে মহামাৰীত । লগতে দেশসমূহৰ বিভিন্ন ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হোৱাৰ আঁৰত গ্ৰাম্য পঞ্চায়তঃ ওম বিৰলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.