নিউজ ডেস্ক, 4 আগষ্ট : সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হ'ললৈ প্ৰায় 1,84,47,759 ৰো অধিক ৷ আনহাতে, বৰ্তমানলৈকে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 6,97,245 ৰো অধিক লোকে ৷ বৰ্তমান আৰোগ্য হৈ উঠিছে 1,16,80,369 লোক ৷
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কয় যে, কৰ'ণা ভাইৰাছে শিক্ষাখণ্ডক সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিলে ৷ জুলাইৰ মাজভাগ পৰ্যন্ত 160 খনৰো অধিক দেশৰ প্ৰায় 1 বিলিয়ন ছাত্ৰৰ শিক্ষাত বাধা আহি পৰিছে ৷
সাধাৰণ সচিব অন্টনিঅ' গুটেৰেছে মঙলবাৰে কয় যে, এই বৰ্ষৰ প্ৰাৰম্ভিক শিক্ষাত বিশ্বৰ প্ৰায় 40 মিলিয়ন শিশুৰ শিক্ষা বাধাগ্ৰস্ত হৈছে ৷
বিশ্বৰ সৰ্বাধিক আক্ৰান্তৰ তালিকাত প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ ইয়াত আক্ৰান্তৰ সংখ্যা 4.8 মিলিয়ন হোৱাৰ বিপৰীতে মৃত্যু হৈছে 158 হাজাৰ লোক ৷ ইয়াৰ পাচতে থকা ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা 2.75 মিলিয়ন আৰু মৃতকৰ সংখ্যা 94,702 গৰাকী ৷ তৃতীয় স্থানত আছে ভাৰত ৷
ভাৰতত বৰ্তমান পৰ্যন্ত আক্ৰান্ত হৈছে 18,55,745 গৰাকী লোক ৷ এটা দিনত ভাৰতত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে 52,050 গৰাকী ৷ মৃতকৰ সংখ্যা হৈছেগৈ 38,938 গৰাকী ৷ আনহাতে, আৰোগ্য হৈ উঠিছে প্ৰায় 12 লাখ লোক ৷
লগতে পঢ়ক : শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সেনাই নিস্ক্ৰিয় কৰিলে IED