ETV Bharat / bharat

বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প প্ৰশাসনৰ ওপৰত অভিযোগ উত্থাপন চীনৰ বিদেশ মন্ত্ৰণালয়ৰ । আমেৰিকাই কৰ'ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ বুলি অভিযোগ চীনৰ বিদেশ মন্ত্ৰণালয়ৰ ।

কৰ'ণা ভাইৰাছ
কৰ'ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ ট্ৰাম্প প্ৰশাসনঃ চীনৰ বিদেশ মন্ত্ৰণালয়
author img

By

Published : Jun 2, 2020, 12:17 PM IST

নিউজ ডেস্ক, ২ জুনঃ বৰ্তমান পৰ্যন্ত বিশ্বজুৰি মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৬৩,৬৫,১৭৩ জন ব্যক্তি । তৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে ৩,৭৭,৩৯৭ জন লোকৰ । আৰোগ্য হৈ উঠিছে ২৯,০৩,৩৮২ গৰাকীৰো অধিক লোক ।

কৰ'ণা ভাইৰাছ
কৰ'ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ ট্ৰাম্প প্ৰশাসনঃ চীনৰ বিদেশ মন্ত্ৰণালয়

আনহাতে, চীনত পুনৰ ৫জনকৈ ব্যক্তিৰ দেহত লাভ কৰা হয় কৰ'ণাৰ উপস্থিতি । বহিঃৰাষ্ট্ৰৰ পৰা চীনলৈ যোৱা নাগৰিৰ দেহতে দেশখনত পুনৰ ভাইৰাছৰ উপস্থিতি লাভ কৰা বুলি জানিবলৈ দিয়ে ।

তাৰোপৰি চীনত বিগত সপ্তাহৰ পৰা পুনৰ বিদ্যালয়সমূহ খোলাৰ উপৰিও দেশখনৰ অৰ্থব্যৱস্থাৰ অধিকাংশ নিয়মিতভাৱে স্বাভাবিক ৰূপলৈ ঘূৰি আহিবলৈ ধৰিছে । মধ্য চীনৰ উহান চহৰৰ দৰে সামাজিক দূৰত্ব বজাই ৰাখি তথা অন্যান্য উপায়েৰে কৰ'ণা প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে সোমবাৰে পুনৰ চীনৰ বিদেশ মন্ত্ৰণালয়ে ট্ৰাম প্ৰশাসন কৰ'ণা ভাইৰাছ ৰোধ কৰাত বিফল বুলি অভিযোগ উত্থাপন কৰে । লগতে ভাইৰাছ প্ৰতিৰোধ কৰিবলৈও বিদেশ মন্ত্ৰণালয়ে কিছু উপদেশ দিয়ে ট্ৰাম্প প্ৰশাসনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.