নিউজ ডেস্ক, 3 জুনঃ দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে দেশৰ সকলো প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ আছে চিৰিয়াখানা সমূহ ৷ ব্যতিক্ৰম নহয় কৰ্ণাটকৰ মায়ছুৰুৰ শ্বমৰজেন্দ্ৰ ম্ৰুগল্য চিৰিয়াখানাও ৷ বিগত আঢ়ৈ মাহ আৰ্থিক সংকটৰ মাজেৰে অতিবাহিত কৰা চিৰিয়াখানাখনলৈ এই দুখৰ দিনৰ মাজতো এক সুখৰ সংবাদ কঢ়িয়াই আনিছে চিৰিয়াখানা খনৰ পৰিয়ালটোৰ এজন সদস্যই ৷ মাৰি নামৰ জিৰাফ জনীয়ে চিৰিয়াখানাত প্ৰথমবাৰৰ বাবে জন্ম দিলে এটা সন্তান ৷ নতুন সন্তানটিয়ে বৰ্তমান আশাৰ সঞ্চাৰ কৰিছে পৰিয়ালটিৰ সদস্য সকলৰ মাজত ৷
চিকিৎসকে মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্য সুস্থ বুলি জানিবলৈ দিছে ৷ কৰ্ণাচকৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে আগন্তুক চাৰি দিনৰ ভিতৰত পুনৰ মুকলি কৰা হ’ব চিৰিয়াখানা খনৰ কাম-কাজ ৷
লগতে পঢ়কঃ চাহ শ্ৰমিকৰ নায্য প্ৰাপ্তিৰ দাবী আটছাৰ