ETV Bharat / bharat

জনা-নজনা: 12 বছৰ বয়সৰ পাচত ল'ৰালৈ পৰিৱৰ্তন হয় ছোৱালী - পাপুৱা নিউগিনি

এখন গাঁৱত 12 বছৰৰ পাচতে ল'ৰালৈ পৰিৱৰ্তন হয় ছোৱালী ৷ কিন্তু কিয় সেই গাঁৱত সংঘটিত হয় এনে ঘটনা ? ক'ত আছে সেই গাঁও ? জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 28, 2020, 9:47 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰ: ছোৱালীবোৰ ল'ৰা হৈ যায় ৷ চিনেমা বা সাধুৰ কাহিনী নহয়, বাস্তৱত এনে হয় ৷ 12 বছৰ বয়সলৈ ছোৱালী তাৰ পাচত ল'ৰা ৷ নামো পৰিৱৰ্তন কৰি দিয়া হয়, যিহেতু লিংগৰ পৰিৱৰ্তন ঘটে ৷ এখন গাঁৱত 12 বছৰৰ পাচতে লিংগ পৰিৱৰ্তন কৰে বহু লোকে ৷

আশ্বৰ্যকৰ সেই গাঁওখন ডমিনিকান গণৰাজ্যৰ চেলিনাছ ৷ লিংগ পৰিৱৰ্তনৰ তথ্য পোৱা মতে, বহুতৰ মাজত কোনো এগৰাকী লোকেহে ইয়াৰ বাবে আগ্ৰহী ৷ কিন্তু চেলিনাছত ঘৰে প্ৰতি ঘটে এনে ঘটনা ৷ দিনৰ পাচত দিন ধৰি এনেদৰেই চলি আছে গাঁওখন ৷ যাৰ বাবে সেই গাঁৱত এনে ঘটনা তেনেই স্বাভাৱিক হৈ পৰিছে ৷ এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, পাপুৱা নিউগিনিৰ চাম্বিয়ান গাঁৱতো পৰিলক্ষিত অনুৰূপ বিষয় ৷ চেলিনাছত এই বিষয়টো ইমানেই বেছি সাধাৰণ যে, তাত লিংগ পৰিৱৰ্তন কৰা লোকসকলৰ দুটি বিশেষ নামো আছে ৷ নাম দুটা হ'ল "গুৱেভেডোচেছ" আৰু "মাচিহেমব্ৰাছ ৷" যাৰ অৰ্থ হ'ল ক্ৰমে "12 বছৰৰ লিংগ" আৰু "প্ৰথমে নাৰী, পাচত পুৰুষ ৷"

এগৰাকী গৱেষকৰ মতে, মানৱ শৰীৰত এটা এমজাইমৰ অভাৱ হ'লেই জীনিয় পৰৱৰ্তন দেখিবলৈ পোৱা যায় ৷ মাতৃ গৰ্ভৰে এই এনজাইমে নিৰ্ধাৰণ কৰে কোন ল'ৰা হ'ব আৰু কোন ছোৱালী হ'ব ৷ আনহাতে গৰ্ভাৱস্থাত ল'ৰাই হওক বা ছোৱালীয়েই হওক সকলোৰে "গ'নাডছ" নামৰ এটা কমন হৰমন থাকে ৷ এই হৰমনৰ অভাৱৰ বাবেই এনে ঘটনা সেই গাঁৱত লক্ষ্যণীয় বুলি উল্লেখ কৰে এগৰাকী গৱেষকে ৷ লগতে এই হৰমন পৰিৱৰ্তন 12 বছৰ বয়সৰ পাচতহে দেখিবলৈ পোৱা যায় বুলিও উল্লেখ কৰে ৷

কিন্তু ইয়াতে এটা প্ৰশ্নৰ উদয় হয় যে, এই এনজাইমৰ সমস্যা কেৱল ছোৱালীৰ পৰা ল'ৰালৈ কিয় হয় ? ল'ৰাৰ পৰা ছোৱালীলৈ কিয় নহয় ? ইয়াৰ উত্তৰ বৰ্তমানেও বিচাৰি আছে গৱেষকে ৷ ইয়াৰ মাজতেই ডমিনিকান গণতন্ত্ৰৰ সেই গাঁৱত 90 জনীকৈ ছোৱালীয়ে নিজকে ল'ৰালৈ পৰৱৰ্তন কৰিছে ৷

লগতে পঢ়ক: জনা-নজনা: হেংঅভাৰৰ বাবে ছুটি দিয়া কোম্পানীটো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.