ETV Bharat / bharat

বিশাখাপট্টনমৰ গেছ নিৰ্গমণ নিয়ন্ত্ৰণলৈ আহিছে : এলজি কেম

author img

By

Published : May 7, 2020, 3:41 PM IST

গেছ নিৰ্গমণ বৰ্তমানে নিয়ন্ত্ৰণলৈ আহিছে, যদিও বাহিৰ হৈ যোৱা গেছে মুৰঘুৰণিৰ লগতে অচেতন কৰিব পাৰে লোকসকলক । সেয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছো আৰু যথোপথুক্ত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে ।

বিশাখাপট্টনমৰ গেছ নিৰ্গমণ নিয়ন্ত্ৰণলৈ আহিছে

নিউজ ডেস্ক, ৭ মে' : বিশাখাপট্টনমৰ ভয়ংকৰ গেছ নিৰ্গমণ ঘটনাৰ পিচতেই পলিমাৰ প্লান্টৰ স্বত্বাধিকৰী দক্ষিণ কোৰিয়াৰ সংস্থা এলজি কেমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, প্ৰতিষ্ঠানটোৰ ভাৰতীয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে আৰু সকলো দিশ তদাৰক কৰি থকা হৈছে ।

প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে গেছ নিৰ্গমণ নিয়ন্ত্ৰণলৈ আহিছে যদিও বাহিৰ ওলাই অহা গেছে আশে-পাশে থকা লোকসকলৰ যথেষ্ট ক্ষতিসাধণ কৰিব পাৰে । যাৰ ফলত ইতিমধ্যে সমগ্ৰ অঞ্চলটো খালী কৰি দিয়া হৈছে । ঘটনাৰ সকলো দিশ তদন্ত কৰি থকা হৈছে বুলি প্ৰকাশ কৰাৰ লগতে কি কাৰণত গেছ নিৰ্গমণ হ'বলৈ পালে সেই সন্দৰ্ভতো তদন্ত চলি আছে ।

উল্লেখ্য যে, নিশা প্ৰায় ৩ মান বজাৰ পৰা গেছ নিৰ্গমণ হৈ অঞ্চলটোৰ আশে পাশে থকা প্ৰায় হাজাৰোধিক লোক আক্ৰান্ত হৈ পৰে আৰু ৮ গৰাকীৰো অধিক লোক মৃত্যুমুখত পৰিছে । ইতিমধ্য়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনা সন্দৰ্ভত জৰুৰীকালীন আলোচনাত মিলিত হৈছে । আনহাতে তেলেগু দেশম পাৰ্টীয়ে সমগ্ৰ ঘটনাৰে এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে । অন্ধ্ৰ প্ৰদেশ চৰকাৰে ঘটনাৰ সকলো দিশ তদাকৰ কৰি থকাৰ লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.