ETV Bharat / bharat

উত্তৰ প্ৰদেশত এনকাউণ্টাৰত মৃত্যু গেংষ্টাৰ ৰাকেশ পাণ্ডেৰ

লক্ষ্ণৌৰ সৰোজনী নগৰ আৰক্ষী থানাৰ সমীপত এনকাউণ্টাৰত নিহত গেংষ্টাৰ ৰাকেশ পাণ্ডে ৷ উত্তৰ প্ৰদেশ স্পেছিয়েল টাস্ক ফৰ্চৰ সৈতে হোৱা সংঘৰ্ষত নিহত ৰাকেশ পাণ্ডে ৷ কেইবাটাও জঘন্য ঘটনাৰ অপৰাধী তথা গেংষ্টাৰ ৰাকেশ পাণ্ডেৰ শিৰৰ মূল্য ধাৰ্য কৰা হৈছিল 1 লাখ টকা ৷

author img

By

Published : Aug 9, 2020, 11:53 AM IST

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত এনকাউণ্টাৰ গেংগষ্টাৰ ৰাকেশ পাণ্ডে

নিউজ ডেস্ক, 9 আগষ্টঃ বিজেপি নেতা কৃষ্ণানন্দ ৰায়ৰ হত্যাকাণ্ডৰ অভিযুক্ত তথা গেংষ্টাৰ ৰাকেশ পাণ্ডে নিহত ৷ দেওৱাৰে উত্তৰ প্ৰদেশ স্পেছিয়েল টাস্ক ফৰ্চে লক্ষ্ণৌৰ সৰোজনী নগৰৰ আৰক্ষী থানাৰ সমীপত হোৱা এনকাউণ্টাৰত নিহত হয় ৰাকেশ পাণ্ডে ৷ দেওবাৰে আৰক্ষী পৰিদৰ্শক অমিতাভ যশে সদৰি কৰে এই কথা ৷

অমিতাভ যশে কয় যে, লক্ষ্ণৌৰ সৰোজনী নগৰ আৰক্ষী থানাৰ সমীপত উত্তৰ প্ৰদেশৰ স্পেছিয়েল টাস্ক ফৰ্চৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হয় ৰাকেশ পাণ্ডেৰ ৷ উত্তৰ প্ৰদেশৰ মউ জিলাৰ নিবাসী ৰাকেশ পাণ্ডে ওৰফে হনুমান পাণ্ডেৰ শিৰৰ মূল্য ধাৰ্য কৰা হৈছিল 1 লাখ টকা ৷ কেইবাটাও জঘন্য তথা অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল নিহত পাণ্ডে ৷ 2005 চনৰ 29 নৱেম্বৰত মোহাম্মদবাদৰ বিধায়কসহ অন্য 6 জন ব্যক্তিৰ হত্যাৰ আৰোপী আছিল নিহত ৰাকেশ পাণ্ডে ৷

লগতে পঢ়কঃ-কৰ'ণাত আক্ৰান্ত "ভাবী জী পাপড়" খ্যাত মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.