কোৱা হয় যে এজন ৰাজনেতাই কেৱল পৰৱৰ্তী নিৰ্বাচনৰ বিষয়েই ভাৱে, কিন্তু দৰাচলতে এজন ৰাজনেতাই ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাৱে ৷ গান্ধীজীয়ে স্বয়ং নিজকে এজন ৰাজনেতা বুলিয়েই পৰিচয় দিছিল আৰু তেওঁৰ বিচাৰ, শব্দ, কৰ্ম সমাজত মহত্বপূৰ্ণ হিচাপে বিবেচিত আছিল৷ তেওঁ এজন অসাধাৰণ ব্যক্তি আছিল ৷ তেওঁৰ পৱিত্ৰতা আৰু অখণ্ডতাৰ বাবেই মহাত্মা গান্ধী হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ সমাজক তেওঁৰ দৰ্শনে আকৰ্ষিত কৰিছিল ৷ গান্ধীজী মহাপুৰুষতুল্য ব্যক্তি আছিল৷ গৌতম বুদ্ধ, মহাবীৰ জৈন আৰু ইশা মসীহে যেনেদৰে সততা আৰু মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছিল তেনেদৰে গান্ধীজীয়ে সেইসকলৰ জীৱন পৰম্পৰা ধৰ্মীয় নীতি, মানবীয়তাবাদ তথা ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিছিল ৷ তেওঁৰ বিচাৰধাৰা তথা ব্যক্তিত্বই সদাই ভৱিষ্যতৰ প্ৰজন্মক প্ৰেৰণা দিয়ে ৷
আমি বৰ্তমান মানৱ জাতিক বহুবাৰ ধ্বংস কৰি দিব পৰা পৰমাণু শক্তি যুগত আছো ৷ গান্ধীজীৰ অহিংস নীতি দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শক্তিবাদী আন্দোলনৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল ৷ আজিৰ সময়ত প্ৰায় সকলো দেশেই পৰমাণু শক্তিৰ অধিকাৰী যদিও ইয়াক ব্যৱহাৰ কৰা অকল্পনীয় ৷
এবছৰ পূৰ্বে ছুইডিছ স্কুলৰ এগৰাকী 15 বছৰীয়া ছাত্ৰী গ্ৰেটা থুনবাৰ্গে আমাৰ বায়ুমণ্ডলৰ গ্ৰীনহাউচ গেছত বৃদ্ধি আৰু গোলকীয় উত্তাপৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে বিৰোধ কৰি সমগ্ৰ বিশ্বক জগাই তুলিছিল ৷ এই সকলোবোৰ দৰ্শন আছিল গান্ধীজীৰ ৷ বিশ্বত এতিয়াও গান্ধীৰ দৰ্শন অতিকৈ প্ৰাসংগিক বুলি বিবেচিত ৷
গান্ধীজীয়ে বিশ্বক অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ শক্তিশালী উপকৰণ প্ৰদান কৰিছে ৷ তেওঁৰ অহিংস, সত্যাগ্ৰহে বহুতো আন্দোলনক প্ৰভাৱিত কৰিছে ৷ নেলচন মেণ্ডেলা আৰু তেওঁৰ সহযোগীৰ বৰ্ণবাদী আন্দোলনত গান্ধীজীৰ আদৰ্শৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয় ৷ মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ নেতৃত্বত আমেৰিকাত হোৱা নাগৰিক আন্দোলন, বাৰ্মা, ফিলিপিন্স আৰু অন্যান্য দেশৰ গণতন্ত্ৰৰ শান্তিপূৰ্ণ আন্দোলন, বাৰ্লিনৰ ৱালৰ শান্তিপূৰ্ণ পতন আৰু জাৰ্মানীৰ এককীকৰণ, ছোভিয়োট সংঘৰ পতন আদি সকলো মহাত্মা গান্ধীৰ শান্তিপূৰ্ণ আদৰ্শেৰে প্ৰভাৱান্বিত ৷
গান্ধীজীৰ অহিংস নীতিৰ আদৰ্শৰ লগতে ভাৰতবৰ্ষক এক ৰাষ্ট্ৰ এক দেশৰ মাধ্যমত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল ৷ বহুতে ভৱিষ্যতবাণী কৰিছিল যে ভাৰতবৰ্ষ ভাষা, সংস্কৃতিৰে ইমান বেছি বৈচিত্ৰপূৰ্ণ যে এক ৰাষ্ট্ৰ এক দেশ হিচাপে বিফলতা লাভ কৰিব ৷ কিন্তু গান্ধীজীৰ আদৰ্শৰে প্ৰতিফলিত হৈ বৈচিত্ৰপূৰ্ণ ভাৰতবৰ্ষ আজিও এক ৰাষ্ট্ৰ এক দেশ হিচাপে বিশ্বৰ বাবে এক সুন্দৰ উদাহৰণ ৷ এই সফলতা মহাত্মা গান্ধীৰ বিবেচনা, নীতি-আদৰ্শৰ বাবেই সম্ভৱ হৈ উঠিছে ৷
গান্ধীজী আধুনিক বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি যি মহিলা অধিকাৰৰ সপক্ষে কাম কৰিছিল ৷ দ্য ৱীমেন লিবাৰেশ্যন আন্দোলন আৰু নাৰীবাদী ভাৱধাৰাত গান্ধীজীৰ বিচাৰৰ যথেষ্ঠ প্ৰভাৱ আছিল ৷ বিশ্বত য'তেই অন্যায়-উৎপীড়নৰ বিৰুদ্ধে যুঁজাৰ প্ৰেৰণা গান্ধীজীৰ আদৰ্শৰ পৰা লাভ কৰাৰ উদাহৰণ দেখিবলৈ পোৱা যায় ৷
গান্ধীজীয়ে ৰাজনীতিক সাৰ্বজনীন উপকাৰিতা তথা নৈতিক মূল্যবোধ হিচাপে বিবেচনা কৰিছিল ৷ ক্ষমতাৰ স্থান সদায় নাগৰিকৰ লগত থাকিব লাগে, সেইবোৰ কেন্দ্ৰীয়কৰণ কৰিব নালাগে বুলি মত পোষণ কৰিছিল ৷ গান্ধীজীয়ে সমাজৰ সকলো স্তৰৰ মানুহক সমান দৃষ্টিৰে মান্যতা প্ৰদান কৰিছিল ৷ ভাৰতবৰ্ষক একত্ৰিকৰণ, গণতান্ত্ৰিক, শান্তিপূৰ্ণ ৰাষ্ট্ৰ আৰু আমাৰ ভৱিষ্যতৰ সমৃদ্ধি আৰু বিকাশৰ ৰূপত নিৰন্তৰ সিদ্ধান্তত সামঞ্জস্যৰ লগত সমাজৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে ৷
শেষত গান্ধীজীৰ ধাৰণাক বিশ্বৰ ধনী ব্যক্তি সকলেও অনুসৰণ কৰিবলৈ লৈছে ৷ বিল গেটচ, বৰেন বফে আৰু অজিম প্ৰেমজী ইয়াৰ উদাহৰণ ৷ মানৱ সমাজৰ বিকাশ হৈ থাকে ৷ ইতিহাসৰ দলিলত কেইজনমান মহান আত্মা তথা বুদ্ধিজীৱীয়ে সমাজত বিশেষ প্ৰভাৱ পেলাইছে ৷ গান্ধীজী এজন মহান আত্মা আছিল ৷ তেওঁৰ জীৱনৰ মূল্যবোধ, নীতি- আদৰ্শ ভৱিষ্যত প্ৰজন্মলৈ গুঞ্জৰিত হৈ থাকিব ৷
- জয়প্ৰকাশ নাৰায়ণ