নিউজ ডেস্ক, ১৮ জুন : সীমা কেন্দ্ৰিক বিবাদৰ বাবে ভাৰত-চীনৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষ সম্পৰ্কত মুখ খুলিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, গালৱান সংঘৰ্ষ সম্পৰ্কত বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰে সম্পুৰ্ণ তথ্য প্ৰকাশ কৰা নাই । সঁচাই যদি চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে তেতিয়াহলে চীনে ভাৰতৰ সাৰ্বভৌমত্বত চূড়ান্ত আঘাত কৰা বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ।
লগতে নেতা গৰাকীয়ে পুনৰ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দাবী জনাই যে,ভাৰত পূৰ্বতকৈ শক্তিশালী হৈছে কিন্তু একে সময়তে চীন,নেপাল আৰু পাকিস্তানে ভাৰত আক্ৰমণে দেশৰ আভ্যন্তৰীণ শক্তিৰ ফোঁপোলা স্বৰূপৰ কথা উদঙাই দিয়া বুলি নেতা গৰাকীয়ে অভিযোগ উখাপন কৰে । আনকি বৰ্তমান সময়ত নেতা গৰাকীয়ে সীমান্ত অঞ্চলত কোনো ধৰণৰ হিংসা বা সংঘৰ্ষ নিবিচাৰে বুলি উল্লেখ কৰে ।
লগতে শিৱ সেনাই অস্ত্ৰ-শস্ত্ৰ অৱিহনে চীনা সৈন্যৰ লগত হোৱা মুখামুখী সন্দৰ্ভতো প্ৰশ্ন উখাপন কৰে ।
লগতে পঢ়ক : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ