ETV Bharat / bharat

দেশৰ নতুন কন্ট্ৰলাৰ জেনেৰেল নিযুক্ত গিৰিশ চন্দ্ৰ মুৰ্মু - দেশৰ পৰৱৰ্তী কেগ

জম্মু-কাশ্মীৰৰ লেফ. গৱৰ্নৰ হিচাপে অব্যাহতি লোৱাৰ এদিন পিচতেই গিৰিশ চন্দ্ৰ মুৰ্মুক দেশৰ পৰৱৰ্তী কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে নিযুক্ত কৰে সাধাৰণ প্ৰশাসন বিভাগে ৷ ৰাষ্ট্ৰপতিয়ে এই নিযুক্তিত অনুমতি দিয়ে আৰু শনিবাৰে দেশৰ কেগ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব মুৰ্মুৱে ৷

দেশৰ নতুন কন্ট্ৰলাৰ জেনেৰেল নিযুক্ত গিৰিশ চন্দ্ৰ মুৰ্মু

author img

By

Published : Aug 7, 2020, 4:34 AM IST

নিউজ ডেস্ক, 7 আগষ্ট : দেশৰ পৰৱৰ্তী কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে বৃহস্পতিবাৰে নিযুক্ত কৰা হয় গিৰিশ চন্দ্ৰ মুৰ্মুক ৷ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰ হিচাপে অব্যাহতি লোৱাৰ এদিন পিচতেই মুৰ্মুক কেগৰ দৰে গধুৰ দায়িত্ব অৰ্পন কৰা হয় ৷ শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত কেগ হিচাপে শপতগ্ৰহণ কৰিব গিৰিশ চন্দ্ৰ মুৰ্মুৱে ৷

বৰ্তমানে দেশৰ কেগ হিচাপে দায়িত্বত থকা 1978 বৰ্ষৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজীৱ মহৰ্ষিৰ দায়িত্বভাৰ 7 আগষ্টত অন্ত পৰে ৷ যাৰ বাবে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰৰ পৰা অব্যাহতি দি গিৰিশ চন্দ্ৰ মুৰ্মুক এই পদত নিযুক্ত কৰে দেশৰ কেন্দ্ৰীয় বিত্ত বিভাগে ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে এই নিযুক্তিক অনুমতি প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে সাধাৰণ প্ৰশাসন বিভাগে ৷ ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে তেওঁৰ নিযুক্তত আনুষ্ঠানিক সন্মতি প্ৰদান কৰিছে আৰু শনিবাৰে তেওঁ দেশৰ পৰৱৰ্তী কেগ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব ৷

দেশৰ নতুন কন্ট্ৰলাৰ জেনেৰেল নিযুক্ত গিৰিশ চন্দ্ৰ মুৰ্মু
দেশৰ নতুন কন্ট্ৰলাৰ জেনেৰেল নিযুক্ত গিৰিশ চন্দ্ৰ মুৰ্মু

জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰথমগৰাকী লেফ. গৱৰ্নৰ হিচাপে দায়িত্বভাৰ সমাপ্ত কৰা লেফ. গৱৰ্নৰ মুৰ্মুৰ স্থানত স্থলাভিষিক্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ বিজেপি নেতা মনোজ সিনহা ৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে সিনহাক জম্মু-কাশ্মীৰৰ গৱৰ্নৰ জেনেৰেল হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷

গুজৰাট কেডাৰৰ দেশৰ প্ৰাক্তন সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া গিৰিশ চন্দ্ৰ মুৰ্মুৱে বিগত বৰ্ষৰ 29 অক্টোৱৰত জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী লেফ. গৱৰ্নৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰ নিযুক্ত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ব্যয় সচিব হিচাপে কৰ্তব্যৰত আছিল মুৰ্মু ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নৱৰত্নৰ অন্যতম গিৰিশ চন্দ্ৰ মুৰ্মুৱে মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো তেওঁৰ মুখ্য সচিব হিচাপে দায়িত্ব পালন কৰিছিল ৷

উল্লেখ্য যে, কেগক 6 বছৰৰ বাবে নিযুক্তি দিয়া হয় ৷ আৰু 65 বৰ্ষৰ পূৰ্বেই এই পদত কৰ্তব্যৰত হৈ থাকিব পাৰে ৷ যিটো প্ৰথমে সম্পন্ন হয় সেই হিচাপত কেগৰ কাৰ্যকাল সমাপ্ত হয় ৷

এক সাংবিধানিক অনুষ্ঠান হিচাপে কেগৰ প্ৰধান কৰ্তব্য আৰু দায়িত্ব হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ হিচাপ নিৰীক্ষণ তথা পৰীক্ষণ কৰা আৰু তাক প্ৰকাশ কৰা ৷ কেগে ইয়াৰ প্ৰতিবেদন সংসদ আৰু ৰাজ্যিক বিধানপালিকাক প্ৰদান কৰে ৷

লগতে পঢ়কঃ তেজপুৰস্থিত 4 ক'ৰত স্থলসেনাপ্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.