ETV Bharat / bharat

জি এছ টি বকেয়াঃ বিহাৰে জি এছ টি পৰিষদত ৰাজ্যসমূহৰ একতাক বিভাজিত কৰিছে নে কি ?

author img

By

Published : Aug 29, 2020, 12:31 PM IST

বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমনে তেওঁৰ বৰ্ণনাত এই কথাৰ স্বীকাৰ কৰে যে ক’ভিড ১৯ অৰ লকডাউনৰ বাবে ভাৰছুৱেলি অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ ৪১তম বৈঠকখনিৰ আৰম্ভণিতে ৰাজ্যবোৰে সংবিধানে নিশ্চিতি প্ৰদান কৰা জি এছ টি বকেয়াসমূহ পৰিশোধ কৰিবলৈ কেন্দ্ৰই ধন দিয়া উচিত বুলি দাবী জনাইছিল ৷ “আৰম্ভণিতে কেইখনমান ৰাজ্যই কেন্দ্ৰই ঋণ লোৱা উচিত বুলি মন্তব্য কৰিছিল ৷ তাৰ পাচতেই প্ৰকৃত ঘাটি কেনে ধৰণৰ আছিল, ইত্যাদি বিষয়সমূহৰ ওপৰত উপস্থাপন প্ৰস্তুত কৰা হৈছিল ৷

GST Dues
GST Dues

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ বৈঠকত বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমণে আগবঢ়োৱা “দৈত-বিকল্প সুত্ৰ” প্ৰস্তাৱটিত বহুকেইখন বিৰুধী ৰাজ্যই অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ এই প্ৰস্তাৱটি ৰূপায়িত কৰিবলৈ হ’লে ৰাজ্য চৰকাৰসমূহে এই বিত্তীয় বৰ্ষৰ ৰাজহ সংগ্ৰহত হোৱা ঘাটি পূৰণৰ বাবে ৰিজাৰ্ভ বেংকে নিৰ্দ্ধাৰণ কৰি দিয়া এক ব্যৱস্থাৰ মাধ্যমেৰে ঋণ লব লাগিব ৷ অন্তঃত দুই ৰাজ্য, কেৰালা আৰু পাঞ্জাৱৰ দুয়োগৰাকী বিত্ত মন্ত্ৰী, ক্ৰমান্বয়ে থমাছ আইজাক আৰু মনপ্ৰীত বাদলে কেন্দ্ৰৰ এই প্ৰস্তাৱটিৰ বিৰুদ্ধে ৰাজহুৱাকৈ অসন্তুষ্টি প্ৰকাশ কৰি কৈছে যে তেওঁলোকৰ ওপৰত ইয়াক জাপি দিয়া হৈছে ৷ যি নহওক, বিষয়টোৰ সংক্ৰান্তত খবৰ ৰখা সকলৰ মতে বিহাৰ এই ক্ষেত্ৰত উল্লেখযোগ্য ব্যতিক্ৰমী ৰাজ্য আছিল ৷ কিয়নো ৰাজ্যখনে বৈঠকখনৰ আৰম্ভণিৰে পৰা ঋণ গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আহিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে আন আন ৰাজ্যবোৰে তেওঁলোকক সংবিধানে নিশ্চিতি প্ৰদান কৰা জি এছ টি বকেয়াসমূহ আদায় দিবলৈ কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল ৷ “বিহাৰে ৰাজহৰ ঘাটি জোৰা মাৰিবৰ বাবে ঋণ লোৱাত সন্মতি প্ৰদান কৰিছিল; কিন্তু ইয়াৰ বিপৰীতে অন্য ৰাজ্যসমূহে ইয়াৰ বিৰুধীতা কৰিছিল ৷” জি এছ টি পৰিষদৰ বৈঠকত আলোচিত বিষয়সমূহ সম্পৰ্কে জ্ঞাত এজন ব্যক্তিয়ে ই টিভি ভাৰতক এইদৰে কয় ৷

বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমনে তেওঁৰ বৰ্ণনাত এই কথাৰ স্বীকাৰ কৰে যে ক’ভিড ১৯ অৰ লকডাউনৰ বাবে ভাৰছুৱেলি অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ ৪১তম বৈঠকখনিৰ আৰম্ভণিতে ৰাজ্যবোৰে সংবিধানে নিশ্চিতি প্ৰদান কৰা জি এছ টি বকেয়াসমূহ পৰিশোধ কৰিবলৈ কেন্দ্ৰই ধন দিয়া উচিত বুলি দাবী জনাইছিল ৷ “আৰম্ভণিতে কেইখনমান ৰাজ্যই কেন্দ্ৰই ঋণ লোৱা উচিত বুলি মন্তব্য কৰিছিল ৷ তাৰ পাচতেই প্ৰকৃত ঘাটি কেনে ধৰণৰ আছিল, ইত্যাদি বিষয়সমূহৰ ওপৰত উপস্থাপন প্ৰস্তুত কৰা হৈছিল ৷ আৰু তেতিয়াই মই এই দৈত বিকল্পটো দিওঁ আৰু দুয়োটা বিকল্পই ৰাজ্যসমূহৰ দাৰা ঋণ লোৱা বিষয়টোৰ ওপৰত নিৰ্ভৰ আছিল ৷ বিত্ত মন্ত্ৰীৰ বিবৃতিত এই কথা নিশ্চিত হৈছে যে ৰাজ্যসমূহৰ ফালৰ পৰা এই দাবীৰ উত্থাপন কৰা হৈছিল যে কেন্দ্ৰই নিজৰ সংবিধানিক আৰু আইনী বাধ্যবাধকতা অনুসৰি জি এছ টি ক্ষতিপূৰণৰ বকেয়াসমূহ পৰিশোধ কৰিবৰ বাবে ঋণ লোৱা উচিত ৷

“আমি তেওঁলোকৰ আগত বিৱৰণ দিছিলোঁ যে ৰাজ্যসমূহৰ বাবে ঋণ লোৱাটো কি কাৰণত কেন্দ্ৰৰ তুলনাত সুবিধাজনক হ’ব ৷ তদুপৰি আমি কৈছিলোঁ যে যদিহে ৰাজ্যসমূহে ঋণ লবলৈ যায়, বজাৰত অনাহকত মানুহৰ হৈ চৈ আৰু কোলাহলৰ পৰিৱৰ্তে আমি আমাৰ কেন্দ্ৰীয় বেংকবোৰৰ জৰিয়তে ঋণ লোৱা প্ৰক্ৰিয়াটোৰ সুবিধা প্ৰদাম কৰিম ৷” তেওঁ কয় ৷ ২০১৭ চনৰ জি এছ টি (ৰাজ্যসমূহলৈ দিয়া ক্ষতিপূৰণ) অধিনিয়মৰ অনুযায়ী পাঁচ বছৰৰ কালচোৱাত ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সন্মুখিন হোৱা যিকোনো ধৰণৰ লোকচানৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰ বাধ্য হৈ আছে ৷ জি এছ টি আইনখনেও ৰাজ্যসমূহৰ ৰাজহ সংগ্ৰহত হোৱা যিকোনো ধৰণৰ ঘাটি পূৰাবলৈ ব্যৱস্থা প্ৰদান কৰিছে ৷ কিয়নো ৰাজ্যসমূহে কেন্দ্ৰক এই উদ্দেশ্যৰ বাবে ‘ছিন’ আৰু কিছুমান বিলাসী সামগ্ৰীত জি এছ টি ক্ষতিপূৰণৰ উপকৰ লগোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে ৷ ৰাজহ সচিব অজয় ভূষণ পাণ্ডেৰ মতে, এই বিত্ত বৰ্ষৰ প্ৰথম চাৰিটা মাহৰ মুঠ জি এছ টি ক্ষতিপূৰণ বকেয়াৰ পৰিমাণ ১.৫ লক্ষ কোটি ধাৰ্য কৰা হৈছে ৷ কেন্দ্ৰই জি এছ টি বকেয়া এক দ্বিমাষিক প্ৰক্ৰিয়াৰ ভিত্তিত আদায় দিয়ে ৷ যাৰ ফলত ইতিমধ্যেই এই পৰিমাণ অনদায় হৈ ৰৈছে ৷ স্বয়ং চৰকাৰৰ নিজা প্ৰক্ষেপণ অনুযায়ী চলিত বৰ্ষত জি এছ টি ক্ষতিপূৰণ পূৰাবৰ বাবে প্ৰায় ৩ লক্ষ কোটি টকাৰ প্ৰয়োজন হ’ব ৷

চৰকাৰী হিচাপ নিকাচৰ অনুসৰি এই বছৰত জি এছ টি উপকৰ সংগ্ৰহৰ পৰিমাণ ৰাজ্য সমূহৰ ৩ লক্ষ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ মুঠ ঘাটিৰ বিপৰীতে মাত্ৰ ৬৫ হাজাৰ কোটি টকাহে হ’ব বুলি আশা কৰা হৈছে ৷ কেন্দ্ৰই ৰাজ্যবোৰৰ সন্মুখত দুটা বিকল্প দাঙি ধৰিছে ৷ হয়তো তেওঁলোকে ৰাজহ সংগ্রহত ৰৈ যোৱা ঘাটি, ৯৭ হাজাৰ কোটি টকাৰ ঋণ সন্মিলিতভাৱে লব পাৰে; যি কেৱল জি এছ টি ৰূপায়নৰ বাবে দায়ী ৷ নতুবা এই বৰ্ষৰ ৰাজহ সংগ্ৰহৰ সমগ্ৰ ঘাটি পূৰাবলৈ তেওঁলোকে ২.৩৫ লক্ষ কোটি টকা সন্মিলিতভাৱে লব পাৰে ৷ বিশ্বত্ৰাস মহামাৰী ক’ভিড ১৯ এ অৰ্থনীতিত পেলোৱা প্ৰভাৱো এই ঘাটিৰ বাবে দায়ী ৷ ৰাজ্যবোৰে কেন্দ্ৰৰ পৰা দুয়োটা বিকল্পৰ এক পুংখানুপুংখ বিৱৰণ বিচাৰিছে আৰু তাৰ সাত দিনৰ পাচত তেওঁলোকে তাৰ বিষয়ত নিজৰ মতামত লৈ কেন্দ্ৰৰ কাষ চাপিব ৷ “তেতিয়া আমি এখন সৰু জি এছ টি বৈঠক অনুষ্ঠিত কৰিম” বিত্ত মন্ত্ৰী গৰাকীয়ে এইদৰে কয় ৷

(প্ৰৱন্ধকাৰ কৃষ্ণনন্দ ত্ৰিপাঠী)

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.