ETV Bharat / bharat

ফ্ৰণ্টলাইন COVID-19 কৰ্মীক একাশৰীয়া কৰাটো উচিত নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

author img

By

Published : Jun 13, 2020, 9:29 PM IST

ফ্ৰণ্টলাইন COVID-19 কৰ্মী সকলক আইচ'লেশ্যন কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰি বোম্বে উচ্চ ন্যায়ালয়ে তেনে কৰ্মীক একাশৰীয়া কৰাটো উচিত নহয় বুলি কয় ।

বোম্বে উচ্চ ন্যায়ালয়
বোম্বে উচ্চ ন্যায়ালয়

নিউজ ডেস্ক, 13 জুনঃ বোম্বে উচ্চ ন্যায়ালয়ে প্ৰথম শাৰীৰ COVID-19 কৰ্মী সকলক কাম কৰাৰ বাবে উৎসাহ যোগাবলৈ আৰু প্ৰতিদিনে বাধাহীন ভাৱে নিজৰ দায়িত্বলৈ আহাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে । ফ্ৰণ্টলাইন COVID-19 কৰ্মী সকলক আইচ'লেশ্যন কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰে বোম্বে উচ্চ ন্যায়ালয়ে । ন্যায়ালয়ে কয় যে,এই সময়ত ফ্ৰণ্টলাইন COVID-19 কৰ্মীক একাশৰীয়া কৰাটো উচিত নহয় ।

ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ আমজাদ চায়াদৰ এক শাখা বিচাৰপীঠে শুকুৰবাৰে এই কথা ব্যক্ত কৰে । পালগড় জিলাৰ বাসিন্দাই কিছু কৰ্মীক আইচ'লেশ্যন কৰিবলৈ দাখিল কৰা আবেদন খাৰিজ কৰি এই কথা ব্যক্ত কৰে ।

চৰণ ভাট্ট নামৰ আৱাসী এজনে উদয় ৱাৰুনজিকাৰ নামৰ উকিল এজনৰ মাজেৰে এই ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন দাখিল কৰিছিল । তেওঁ আবেদনত কৈছিল যে, ফ্ৰণ্টলাইন COVID-19 কৰ্মীসকলে কৰ্ম সম্পাদন কৰি যেতিয়া ঘৰলৈ উভতে তেতিয়াই তেওঁলোকৰ পৰা সংক্ৰমণৰ অধিক সুযোগ থাকে আৰু ইয়াৰ ফলতেই বাসাই আৰু ভিৰাৰত অধিক সংক্ৰমণ হৈছে ।

উল্লেখ্য যে,ন্যায়ালয়ত দাখিল কৰা এই আবেদন চৰকাৰেও বিৰোধিতা কৰিছিল । আনহাতে আবেদন খন খাৰিজ কৰি ন্যায়ালয়ে কয় যে, ভয়ৰ আৱেগৰ বাবেই আবেদনকাৰীয়ে ন্যায়ালয়ৰ দৰ্জা খটখটালে,কিন্তু সংকীৰ্ণ ব্যক্তিগত হিততকৈ সাৰ্বজনীন হিতৰ বাবেহে গুৰুত্ব দিয়া উচিত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.