ETV Bharat / bharat

নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হায়দৰাবাদৰ বিস্তৰ অঞ্চল

author img

By

Published : Oct 18, 2020, 7:31 AM IST

হায়দৰাবাদত পুনৰ ধাৰসাৰ বৃষ্টি ৷ শনিবাৰৰ পুৱাৰ পৰা হোৱা বৰষুণৰ ফলত পুনৰ জলবন্দী হৈ পৰে বহু লোক ৷ চৰকাৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন ৷

Fresh spell of heavy rain in parts of Hyderabad
নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হায়দৰাবাদৰ বিস্তৰ অঞ্চল

নিউজ ডেস্ক, 18 অক্টোবৰ : শনিবাৰে ৰাতিপুৱাৰ পৰা হোৱা ধাৰসাৰ বৰষুণৰ ফলত পুনৰ হায়দৰাবাদৰ কিছু অংশ পানীৰে পৰিপূৰ্ণ হয় ৷ চহৰখনৰ বহু অংশ পানীত বুৰ যোৱাৰ বাবে বিভিন্ন ঠাইত তীব্ৰ যানযটৰ সৃষ্টি হোৱাৰ বাবে যাতায়ত ব্যাহত হৈ পৰে ৷

চৰকাৰী তথ্য অনুসৰি, পুৱা 8.30 বজাৰ পৰা নিশা 10 বজালৈ ৰাজ্যখনৰ মেডচল মলাকাজজিৰি জিলাৰ চিগাপুৰ জনশ্বিপত 157.3 মি মি বৰষুণ হয় ৷ একেদৰে চহৰখনৰ উপপালৰ ওচৰৰ বান্দলাগুদাত 153 মি মি বৰষুণ হয় । যাৰফলত কিছু সময়ৰ ভিতৰতে বানীয়ে বুৰাই পেলাইছিল সমগ্ৰ অঞ্চল ৷

ইফালে, চহৰখনৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি হায়দৰাবাদ পৌৰ নিগম (GHMC) আৰু (DRF) কৰ্মীসকলে প্ৰভাৱিত হোৱা অঞ্চল সমূহত প্ৰতিটো সময়তে সতৰ্ক হৈ আছে ৷

লগতে পঢ়ক : ডকাইটিৰ অভিযোগত দুগৰাকীক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা 15 অক্টোবৰত সদৰি কৰা তথ্য অনুসৰি, ধাৰাসাৰ বৰষুণৰ ফলত 50 গৰাকী লোকে জীৱন হেৰুৱাইছিল আৰু প্ৰাথমিক অনুমান অনুসৰি ৰাজ্য চৰকাৰে ক্ষতি কৰিছে প্ৰায় 5,000 কোটি টকা । ইতিমধ্যে, তেলেংগনা চৰকাৰে বৰষুণৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত সতৰ্ক দৃষ্টি ৰাখিছে ৷

ইফালে, দেওবাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰাজ্যখনত পাতলকৈ পুনৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : বিপিএফক ক্ষতি কৰিব নোৱাৰে বিজেপিয়েঃ অঞ্জলি দৈমাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.