নিউজ ডেস্ক,3 আগষ্টঃ কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে চিহ্নিত হোৱাৰ এবছৰৰ পিছত জম্মুৰ নিবাসীসকলৰ মনত আশাৰ জাগৰণ হৈছে যে, তেওঁলোকে যি ভেদভাৱৰ সন্মুখীন হৈ আছিল সেয়া বৰ্তমান অতীতৰ কথা হৈ পৰিব আৰু প্ৰদেশখনত সকলো ফালে বিকাশ হ'ব ৷
5 আগষ্ট,2019ত ধাৰা 370 আৰু 35(A) ধাৰা বাতিল কৰাৰ পূৰ্বে বৈষম্যমূলক অভিযোগ শুনা যায় পূৰ্বৱতী ৰাজ্য জম্মুৰ পৰা ৷ অৱশ্যে এই সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল ৷
কিন্তু ইটিভি ভাৰতৰ সন্মুখত জম্মুৰ নিবাসী সকলে জনাই যে, এতিয়া অৱস্থা যথেষ্ট সুস্থিৰ আৰু পূৰ্বতকৈ ভাল হৈছে ৷ প্ৰদেশ খনে নিজৰ প্ৰাপ্য পাবলৈ আৰম্ভ কৰিছে ৷ এতিয়া একাংশই কেন্দ্ৰ চৰকাৰৰ চাকৰিৰ বাবে প্ৰত্যাশা ৰাখিছে ৷ আন একাংশৰ মতে, সম্পত্তিৰ অধিকাৰ আপডেট কৰাটো সময়ৰ তাগিদা আছিল ৷
ইয়াৰোপৰি জম্মুৰ নিবাসী সকলে ভাবে যে, 370 আৰু 35(A) প্ৰত্যাহাৰৰ পিছত এতিয়া যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত প্ৰশাসনে জম্মুবাসীৰ স্বাৰ্থকহে সবাতোকৈ অধিক গুৰুত্ব দিব ৷ চাকৰিৰ ক্ষেত্ৰত নতুন সুবিধা পোৱাৰ লগতে সম্পত্তিৰ অধিকাৰ সমূহে প্ৰদেশখনৰ মহিলা সকলোকো ৰোমাঞ্চিত কৰি তুলিছে ৷ জম্মুৰ এগৰাকী আবাসীয়ে জনালে," এতিয়া আমাৰ জীয়ৰীয়ে জম্মু-কাশ্মীৰৰ বাহিৰত বিয়া হ'লেও তেওঁৰ সম্পত্তি, উত্তৰাধিকাৰী হিচাপে লাভ কৰিব ৷"
অৱশ্যে এয়া উল্লেখনীয় যে, প্ৰশাসনে বৰ্তমানলৈকে চাকৰি,কাম আৰু মহিলাৰ বিষয়ত কোনো গুৰুত্বপূৰ্ণ ঘোষণা কৰা নাই ৷
লগতে পঢ়কঃনতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থা সলনিৰ সম্ভাৱনা