নিউজ ডেস্ক,2 আগষ্ট : আগন্তুক ৰাখি বন্ধন উপলক্ষে উত্তৰ প্ৰদেশ চৰকাৰৰ বিশেষ পদক্ষেপ ৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাখি বন্ধন উপলক্ষে মহিলা সকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া বাছ সেৱা ৷ উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰিৱহন নিগমৰ সকলো ধৰণৰ বাছসেৱাত মহিলাৰ বাবে 2 আগষ্টৰ মাজনিশাৰ পৰা 3 আগষ্টৰ মাজনিশালৈ এই সেৱা আগবঢ়োৱা হ'ব বুলি শনিবাৰে সদৰি কৰে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷
আনহাতে, এগৰাকী চৰকাৰী বিষয়বৱীয়াই এক বিবৃতিত উল্লেখ কৰা অনুসৰি, ৰাখি উৎসৱ উপলক্ষে দেওবাৰে বিভিন্ন মিঠাইৰ দোকান তথা ৰাখি বিক্ৰেতাৰ দোকান সমূহ খোলা থাকিব বুলি মত ব্যক্ত কৰে ৷ তাৰোপৰি ৰাখি বন্ধন উৎসৱ পালনৰ সময়ত সামাজিক দূৰত্ব তথা COVID-19 নিয়মাৱলী তথা নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাই ৰাজ্য চৰকাৰে ৷
লগতে পঢ়ক : কলিকতাত জব্দ বৃহৎ পৰিমাণৰ চেনিটাইজাৰ: ধৃত দুই