নতুন দিল্লী,7 মাৰ্চ : সন্ত্ৰাসবাদী মাচুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী ঘোষণাৰ দাবী তুলিব ফ্ৰান্সে। ভাৰত এয়াৰ ষ্ট্ৰাইক ন্যায়সংগত বুলি মন্তব্য কৰে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে।
ভাৰতস্থিত ফ্ৰান্সৰ দূতাবাসৰৰ ৰাষ্ট্ৰদূত আলেকজেন্দ্ৰাৰ জাইগ্লেৰে প্ৰকাশ কৰা অনুসৰি দেশখনে মাচুদ আজহাৰক ৰাষ্ট্ৰসংঘত আন্তৰ্জাতিক সন্ত্ৰাসবাদী ঘোষণাৰ বাবে দাবী উত্থাপন কৰিব । ফৰাচী ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিগত দুটা বছৰ ধৰি দেশখনে সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ প্ৰধান মাচুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী ঘোষণাৰ দাবী তুলি আহিছে । কোনো কাৰণতে সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰদূগৰাকীয়ে । ভাৰতীয় বায়ুসেনাৰ অভিযানৰ সন্দৰ্ভত তেওঁ সীমান্তৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা সিদ্ধান্ত ন্যায়সংগত বুলিও প্ৰকাশ কৰে ।