ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বিনায়ক দাদা পাটিলৰ মৃত্যু - বনধীপতি

নাছিকৰ এখন ব্যক্তিগত হাস্পতালত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা বিনায়ক দাদা পাটিলৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ ৷

Former Maha minister Vinayakdada Patil dies
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা বিনায়কদাদা পাটিলৰ মৃত্যু
author img

By

Published : Oct 24, 2020, 1:33 PM IST

নেশ্য়নেল ডেস্ক, 24 অক্টোবৰ: মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা বিনায়ক দাদা পাটিলৰ মৃত্যু ৷ নাছিকৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ শুকুৰবাৰে নিশা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ ৷ পূৰ্বতে মুম্বাইৰ এখন হাস্পতালত চিকিৎসা কৰোৱা হৈছিল যদিও কিছুদিনৰ পূৰ্বে উন্নত চিকিৎসাৰ বাবে নাছিকলৈ প্ৰেৰণ কৰা হৈছিল তেওঁক ৷

শুকুৰবাৰে বৃক্ক ৰোগৰ চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যুমুখত পৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ এনচিপিৰ সচিৱ শাৰদ পাৱাৰৰ অতি ঘনিষ্ঠ বিনায়ক দাদা পাটিল আছিল ৰাজ্যিক সাংস্কৃতিক, যুৱ আৰু খেল মন্ত্ৰী ৷ উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জটৰোফাৰ কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত থকা অৱদানৰ বাবে সমগ্ৰ দেশতে পৰিচিত আছিল ৷ প্ৰসিদ্ধ মাৰাঠী সাহিত্যিক "কুসুমগ্ৰজ" ৰূপে চিহ্নিত স্বৰ্গীয় ভি.ভি. শিৰ্ৱাদকৰে প্ৰাক্তন মন্ত্ৰীগৰাকীক "বনধিপতি" উপাধি প্ৰদান কৰিছিল ৷

মৃত্যুৰ সময়ত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে দুগৰাকী কন্যা আৰু জোঁৱাইৰ লগতে নাতি নাতিনী ইহ সংসাৰত এৰি থৈ যায় ৷ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা গৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই গভীৰ শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বিহাৰত প্ৰধানমন্ত্ৰী মোডী, ৰাহুল গান্ধীৰ পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.