ETV Bharat / bharat

লক ডাউন অৱজ্ঞা কৰি বিদেশী পৰ্যটকে 500 বাৰ লিখিলে "I AM SORRY"

author img

By

Published : Apr 12, 2020, 7:21 PM IST

ঋষিকেশত লক ডাউন অৱজ্ঞা কৰা বিদেশীক প্ৰদান কৰা হৈছে বিশেষ শাস্তি ৷ দেশজুৰি চলি থকা লক ডাউন অৱজ্ঞা কৰাৰ বাবে তপোবন আৰক্ষীয়ে 10 জনতকৈও অধিক বিদেশী পৰ্যটকক 500 বাৰ লিখিবলৈ দিলে "I AM SORRY" ৷

Foreigners punished for flouting lockdown in Rishikesh
লক ডাউন অৱজ্ঞা কৰি বিদেশী পৰ্যটকে 500 বাৰ লিখিলে "I AM SORRY"

নিউজ ডেস্ক,12 এপ্ৰিলঃ ঋষিকেশত গংগাৰ উপকূল অঞ্চলত ঘূৰি ফুৰা অৱস্থাত আৰক্ষীয়ে আটক কৰে 10 গৰাকীকৈ অধিক বিদেশী পৰ্যটকক ৷ তপোবন আৰক্ষীয়ে এই আটাইকেইজনে লক ডাউন অৱজ্ঞা কৰাৰ বাবে প্ৰদান কৰে বিশেষ শাস্তি ৷ আৰক্ষীয়ে তেওঁলোকৰ দ্বাৰা 500 বাৰে লিখালে "I AM SORRY" ৷

পৰ্যটকসকলক সোধা হৈছিল তেওঁলোকে এই লক ডাউনৰ বিষয়ে জানে নে নাজানে ৷ তেওঁলোকক শাস্তি হিচাপে প্ৰত্যেকগৰাকীকে কাগজত 500 বাৰকৈ লিখিবলৈ দিলে, " মই লক ডাউন পালন কৰা নাই ৷ মোৰ ভুল হৈছে ৷ "

উত্তৰাখণ্ড চৰকাৰে যদিও প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিছু পৰিমাণে লক ডাউন শিথিল কৰিছে কিন্তু বিনা কাৰণত ঘূৰিবৰ বাবে কাকোৱে অনুমতি দিয়া নাই ৷ এইখিনিতে মন কৰিবলগীয়া যে, ঋষিকেশ হৈছে বিদেশী পৰ্যটকৰ এক জনপ্ৰিয় স্থান ৷ লক ডাউনৰ পিছত ফ্ৰাঞ্চ, ইটালী আৰু আমেৰিকাৰ দূতাবাসে ইতিমধ্যে বহু কেইজন নাগৰিকক উভতাই নিছে ৷

লগতে পঢ়কঃতালিবানে মুকলি কৰিলে 20 বন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.