ETV Bharat / bharat

পাঁচবছৰে প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণত ব্যয় 446.52 কোটিঃ বৈদেশিক মন্ত্ৰালয়

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্ত্ৰী ভি মুৰুলীধৰণে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সময়ত হোৱা ব্যয়ৰ পৰিমাণ দাঙি ধৰিছে ৷ সেইসূত্ৰে বিগত 5 বছৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণৰ বাবদ প্ৰায় 446.52 কোটি টকা ব্যয় কৰিছে ৷

author img

By

Published : Mar 5, 2020, 7:23 PM IST

Foreign visits of PM Modi
মোডীৰ বিদেশ ভ্ৰমণ

নতুন দিল্লী,5 মাৰ্চঃ ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে ৷ এই চৰ্চা কোনো নতুন দেশ ভ্ৰমণৰ বাবে নহয় ৷ বৰং বিগত বছৰসমূহত প্ৰধানমন্ত্ৰী গৰাকীৰ বিদেশ ভ্ৰমণত ব্যয় হোৱা ধনৰ পৰিমাণৰ বাবেহে শেহতীয়াকৈ চৰ্চা লাভ কৰিছে ৷ বিগত 5 বছৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণৰ বাবদ প্ৰায় 446.52 কোটি টকা ব্যয় কৰিছে ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক তথ্যৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে ৷ লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্ত্ৰী ভি মুৰুলীধৰণে এই তথ্য দাঙি ধৰিছে ৷ মোডীয়ে ব্যৱহাৰ কৰা আকাশীযানৰ বাবদ এই ব্যয় হৈছে ৷

Foreign visits of PM Modi
মোডীৰ বিদেশ ভ্ৰমণ

মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি, 2015-16 বিত্তীয় বৰ্ষত এই পৰিমাণ 121.85 কোটি হোৱাৰ বিপৰীতে 2016-17 বৰ্ষত এই পৰিমাণ 78.52 কোটি আছিল ৷ আনহাতে, 2017-18 বৰ্ষত 99.90 কোটি টকা,2018-19 বৰ্ষত 100.02 কোটি টকা ব্যয় হোৱাৰ কথা উল্লেখ কৰে ৷ লগতে 2019-20 চনত প্ৰায় 46.23 কোটি টকা প্ৰধানমন্ত্ৰীগৰাকীৰ বিদেশ ভ্ৰমণৰ বাবদ খৰচ হৈছিল ৷

লগতে চাওকঃআফগানসকলৰ বাবে আশাৰ ৰেঙণি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.