ধুবুৰী, 6 ছেপ্তেম্বৰঃ শনিবাৰে বাংলাদেশৰ পৰা প্ৰথমখন পণ্যবাহী জাহাজৰ আগমন ঘটে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ ৷ ইয়াৰ পিছতে সূচনা হ’ল বংলাদেশৰ সৈতে ত্ৰিপুৰাৰ নদী পথৰে বাণিজ্যিক সম্পৰ্ক ৷ বাংলাদেশৰ দাউদকান্দিৰ পৰা গোমতি নদীৰে শনিবাৰে ত্ৰিপুৰাৰ শ্ৰিমন্তপুৰ বন্দৰত আহি উপস্থিত হয় জাহাজখন ৷ জাহাজখনক আদৰাৰ বাবে শ্ৰীমন্তপুৰ বন্দৰত উপস্থিত আছিল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, সাংসদ প্ৰতিভা ভৌমিক, ত্ৰিপুৰাৰ পৰিবহন মন্ত্ৰী প্ৰানজিত সিংহ ৰায় আৰু বাংলাদেশত নিয়োজিত ভাৰতীয় উচ্চায়ুক্ত ৰিভা গাঙ্গুলি ৷ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয়, এইয়া হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ত্ৰিপুৰাৰ প্ৰতি থকা বিশ্বাস আৰু আন্তৰিকতাৰ ফল ৷ ইয়াৰ ফলত অনাগত দিনসমূহত ত্ৰিপুৰাৰ যুৱচাম যথেষ্ট লাভান্বিত হোৱাৰ উপৰিও কৰ্মসংস্থান লাভ কৰিবলৈও হ’ব সক্ষম ৷
উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে নদী, স্থল আৰু জলপথেৰে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা ত্ৰিপুৰাই হ’ল উত্তৰ-পূৰ্ৱাঞ্চলৰ প্ৰথমখন ৰাজ্য ৷
লগতে পঢ়ক-প্ৰশাসনে বন্ধ কৰিলে চৰকাৰী চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ