ETV Bharat / bharat

COVID-19 আক্ৰান্ত হোৱা ইটিভি ভাৰতৰ সংবাদ দাতা এম মনিকান্দনৰ কথাৰে..... - कोविड 19 संकट

মহামাৰী COVID-19 আক্ৰান্ত হোৱা ইটিভি ভাৰতৰ সংবাদ দাতা এম মনিকান্দন কি পৰিস্থিতিৰ সন্মুখীন হৈছিল কঠিন সময়ছোৱাত । অঞ্চলবাসীয়ে কিয় অসন্তুষ্টি প্ৰকাশ কৰিছিল মনিকান্দন লৈ । মনিকান্দনৰ পৰা কিমানজনৰ দেহলৈ পিয়পিছিল COVID-19 । এই সকলো ব্যক্ত কৰিলে ইটিভি ভাৰতক........

মনিকান্দন
মহামাৰী COVID-19 আক্ৰান্ত হোৱা ইটিভি ভাৰতৰ সংবাদ দাতা এম মনিকান্দনৰ কথাৰে.....
author img

By

Published : Apr 26, 2020, 12:31 AM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ মহামাৰী COVID-19 আক্ৰান্ত হৈছিল ইটিভি ভাৰতৰ সংবাদদাতা এম মনিকান্দন । বৰ্তমান সংবাদদাতা গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিছে যদিও COVID-19 আক্ৰান্ত হৈ থকা সময়ত কেনেধৰণৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল সেয়া ব্যক্ত কৰে ইটিভি ভাৰতক ।

মনিকান্দন
মহামাৰী COVID-19 আক্ৰান্ত হোৱা ইটিভি ভাৰতৰ সংবাদ দাতা এম মনিকান্দনৰ কথাৰে.....

সংবাদদাতা মনিকান্দনে কয় যে, তেখেতে মহামাৰী COVID-19ত আক্ৰান্ত হোৱাতকৈ সমাজৰ পৰা বঞ্চিত তথা লাঞ্ছনা হ'বলগীয়া সময়খিনি আছিল তেখেতৰ বাবে আটাইতকৈ কঠিন । যি মনিকান্দনৰ বাবে তেখেতৰ পৰিয়ালৰ সদস্যও সন্মুখীন হৈছিল ।

মনিকান্দনৰ ২১দিন পৰ্যন্ত চিকিৎসা আৰম্ভ হৈছিল তামিলনাডুৰ থঞ্জাবুৰ চিকিৎসা মহাবিদ্যালয়ত । কৰ্মসূত্ৰে মনিকান্দন দিল্লীত আছিল যদিও মহামাৰী COVID-19ৰ দেশজুৰি সংক্ৰমণৰ খবৰ লাভ কৰাৰ পাচতে গৃহ জিলালৈ যাবৰ সিন্ধান্ত গ্ৰহণ কৰে । ২৪ মাৰ্চত দিল্লীৰ পৰা এয়াৰপোৰ্টৰ পৰা গৃহ জিলা চেন্নাইলৈ গুছি আহে ।

চেন্নাইৰ পৰা থঞ্জাবুৰলৈ আহি থকা সময়তে মনিকান্দনে নিজৰ শৰীৰত বিষ অনুভৱ কৰে । আৰু তাৰ পাচতে মনিকান্দনে নিজকে কোৱাৰেনটাইন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । কোৱাৰেনটাইনৰ বাবে প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হয় সংবাদদাতা গৰাকী । আনহাতে, তেতিয়ালৈকে মনিকান্দনে খবৰ লাভ কৰে যে, দিল্লীৰ পৰা যিখন বিমানেৰে মনিকান্দনে চেন্নাইলৈ আহিছিল সেইখন বিমানত আছিল মহামাৰী COVID-19 আক্ৰান্ত এগৰাকী যাত্ৰী । তাৰ পাচতে স্থানীয় প্ৰাথমিক চিকিৎসালয়ৰ বিষয়াই মনিকান্দনক COVID-19 পৰীক্ষা কৰে থঞ্জাবুৰ চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াই দিয়ে ।

তেনে সময়তে মনিকান্দনৰ ঘৰৰ চাৰিওফালে চৰ্চা আৰম্ভ হৈছিল যে, তেওঁ মহামাৰী COVID-19 ত আক্ৰান্ত । লগতে অঞ্চলটোৰ ব্যক্তিসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হয় ।

২ এপ্ৰিলত তেখেতেৰ COVID-19 পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰে যদিও তাৰ পাঁচ দিন পাচত মনিকান্দন COVID-19 আক্ৰান্ত হয় বুলি চিকিৎসকে সদৰী কৰে । কিন্তু তেতিয়ালৈতে মনিকান্দনৰ দেহত ধৰা পৰা নাছিল কোনো ধৰণৰ COVID-19 ৰ লক্ষণ ।

মনিকান্দন COVID-19 আক্ৰান্ত হোৱা ১ দিন পাচতে তেখেতৰ পৰিয়ালৰ সদস্যসকলৰ পৰীক্ষা কৰা হৈছিল । কিন্তু পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ COVID-19 ৰ ৰিজাল্ট নিগেটিভ হয় । সম্ভৱত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবেই আটাইকেইগৰাকী সদস্যৰ ৰিজাল্ট নিগেটিভ আহে । কিন্তু তাৰ পাচতে পৰিয়ালৰ সদস্যসকলক ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা হয় ।

চিকিৎসক শ্বেখ আলাউদ্দীনে মনিকান্দনক প্ৰেৰণা দিয়াৰ উপৰিও তামিল আৰু মালায়লম ছবি চাবলৈ পৰামৰ্শ আগবঢ়ায় ।

মনিকান্দনে কয়, চিকিৎসক, নাৰ্ছ, ছেনিটৰী কৰ্মচাৰীলৈকে সকলোৱে কাম কৰিছিল । নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আমাৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল । লগতে কয় যে, এইটো দুৰ্ভাগ্যৰ কথা যে চেন্নাইৰ পৰিচিত ন্যুৰোলজিষ্ট চিমোন হাৰকুলাছ COVID-19 আক্ৰান্ত হৈ মৃত্যুক সাৱটে । কিন্তু তেখেতৰ অঞ্চলবাসীয়ে তেওঁৰ সৎকাৰ কৰিবলৈ বাধা আৰোপ কৰে । তাৰোপৰি তেখেতক লৈ যোৱা এম্বুলেঞ্চলত আক্ৰমণ চলায় ৷

মনিকান্দনে কয়, মোৰ চিকিৎসা ব্যৱস্থাৰ লগত জড়িত লোকসকলে এই ঘটনাৰ বিষয়ে শুনি শংকিত হোৱাৰ উপৰিও চকুলো টুকিছিল । তেওঁলোকে কৈছিল যদি আমাৰ COVID-19 আক্ৰান্ত হৈ মৃত্যু হয় তেন্তে আমাৰ লগতো এনে ঘটনা হ'ব । মোৰ অন্তিম সৎকাৰ কৰিবলৈ দিয়া নহলহেঁতেন ৷

মই তেখেতসকলক যদিও ভৰষা দিছিলো তথাপিও মাজতে শংকিত হৈ পৰিছিলো । আমি বন্ধু হৈ পৰিছিলো হাস্পতালতে । চিকিৎসালয়ত থকা সময়ত আমি বিভিন্ন বিষয়ত চৰ্চা কৰিছিলো ।

মোৰ দ্বাৰা কোনো ব্যক্তিলৈ COVID-19 সংক্ৰমিত হোৱা নাছিল যদিও মই থকা অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছিল বুলি খবৰ লাভ কৰিছিলো । লগতে মোক লৈ মোৰ আত্মীয়ৰ লগতে গাঁওবসীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল ।

২১ দিনৰ অন্তত মোক হাস্পতালৰ পৰা মুক্ত কৰি দিয়ে আৰু মোক সম্পূৰ্ণৰূপে আৰোগ্য বুলি ঘোষণা কৰে । মই আৰোগ্য হৈ উঠা বাবে পোনপ্ৰথমে চিকিৎসক, নাৰ্ছ আৰু সকলো চিকিৎসা কৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিম । লগতে ইটিভি ভাৰতৰ সহকৰ্মীসকলে সাহস দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিছো ।

মই COVID-19 ত আক্ৰান্ত ৰোগীসকলক কব বিছাৰিছো ভয় কৰিব নালাগে, শংকিত নহব । COVID-19 য়ে আপোনাক একো নকৰে ।

লগতে মই জনসাধৰণলৈ আহ্বান জনাম যে, স্বাৰ্থপৰ নহব । আৰু অসুৰক্ষিতৰ পৰিৱেশ সৃষ্টি নকৰিব । এনে একো নহয়, বৰ্তমান সময়ত যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে । আপোনালোকে কেৱল সামাজিক দূৰত্ব বজাই ৰাখক । পুষ্টিকৰ আহাৰ খাওঁক , চাফ-চিকুন হৈ থাকক । আৰু বিনা কাৰণত সামাজিক ভেদভাব আৰু সামাজিক দাগ লগোৱাৰ পৰা বিৰত থাকক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.