ETV Bharat / bharat

হাৰিয়ানাত ছেনিটাইজাৰ কোম্পানীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ গোচৰ ৰুজু

author img

By

Published : Aug 7, 2020, 2:40 AM IST

হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে জানিবলৈ দিয়া মতে,ৰাজ্যখনত সংগ্ৰহ কৰা বিভিন্ন ব্ৰেণ্ডৰ ছেনিটাইজাৰৰ নমুনা সংগ্ৰহ কৰি তাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল । ইয়াৰে ১১টা ব্ৰেণ্ডৰ চেনিটাইজাৰৰ নমুনাত বিসংগতি পোৱাৰ পিছতে এই ব্ৰেণ্ডসমূহৰ নিৰ্মাণৰ লগত জড়িত কোম্পানী সমূহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গোচৰ ৰুজু কৰাৰ লগতে অনুজ্ঞাপত্ৰসমূহ নিলম্বন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ।

FIRs Filed Against Sanitizer Companies In Haryana
হাৰিয়ানাত বহুকেইটা চেনিটাইজাৰ কোম্পানীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ গোচৰ ৰুজু

নিউজ ডেস্ক,৬আগষ্ট: হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে জানিবলৈ দিয়া মতে ৰাজ্যখনৰ বিভিন্ন ব্ৰেণ্ডৰ ছেনিটাইজাৰ নিৰ্মাণকাৰী ১১টা কোম্পানীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ৰুজু কৰিছে গোচৰ । ইয়াৰ লগতে বিসংগতি পোৱা ছেনিটাইজাৰৰ নিৰ্মাণকাৰী কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰাৰ বাবেও চৰকাৰে জাৰি কৰিছে নিৰ্দশনা ।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে যে, হাৰিয়ানাৰ খাদ্য আৰু ঔষধ নিয়ন্ত্ৰণ বিভাগে প্ৰায় ২৪৮ টা ছেনিটাইজাৰৰ নমুনা সংগ্ৰহ কৰি ইয়াৰে ১২৩ টা ছেনিটাইজাৰৰ নমুনাৰ ফলাফল পোৱা গৈছিল । ইয়াৰে ১০৯ টা ছেনিটাইজাৰৰ নমুনাৰ ১৪টাত পোৱা গৈছিল বিসংগতি । এই সমূহৰ ৯টা ব্ৰেণ্ডত অতিকে নিম্ন মানদণ্ড আৰু ৫টা ব্ৰেণ্ডত অত্যাধিক পৰিমানত মিথানলৰ উপস্থিতি পোৱা গৈছিল যি হয় অত্যন্ত বিষাক্ত ।

ইয়াৰ পিছতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বজাৰত মুকলি কৰি দিয়া ১৪ টা ব্ৰেণ্ডৰ নিম্ন মানদণ্ডৰ তথা বিষাক্ত ছেনিটাইজাৰ সমূহ তৎকালে সংগ্ৰহ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰে । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে,মহামাৰী ক'ৰণাৰ আৰম্ভৰ সময়চোৱাত ৰাজ্যখনৰ বজাৰত নকল ছেনিটাইজাৰ বিক্ৰীৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগক গুৰুত্ব দি খাদ্য আৰু ঔষধ নিয়ন্ত্ৰণ বিভাগৰ দ্বাৰা ৰাজ্যৰ জিলা সমূহত নকল ছেনিটাইজাৰৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ।

ইয়াৰ পিছতেই ৰাজ্যখনৰ বিভিন্ন জিলা সমূহত খাদ্য আৰু ঔষধ নিয়ন্ত্ৰণ বিভাগে অভিযান চলাই ২২মে' লৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰথম পৰ্য্যায়ত ৯০টাকৈ নমুনা সংগ্ৰহ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.