ETV Bharat / bharat

ৰাজস্থানত লোকাষ্টৰ আতংকঃ কষি ভূমিত কীটনাশক প্ৰয়োগ প্ৰশাসনৰ

author img

By

Published : Jun 1, 2020, 8:40 AM IST

জিলা খনত এই পোক বিধে নষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ৷ অগণন পোকে চানি ধৰিছে কৃষি ভূমি সমুহ ৷ এয়া দশকটোৰ ভিতৰতে সৰ্বাধিক লোকাষ্ট সন্ত্ৰাস বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ কৃষি বিভাগে ৷

Fire engines spray insecticides to kill locusts in Jaipur
ৰাজস্থানত লকাষ্টৰ আতংকঃ কষি ভুমিত কীটনাশক প্ৰয়োগ প্ৰশাসনৰ

নেশ্বনেল ডেস্ক, 1 জুনঃ ৰাজস্থানৰ গংগানগৰ জিলাত লোকাষ্ট পোকৰ সন্ত্ৰাস ৷ জিলা খনত এই পোক বিধে নষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা কৃষি ভুমি ৷ অগনন পোকে চানি ধৰিছে কৃষি ভুমি সমুহ ৷ এইয়া দশকটোৰ ভিতৰতে সৰ্বাধিক লকাষ্ট সন্ত্ৰাস বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ কৃষি বিভাগে ৷ ফলত উপায়ন্তৰ হৈ দেওবাৰে পোক বিধৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে জয়পুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষি ভূমিত অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা কীটনাশক দ্ৰৱ প্ৰয়োগ কৰে জিলা প্ৰশাসনে ৷ বিশেষকৈ জিলা খনৰ ৰামগড় অঞ্চলৰ ঘাটি ঘনশ্যামপুৰত এই কীটনাশক প্ৰয়োগ কৰে জিলা প্ৰশাসনে ৷

উল্লেখ্য যে, বিগত 11 মে' ত ব্যাপক ভাৱে এই পোকবিধে খেতি পথাৰ অনিষ্ট কৰাৰ খবৰ আহিছিল উত্তৰ ৰাজস্থানৰ গংগানগৰৰ পৰা ৷ ইয়াৰ পাছতে ৰাজ্যখনৰ বিভিন্ন জিলাত আৰম্ভ হৈছে লোকাষ্ট পোকৰ সন্ত্ৰাস ৷ যাৰ বাবে বিমোৰত পৰিছে কৃষক সকলৰ লগতে জিলা প্ৰশাসন তথা সমূহ তথা ৰাজ্যখনৰ কৃষি বিভাগ ৷ উল্লেখ্য যে, উত্তৰ ভাৰতৰ বহুকেইখন জিলাত "টিদ্দি ডাল" হিচাপে পৰিচিত এই ভয়ানক লোকাষ্ট পোকবিধ ৷ এই অনিষ্টকাৰী পোকবিধ পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত অধিক পৰিমানে বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে ৰাজস্থানৰ কৃষি বিভাগৰ উপ পৰিচালক বি আৰ কাডৱাই ৷ আনহাতে মে-জুন মাহৰ মাজতে পুনৰ বাৰ এই পোকবিধে বেয়াকৈ ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ অধীনৰ লোকাষ্ট ৱাৰ্নিং অৰগেনাইজেছনে ৷

লগতে পঢ়কঃ হস্তী-মানৱ সংঘাত : চামগুৰিত জ্বলিল বন বিভাগৰ কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.