নিউজ ডেস্ক,12 আগষ্টঃ মহাৰাষ্ট্ৰৰ থানেত মঙলবাৰে COVID-19 হাস্পতালত সংঘটিত হয় অগ্নিকাণ্ড ৷ মঙলবাৰে নিশা থানেৰ এখন COVID-19 হাস্পতালৰ তৃতীয় মহলাত থকা এখন ফাৰ্মাচীত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ বৰ্তমান পৰ্যন্ত এই অগ্নিকাণ্ডত কোনো লোক আঘাটপ্ৰাপ্ত হোৱা নাই বুলি সদৰি কৰে থানে পৌৰ নিগমে ৷
তাৰোপৰি থানে পৌৰ নিগমৰ এজন বিষয়ববীয়াই এই ঘটনা নিশা প্ৰায় 11.30 বজাত সংঘটিত হয় বুলি জানিবলৈ দিয়ে ৷ আনহাতে,অংগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাচতে হাস্পতালখনৰ আইচিইউত চিকিৎসাধীন হৈ থকা 4 গৰাকী ৰোগীক শীঘ্ৰে অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে বুলি জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ কাৰণ বৰ্তমান পৰ্যন্ত জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে থানে পৌৰ নিগমে ৷
লগতে পঢ়কঃ অশান্ত জম্মু-কাশ্মীৰ: সংঘৰ্ষত আহত দুগৰাকী সেনা জোৱান