ETV Bharat / bharat

বিদ্যালয় খোলাৰ বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে এজাহাৰ

author img

By

Published : Jun 4, 2020, 3:59 PM IST

পাঞ্জাৱ আৰক্ষীয়ে গোচৰ তৰিলে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে। পাঞ্জাৱ লুধিয়ানাৰ হাইবুৱাল অঞ্চলত বিদ্যালয় খুলি পাঠদান অব্যাহত ৰাখিছিল প্ৰধান শিক্ষকজনে ।

বিদ্যালয় খোলাৰ বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে এজাহাৰ
বিদ্যালয় খোলাৰ বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে এজাহাৰ

নিউজ ডেস্ক, 4 জুনঃ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে দুমাহৰো অধিক কাল জাৰি হৈ আছে লক ডাউন । বৰ্তমান বহু ক্ষেত্ৰত শিথিলতা আনিলেও বিদ্যালয় সমূহ খোলাৰ বাবে দিয়া নাই কোনো নিৰ্দেশনা। এই সময়তে পাঞ্জাৱৰ এজন প্ৰধান শিক্ষকে নিয়ম ভংগ কৰি বিদ্যালয় খুলি অব্য়াহত ৰাখিছিল পাঠদান । আৰক্ষীয়ে এই কথাৰ উমান পায় প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ।

পশ্চিম লুধিয়ানাক আৰক্ষীৰ উৰ অধীক্ষক সমীৰ বাৰ্মাই অৱগত কৰা অনুসৰি প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 188 শাখা আৰু দুৰ্যোগ প্ৰণমণ আইনৰ শাখা 51 ৰ অধীনত গোচৰ ৰুজু কৰিছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জুনৰ পৰৱৰ্তী মাহৰ পৰাহে ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে কন্টেইনমেন্ট জ'নৰ বাহিৰৰ সকলোবোৰ কাৰ্যকলাপ খুলিবলৈ অনুমতি দিয়াৰ চিন্তা-চৰ্চা কৰিছে ।

লগতে চাওকঃ কলগাছিয়াৰ ধৰ্মপুৰত ঋণ মাফৰ দাবীৰে মহিলাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.