নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: প্ৰতিৰক্ষা ক্ষেত্ৰত স্বদেশীকৰণত গুৰুত্ব আৰোপ কৰি ভাৰতে আজি নাগ এণ্টি টেংক মিছাইলৰ অন্তিম পৰীক্ষণ সফলভাৱে সম্পন্ন কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতে আজি ৰাজস্থানৰ পোখৰাণত পুৱা ৬.৪৫ বজাত DRDOৰ দ্বাৰা বিকাশ কৰা নাগ এণ্টি টেংক গাইডেড মিছাইলৰ অন্তিম পৰীক্ষণ সম্পন্ন কৰে।
এই অস্ত্ৰ প্ৰণালী এতিয়া ভাৰতীয় সেনাৰ অস্ত্ৰ ভাণ্ডাৰত অন্তৰ্ভুক্ত হ'বলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। শত্ৰুৰ যুদ্ধ টেংক আৰু আন অস্ত্ৰ-শস্ত্ৰ নি:শেষ কৰিবলৈ ভাৰতীয় সেনাই এনে এক মিছাইলৰ অপেক্ষাত আছিল। নাগ মিছাইল কেৰিয়াৰৰ পৰা এই মিছাইলেৰে ৪-৭ কি:মি: পৰ্যন্ত লক্ষ্য স্থিৰ কৰিব পৰা যাব আৰু লক্ষ্য ভেদ কৰিবলৈ এটা এডভান্সড ছিকাৰৰ সৈতে সংযুক্ত কৰিব লাগিব।
নাগ মিছাইল থাৰ্ড জেনেৰেছন এণ্টি টেংক গাইডেড মিছাইল আৰু দিন আৰু ৰাতি দুয়োটা সময়তে শত্ৰু পক্ষৰ টেংক ধ্বংস কৰিব পৰা ক্ষমতা আছে। ২.৫ কি:মি: দূৰত্বৰ পৰা লক্ষ্য ভেদ কৰিবলৈ ভাৰতীয় সেনাক অস্ত্ৰৰ প্ৰয়োজন আছিল। ভাৰতীয় সেনাই বৰ্তমান ছেকেণ্ড জেনেৰেছন মিলান 2T আৰু কংকুৰ এ টি জি এম এছ ব্যৱহাৰ কৰি আছে। ২০১৮ চনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ বাবে ৩০০টা নাগ মিছাইল আৰু ২৫NAMICA প্ৰস্তুত কৰাৰ বাবে সিদ্ধান্ত লৈছিল।
লগতে পঢ়ক:পিয়াজৰ আকাশলংঘী মূল্য হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ