নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : কৃষক বিদ্ৰোহৰ আজি 22 টাকৈ দিন সম্পূৰ্ণ হ'ল ৷ অতিপাত ঠাণ্ডাৰ মাজতো দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে ৷ এই সম্পৰ্কত ঘাজিপুৰ সীমান্ত অঞ্চলৰ পৰা অশোক কুমাৰে কয়, " আমাৰ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আমি ঠাণ্ডাৰ সৈতেও যুঁজি থাকিম ৷ বৰষুণ দিলেও আমি ইয়াৰ পৰা আঁতৰ নহওঁ ৷"
আন এজন প্ৰতিবাদকাৰীয়ে কয়, "এই ঠাণ্ডা বতৰৰ মাজতো আমি জুই ধৰিছো আৰু কম্বল ব্যৱহাৰ কৰিছো ৷ ইয়াত সকলো ধৰণৰ সুবিধা লাভ কৰিছো ৷ আমি চানা, পোলাও, চাহ, পুৰি আৰু আলু লাভ কৰিছো ৷ কিন্তু গা ধুৱা ঘৰ অপৰিস্কাৰ হোৱা বাবে অসুবিধা পাইছো ৷"
অমৃতসৰৰ পৰা ৰঞ্জিত সিঙে কয়, "গুৰুদ্বাৰত প্ৰতিবাদকাৰীক মই খাদ্য যোগান ধৰি কিছু সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিছো ৷"
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে বুধবাৰে কয়, "লক্ষাধিক কৃষকে এই আইনৰ সপক্ষে থিয় দিছে ৷ ইয়াৰ বাবে তেওঁলোকে আজি গোৱালিয়ৰত একত্ৰিত হৈছিল ৷" এক ভিডিঅ' কনফাৰেন্সিঙত এই কথা উল্লেখ কৰে তোমৰে ৷
লগতে পঢ়ক : আজি প্ৰধানমন্ত্ৰী মোডী, শ্বেইখ হাছিনাৰ ভাৰ্চুৱেল বৈঠক