নিউজ ডেস্ক, 7 জুলাইঃ গুজৰাটৰ চুৰটৰ এটি অট্টালিকাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 85 লাখ টকাৰ নকল নোট ৷ চুৰটৰ শচীন অঞ্চলৰ এটি আবাসিক অট্টালিকাৰ পৰা আৰক্ষীয়ে নকল টকাসহ দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে আন এগৰাকী লোক পলাই যাবলৈ সক্ষম হয় ৷
চুৰটৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত বিধী চৌধুৰীয়ে সংবাদমেলযোগে এই তথ্য প্ৰকাশ কৰিছে ৷ আটকাধীন লোকদুজনৰ ভিতৰত এগৰাকী মহিলা আছে আৰু তেওঁলোকক কাঞ্জী ৰাঞ্চোৰ ভাৰত আৰু সুনীতা লক্ষ্মণ ভাউ বুলি জনাইছে গুজৰাট আৰক্ষীয়ে ৷ আনহাতে ঘটনাস্থলীৰ পৰা আৰক্ষীৰ চকুত ধূলি মাৰি পলাই যাবলৈ সক্ষম হয় শচীন গুলাবভাই পাৰমাৰ নামৰ লোকজন ৷
উদ্ধাৰ হোৱা টকাসমূহৰ ভিতৰত 84 লাখ টকাৰ দুহেজাৰটকীয়া নোটৰ লগতে 1.2 লাখ টকাৰ পাঁচশটকীয়া নোট আছে ৷ ঘটনা সন্দৰ্ভত ভাৰত নগৰ আৰক্ষী চকী, বদোদৰা আৰক্ষী চকী, কেমৰাজ আৰক্ষী চকী আৰু আমৰেলী গ্ৰাম্য আৰক্ষী চকীত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷