ETV Bharat / bharat

সলনি হ’ব ‘Fair & Lovely’ ৰ নাম - ব্লেক লাইফ মেটাৰ আন্দোলন

নতুন নামেৰে বজাৰলৈ আহিব ‘Fair & Lovely’ ৷ বিশ্বজুৰি বৰ্ণবৈষম্যক লৈ চলা প্ৰতিবাদৰ পাচতেই প্ৰসাধন ক্ৰীম Fair & Lovely নামাকৰণক লৈ উঠিছিল প্ৰশ্ন ৷ ইয়াৰ পাচতেই এই প্ৰসাধন ক্ৰীমৰ নাম সলনি কৰাৰ কথা স্পষ্ট কৰা হৈছে কোম্পানীৰ ফালৰ পৰা ৷ Fair & Lovely সলনি Glow & Lovely নামাকৰণ কৰাৰ বিপৰীতে পুৰুষৰ বাবে থকা প্ৰসাধন ক্ৰীমটোৰ নাম হ’ব Glow & Handsome ৷

Fair & Lovely is now Glow & Lovely
Fair & Lovely is now Glow & Lovely
author img

By

Published : Jul 3, 2020, 2:39 AM IST

নিউজ ডেস্ক, 3 জুলাই : শেহতীয়াকৈ বিশ্বজুৰি বৰ্ণবৈষম্যক লৈ চলা প্ৰতিবাদৰ পাচতেই ভাৰতৰ প্ৰচলিত প্ৰসাধন ক্ৰীম Fair & Lovely নামাকৰণে সমাজত বৰ্ণবৈষ্যমক প্ৰচয় দিয়া বুলি অভিযোগ উত্থাপনৰ পাচতেই বৃহস্পতিবাৰে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড কোম্পানীটোৱে Fair & Lovely ৰ নাম সলনি কৰাৰ কথা উল্লেখ কৰে ৷

পূৰ্বৰ Fair শব্দৰ সলনি Glow শব্দৰ ব্যৱহাৰ কৰাৰ কথা স্পষ্ট কৰা হৈছে কোম্পানীটোৰ ফালৰ পৰা ৷ 1975 চনৰ পৰা ভাৰতীয় বজাৰত প্ৰচলিত হৈ থকা মুখত লগোৱা এই প্ৰসাধন ক্ৰীমটো প্ৰথমে Fair & Lovely হিচাপে জনা গৈছিল যদিও এতিয়া ইয়াক Glow & Lovely নামাকৰণেৰে বজাৰত মুকলি কৰা হ’ব বুলি এক বিজ্ঞপ্তি যোগে কোম্পানীটোৱে জানিবলৈ দিয়ে ৷ আনহাতে পুৰুষৰ বাবে থকা ক্ৰীমটোৰ নাম Fair & Handsome ৰ সলনি Glow & Handsome কৰা হ’ব বুলি স্পষ্ট কৰে ৷

চলিত বৰ্ষত আমেৰিকাত জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণ লোকক হত্যা কৰাৰ পাচতেই সমগ্ৰ বিশ্বতে ‘‘ব্লেক লাইফ মেটাৰ’’ আন্দোলনৰ সূচনা হোৱাৰ পাচতেই বহু কেইটা প্ৰসাধন কোম্পানীৰ সামগ্ৰীৰ উৎপাদন আৰু নামাকৰণক লৈ প্ৰশ্ন উত্থাপন হৈছিল ৷

এই আন্দোলনৰ পাচতেই শেহতীয়াকৈ জনছন এণ্ড জনছন কোম্পানীয়েও ভাৰত সহ সমগ্ৰ বিশ্বতে তেওঁলোকৰ স্কীন হুৱাইটনিং ক্ৰীমৰ বিক্ৰী বন্ধ কৰিছে ৷ ইপিনে লৰিয়েল গ্ৰুপেও বিগত সপ্তাহত তেওঁলোকৰ চালৰ বাবে ব্যৱহিত ক্ৰীম সমূহত হুৱাইট, হুৱাইটিং, ফেয়াৰ, ফেয়াৰনেছ, লাইট, লাইটনিং আদি শব্দৰ ব্যৱহাৰ আঁতৰোৱাৰ কথা উল্লেখ কৰিছিল ৷

লগতে চাওক-অশ্লীল ভিডিঅ’ আপল'ড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.