ETV Bharat / bharat

লক্ষ্য 2024 : 120 দিনীয়া ৰাষ্ট্ৰ ভ্ৰমণলৈ নাড্ডা - তামিলনাডু

2024 ৰ সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ ভাৰতীয় জনতা পাৰ্টীৰ ৷ 2024 ৰ নিৰ্বাচনৰ বাবে দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰ ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ ডিচেম্বৰ 5 তাৰিখে উত্তৰাখণ্ডৰ পৰা ভ্ৰমণ আৰম্ভ কৰাৰ সম্ভাৱনা ৷

120 দিনীয়া ৰাষ্ট্ৰ ভ্ৰমনলৈ নাড্ডা
120 দিনীয়া ৰাষ্ট্ৰ ভ্ৰমনলৈ নাড্ডা
author img

By

Published : Nov 22, 2020, 7:40 PM IST

নতুন দিল্লী, 22 নৱেম্বৰ : 2024 ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 120 দিনীয়া ৰাষ্ট্ৰ ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ পূৰ্বৰ সাধাৰণ নিৰ্বাচনত দলটোৱে দুৰ্বল প্ৰদৰ্শন কৰা অঞ্চলসমূহত গেৰুৱা দলটোৰ ভেটি সুদৃঢ় কৰাৰ লগতে খেলি মেলি হৈ থকা দলৰ সাংগঠনিক প্ৰক্ৰিয়াক থান-থিত লগোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এই ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নাড্ডাই উত্তৰাখণ্ডৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৷ ডিচেম্বৰ 5 তাৰিখৰ পৰা নাড্ডাই তেওঁৰ যাত্ৰা আৰম্ভ কৰাৰ সম্ভৱনা আছে বুলিও তেওঁ উল্লেখ কৰে ৷ সিঙে কয় যে প্ৰত্যেকখন ৰাজ্যৰ তেওঁ ভ্ৰমণ কৰিব আৰু বুথ ইউনিট আৰু দলৰ ক্ষুদ্ৰতম সাংগঠনিক গোট তথা সাংসদ, বিধায়ক, শীৰ্ষ নেতা সকলৰ লগতে সকলোৰে সৈতে ভাৰ্চুৱেল মিটিঙত সভাপতি গৰাকী মিলিত হ'ব ৷

তেওঁ কয় যে ভ্ৰমনৰ কালছোৱাত নাড্ডাই দলীয় নেতা সকলৰ সৈতে দলটোৰ ভেটি সুদৃঢ় কৰাৰ কৌশল সম্পৰ্কে আলোচনাত মিলিত হ'ব আৰু 2019 চনত বিজেপিয়ে জয়লাভ কৰিবলৈ বিফল হোৱা অঞ্চলসমূহত কেনেকৈ ভাল প্ৰদৰ্শন কৰিব পাৰি সেই সম্পৰ্কে আলোচনাত মিলিত হ'ব ৷

সিঙে লগতে কয় যে যিহেতু 2021 ৰ মধ্যভাগলৈ পশ্চিমবংগ , কেৰালা , তামিলনাডু আৰু অসমত বিধানসভাৰ নিৰ্বাচন অনষ্ঠিত হ'ব সেয়ে বিধানসভা নিৰ্বাচনৰ বাবেও দলৰ প্ৰস্তুতি তেওঁ পৰ্যবেক্ষণ কৰিব ৷

লগতে পঢ়ক: আছুৰ নৱ নিৰ্বাচিত কাৰ্যালয় সম্পাদকে কি ক’লে ইটিভি ভাৰতক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.