ETV Bharat / bharat

PSAৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ : চিদাম্বৰম

author img

By

Published : Aug 1, 2020, 4:20 PM IST

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ মুক্তিৰ দাবী উত্থাপন কৰি কলে, ১৯৭৮ৰ সাৰ্বজনীন সুৰক্ষা অধিনিয়ম আইনৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ কৰা হৈছে। এয়া দেশৰ প্ৰতিজন নাগৰিকৰ বাবে থকা সংবিধানিক অধিকাৰৰ ওপৰত এক আক্ৰমণ ।

Extension of Mehbooba Mufti's detention under PSA an abuse of law: P Chidambaram
PSAৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ : চিদাম্বৰম

নিউজ ডেস্ক,১আগষ্ট: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে শনিবাৰে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ মুক্তিৰ দাবী উত্থাপন কৰি কলে, ১৯৭৮ৰ সাৰ্বজনীন সুৰক্ষা অধিনিয়ম আইনৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা বৃদ্ধিৰে আইনৰ অপপ্ৰয়োগ কৰাৰ লগতে দেশৰ প্ৰতিজন নাগৰিকৰ বাবে থকা সাংবিধানিক অধিকাৰক খৰ্ব কৰা হৈছে ।

৬১ বছৰীয়া এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী যি ২৪ ঘণ্টাই নিৰাপত্তা বেষ্টনীৰ মাজত সোমাই থাকে,তেনে এগৰাকী মহিলা নেত্ৰীৰ পৰা দেশৰ সাৰ্বজনীন সুৰক্ষাক লৈ কেনেদৰে বিপদ আহিব পাৰে ? চৰ্ত সাপেক্ষে মুক্তিৰ প্ৰস্তাৱক মেহবুবা মুফটিয়ে অগ্ৰাজ্য কৰাৰ প্ৰসংগত চিদাম্বৰমে কলে,কোনো স্বভিমানী নেতাই এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ প্ৰশ্ন আহিব নোৱাৰে ।

শনিবাৰৰ টুইটটোত চিদাম্বৰমে উল্লেখ কৰিলে,মেহবুবা মুফটিক এনে দৰে নজৰবন্দী কৰি ৰখাৰ এটা কাৰণ হৈছে তেওঁৰ দলীয় পতাকাৰ ৰং,সেয়া হাস্যকৰ।

তেওঁ ধাৰা ৩৭০ বাতিলৰ বিৰুদ্ধে কিয় মাত মাতিব নোৱাৰে ? এয়া বাক স্বাধীনতাৰ অংশ নহয় ? মই নিজেই উচ্চতম ন্যায়ালয়ত ধাৰা ৩৭০ বাতিলৰ বাবে চেলেঞ্জ দিয়াসকলৰ ভিতৰত এজন আছিলো । যদি মই ধাৰা ৩৭০ৰ বিৰুদ্ধে কওঁ ? এয়া দেশৰ সাৰ্বজনীন সুৰক্ষাৰ বাবে ভাবুকি হ'ব নেকি ? আমি সকলোৱে এই লৈ মাত মতা উচিত আৰু চৰকাৰেও মেহবুবা মুফটিক শীঘ্ৰে মুক্তি দিব লাগে । এইদৰে ক'লে জ্যেষ্ঠ নেতা চিদাম্বৰমে ।

উল্লেখ্য যে শুকুৰবাৰে সাৰ্বজনীন সুৰক্ষা অধিনিয়ম আইনৰ অধীনত মেহবুবা মুফটিৰ নজৰবন্দীৰ সময়সীমা আৰু তিনি মাহলৈ বৃদ্ধি কৰিলে । ইয়াৰ পূৰ্বেও যোৱা ৫ মে'ত তিনি মাহলৈ বৃদ্ধি কৰিছিল নেত্ৰীগৰাকীৰ নজৰ বন্দীৰ সময় সীমা ।

ফাৰুক আব্দুল্লাকে ধৰি মেহবুবুবা মুফটি আৰু বহু সংখ্যক নেতাক সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতেই নজৰ বন্দী কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.