ETV Bharat / bharat

তৃতীয় স্তৰত অধিক সাৱধানতা অৱলম্বন কৰক

author img

By

Published : Apr 15, 2020, 1:16 PM IST

ভাৰতে লকডাউন ঘোষণা কৰা দুমাহ পূৰ্বে কৰ’ণা ভাইৰাছৰ অভিকেন্দ্ৰ ইউহানক সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইন কৰা হৈছিল । হুবেই প্ৰদেশৰ আন বহু অঞ্চলতো কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছিল । আমি যেতিয়া জনতা সান্ধ্য আইন মানিছিলো তেতিয়া চীনত আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাবলৈ লয় । চীনৰ চুৰকাৰে ইউহানত দুমহীয়া লকডাউন প্ৰত্যাহাৰ কৰিবলৈ এটা স্তৰৰ পাছত এটা স্তৰ হিচাপত ব্যৱস্থা গ্ৰহণ কৰিছিল ।

তৃতীয় স্তৰত অধিক সাৱধানতা অৱলম্বন কৰক
তৃতীয় স্তৰত অধিক সাৱধানতা অৱলম্বন কৰক

ক’ভিড-১৯ ৰ সমক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা একৈশদিনীয়া লকডাউনৰ অন্ত পৰিছে আৰু বৰ্দ্ধিত লকডাউন আৰম্ভ হৈছে । তেওঁৰ মতে কোনো প্ৰতিকাৰ নথকা ভাইৰাছবিধৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব মানি চলা। আমেৰিকা আৰু ইউৰোপৰ তুলনাত ভাৰতত ভাইৰাছবিধ বিয়পাৰ হাৰ কম যদিও দেশত আক্ৰান্তৰ সংখ্যা চিন্তনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে । দেশজুৰি ভাইৰাছৰ হটস্পট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সন্মুখত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে । ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কৌশলৰ সৈতে ৰাজ্যসমূহ সাজু আছেনে নাই তেওঁ প্ৰশ্ন কৰিছিল । তিনি সপ্তাহজোৰা লকডাউনৰ উদ্দেশ্য আছিল নভেল কৰ’ণা ভাইৰাছৰ শিকলিডাল ভাঙি পেলোৱা । এই গৃহ বন্দীত্ব আঁতৰাই দিলে মানুহবোৰ বাহিৰলৈ ওলাই অহাৰ লগতে সকলো পিনে জুম পাতিবলৈ ল’ব । তেতিয়া সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা সকলো ব্যৱস্থাই প্ৰসহনত পৰিণত হ’ব। গতিকে ভাইৰাছৰ হটস্পট সমূহত কোৱাৰেণ্টাইন অব্যাহত ৰাখি কমকৈ আক্ৰান্ত অঞ্চলসমূহত লাহে লাহে বাধা-নিষেধ আঁতৰোৱাটোৱেই সঠিক উপায় হ’ব । লাহে লাহে লকডাউন শিথিল কৰিলেও ব্যাপক হাৰত কনটেক্ট ট্ৰেচিং আৰু পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ উমৈহতীয়া উদ্দেশ্যৰে একেলগে কাম কৰিব লাগিব ।

ভাৰতে লকডাউন ঘোষণা কৰা দুমাহ পূৰ্বে কৰ’ণা ভাইৰাছৰ অভিকেন্দ্ৰ ইউহানক সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইন কৰা হৈছিল । হুবেই প্ৰদেশৰ আন বহু অঞ্চলতো কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছিল । আমি যেতিয়া জনতা সান্ধ্য আইন মানিছিলো তেতিয়া চীনত আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাবলৈ লয় । চীনৰ চুৰকাৰে ইউহানত দুমহীয়া লকডাউন প্ৰত্যাহাৰ কৰিবলৈ এটা স্তৰৰ পাছত এটা স্তৰ হিচাপত ব্যৱস্থা গ্ৰহণ কৰিছিল । স্থানীয় লোকসকলৰ চলাচলত নিষেধাজ্ঞা অব্যাহত থকাৰ সময়তে চৰকাৰে বাহিৰৰ পৰা মানুহৰ আগমণক অনুমতি প্ৰদান কৰে । ইউহানৰ বাদে আন স্থানত ৰে’ল ষ্টেচন আৰু বিমান বন্দৰসমূহ স্বাভাৱিকভাৱে চলি আছে । ক’ভিড-১৯ ৰ অভিতেন্জ্ৰ হিচাপে নাম পোৱাু ইউহানক কিছু দৈনন্দিন কাৰ্যকলাপ পুনৰ আৰম্ভ ঘটিছে । উপ পথ আৰু শ্বপিং কমপ্লেক্সসমূহ খোলা হৈছে । বেংক আৰু বাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা সত্বেও ৬৫ বছৰৰ ঊৰ্ধৰ লোকসকলক প্ৰয়োজন নহ’লে ৰাজহুৱা পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰাৰ পৰা বাৰণ কৰা হৈছে । হুবেই স্বাস্থ্য আয়োগৰ বিষয়ববীয়া লিউ ডংগ্ৰুৱে এনেদৰে কয়— “আক্ৰান্তৰ সংখ্যা শূন্য হোৱাটোৱেই কোনো বিপদ নথকাটো নুবুজায় ।”

এই কথাষাৰৰ সত্যতা উপলব্ধি কৰি আমাৰ চৰকাৰে লাহে লাহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ঘন বসতিপূৰ্ণ অঞ্চলসমূহত কঠোৰভাৱে নিষেধাজ্ঞা বলবৎ কৰি দেশখনক এই মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰি ।

লকডাউনৰ সময়ত প্ৰতিদিনে প্ৰায় ৩৫ হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলি অনুমান কৰা হৈছে । ২১ দিনত এই লোকচানৰ পৰিমাণ ৭ লাখ ৫০ হাজাৰ কোটি টকা । এই সংখ্যাই প্ৰমাণ কৰে ভাৰতে কিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে । প্ৰধানমন্ত্ৰীয়ে পূৰ্বে মন্তব্য কৰিছিল যে তেওঁৰ চৰকাৰৰ বাবে অৰ্থনৈতিক লাভ বা লোকচানৰ সলনি নাগৰিকৰ জীৱনহে অধিক গুৰুত্বপূ্ৰ্ণ । অৱশ্যে শেহতীয়াকৈ প্ৰাণ আৰু দেশ দুয়োটাই জৰুৰী বুলি মন্তব্য কৰিছে । যদি লকডাউনৰ সময়খিনি শেষ হোৱাৰ পাছত নাগৰিকসকল অস্বাস্থ্যকৰ আৰু যত্নহীন জীৱন যাত্ৰালৈ উভতি যায় তেতিয়া দেশখনে ইয়াৰ ফল ভোগ কৰিব লাগিব । যদি আমি ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা অক্ষুণ্ণ নাৰাখো আৰু সামাজিক দুৰত্ব পৰিহাৰ কৰি দলে-বলে একলগ হ’বলৈ লওঁ, সংক্ৰমণৰ সীমা-সংখ্যা একোৱেই নাথাকিব । আমেৰিকা,ইংলেণ্ড,ইটালীৰ দৰে শক্তিশালী স্বাস্থ্য সেৱাৰ ব্যৱস্থা থকা দেশসমূহে ক’ভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰিছে । সেইসমূহ দেশৰ চিকিৎসা ব্যৱস্থা সংকটৰ সন্মুখীন হৈছে । তেনে পৰিস্থিতি ভাৰততো নহ'বলৈ সমগ্ৰ দেশে লকডাউনৰ নিয়মসমূহ মনাটো প্ৰয়োজন । বেংগালুৰু,মহীশূৰ,চিক্কাবাল্লাপুৰ আদি হটস্পটত কৰ্ণাটক চৰকাৰে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে । যাতে আন অঞ্চলসমূহ হটস্পট হৈ নপৰে তাৰ বাবে প্ৰতিখন কাজ্য চৰকাৰী যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে । বহু মুখ্যমন্ত্ৰীয়ে কৃষকৰ ফচল সংগ্ৰহ,ধৰ্মীয় সমাবেশ আদিৰ ক্ষেত্ৰত বিভিন্ন প্ৰস্তাৱ আগবঢ়াইছে । সংবিধানত উল্লেখিত একতাৰ বাণীক সাৰোগত কৰি আন দেশৰ পৰা শিক্ষা লাভ কৰি আমি এখন দেশৰ নাগৰিক হিচাপে সকলোলে একত্ৰিত হৈ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি জয়লাভ কৰিব লাগিব ।

লগতে চাওকঃ গাজিয়াবাদত 1000 তেজৰ নমুনা পৰীক্ষা কৰা হৈছে : স্বাস্থ্য বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.