ETV Bharat / bharat

নতুন শিক্ষা নীতি সন্দৰ্ভত কমল গৌড়ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ - interview on new education policy with kamal gaur

নতুন শিক্ষা নীতিত বাদ পৰি ৰ’ল একাধিক গুৰুত্বপূৰ্ণ বিষয় ৷ কোভিড 19 সদৃশ পৰিস্থিতি ভৱিষ্যতে সৃষ্টি হ’লে গ্ৰহণ কৰিব লগা ব্যৱস্থা সম্পৰ্কে কোনো বিষয় উল্লেখ কৰা নহ’ল নতুন শিক্ষা নীতিত ৷ ‘ছেইভ দ্য চিলড্ৰেন’ৰ শিক্ষা প্ৰধান কমল গৌড়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়ে সাক্ষাৎকাৰ যোগে বাখ্যা কৰিলে নতুন শিক্ষা নীতিৰ ধনাত্মক আৰু বাদ পৰি যোৱা বিষয় সমূহ ৷

exclusive interview with kamal gauda regarding new education policy 2020
বিশ্বস্তৰৰ শিক্ষা ব্যৱস্থাৰ সৈতে ভাৰতৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতাত নমাৰ সুযোগ দিছে নতুন শিক্ষা নীতিয়ে
author img

By

Published : Aug 1, 2020, 5:50 PM IST

নিউজ ডেস্ক , 1 আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিলে নতুন শিক্ষা নীতি 2020. এই নীতিক লৈ সম্প্ৰতি চৰ্চা অব্যাহত আছে সমগ্ৰ দেশতে ৷ কিন্তু ভৱিষ্যতে ক’ভিড 19 য়ে সমগ্ৰ বিশ্বজুৰি সৃষ্ট কৰা পৰিস্থিতিৰ দৰে ভৱিষ্যতে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হ’লে ইয়াৰ সৈতে কেনেকৈ মোকাবিলা কৰা হ’ব সেই বিষয় শিক্ষা নীতিত সম্পূৰ্ণ ৰূপে বাদ পৰিল ৷

এই সন্দৰ্ভত ভাৰতৰ ‘ছেভ দ্য চিলড্ৰেন’ৰ শিক্ষা প্ৰধান কমল গৌড়ে কয় যে,প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক উভয় শিক্ষা খণ্ডৰ কাৰণে নতুন শিক্ষা নীতি ২০২০, প্ৰকৃতিগতভাৱে এক ৰূপান্তৰকামী নীতি ৷ কিন্তু ক’ভিড মহামাৰীৰ প্ৰসংগ এই নীতিৰ পৰা সম্পূৰ্ণৰূপে বাদ পৰি ৰ’ল ৷

বিশ্বস্তৰৰ শিক্ষা ব্যৱস্থাৰ সৈতে ভাৰতৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতাত নমাৰ সুযোগ দিছে নতুন শিক্ষা নীতিয়ে

ই টিভি ভাৰতৰ হৈ কৃষ্ণনন্দ ত্ৰিপাঠীৰ সৈতে হোৱা এক আছুতীয়া কথোপকথনত তেওঁ কয় যে নতুন শিক্ষা নীতিয়ে ক’ভিডৰ দৰে পৰিস্থিতিৰ বাবে কেনেকৈ আমাৰ বিদ্যালয়বোৰক প্ৰস্তুত কৰিব লাগিব এই নীতিত সেই বিষয় উত্থাপন কৰা ন’হল ৷

প্ৰশ্নঃ কেৱল মাত্ৰ শিক্ষা পদ্ধতিটোক ১০+২ ৰ পৰা এক ১৫ বছৰীয়া নতুন ব্যৱস্থালৈ ৰূপান্তৰিত কৰিলেই,দেশত আমি যি ধৰণেৰে শিক্ষা প্ৰদান কৰি আহিছো সেয়া সলনি হ’ব নে ?

উত্তৰঃ আপুনি যদি কেৱল অভিপ্ৰায়টোলৈ লক্ষ্য কৰে তেনেহ’লে প্ৰাথমিক স্তৰ আৰু উচ্চতৰ শিক্ষা উভয়তে দেখিব,ই খুবেই ৰূপান্তৰমুখী ৷ এই নীতিয়ে এক বহল পৰিসৰ, নতুন পৰিসৰবোৰ নিজৰ আওতাত সামৰি লৈছে ৷ প্ৰাৰম্ভিক শিকন এতিয়া নতুন শিক্ষা নীতিৰ অংশ হৈ পৰিল ৷ যিটো আমাৰ বাবে খুৱেই আশাব্যঞ্জক ৷ কিয়নো,এতিয়াৰে পৰা বুনিয়াদী শিক্ষাত ধ্যান দিয়া হ’ব আৰু এই বিষয়টোৰ বাবেই আমি আগৰে পৰা যুঁজি আছিলো ৷ কিন্তু এই নীতিত কিছুমান ‘মিছিং লিংক’ থকাও দেখা গৈছে ৷ উদাহৰণ হিচাপে ক’ব পাৰি, আমি এই লক্ষ্যসমূহ কেনেকৈ পামগৈ,তাক স্পষ্টকৈ বাখ্যা কৰা হোৱা নাই ৷ আমি এশ শতাংশ ‘এক্সেছ’ৰ কথা কও ৷ কিন্তু ৰ’ডমেপ,পথবোৰৰ বিষয়ে এই বিষয়ে কোনো উল্লেখ নাই ৷

প্ৰশ্নঃ কিছু সমালোচকে যুক্তি দৰ্শাই যে প্ৰাকৃতিকভাৱে সংখ্যাবোৰ আৰম্ভ হয় একৰ পৰা…সেয়ে বিদ্যালয় ব্যৱস্থাও প্ৰথম মানৰ পৰাই আৰম্ভ হোৱা উচিত ৷ কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে প্ৰস্তুতিমূলক শিক্ষাক বাণিজ্যিকীকৰণ কৰাৰ উদ্দেশ্যে ‘প্ৰেপ’ আৰু ‘কিণ্ডাৰগাৰ্টেন’ আৰম্ভ কৰিছে ৷ সেয়ে শিক্ষা নীতিত প্ৰস্তুতিমূলক-শিক্ষাসহ আন কথাবোৰক কিছু সমালোচনা কৰা হৈছে ৷

উত্তৰঃ আমি ‘ছেইভ দ্য ছিলড্ৰেন’ আৰু অন্যান্য বহু শিক্ষাবিদসকল,সহযোগী আৰু অংশীদাৰসকলে ভাৱো যে প্ৰাৰম্ভিক শিকনক বিদ্যালয় শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাটো এক ভাল পদক্ষেপ ৷ কিয়নো ই শিশুসকলৰ বিদ্যালয়লৈ যোৱাৰ যি মহান প্ৰস্তুতি,তাৰ লগত জড়িত ৷ আমাৰ কৰ্মৰাজিবোৰৰ ভিতৰত বিদ্যালয়লৈ যোৱাৰ বাবে প্ৰস্তুত কৰোৱাটোও অন্যতম ৷ অংগণবাদী আৰু প্ৰাক-বিদ্যালয়বোৰৰ এই সমগ্ৰ ধাৰণাটো শিশুসকলক বিদ্যালয়লৈ যোৱাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষৰে লোৱা হৈছিল ৷

গুৰুত্বপূৰ্ণ কথা হ’ল,সেই শিশুসকলক গ্ৰহণ কৰিবলৈ বিদ্যালয় আৰু এই ব্যৱস্থাটো প্ৰস্তুত হয়নে নহয় ৷ কাৰণ প্ৰাক-বিদ্যালয়ত কি হয়…ই বিনামূলীয়া,এক প্ৰাকৃতিক জৈৱিক ধৰণৰ প্ৰক্ৰিয়া আৰু ইয়াত যথেষ্ট যত্নও লোৱা হয় ৷

যেতিয়া কোনো এক শিশুৱে মাত্ৰ ১০ ফুট বৰ্গৰ কোঠা এটাৰ পৰা গৈ এক বৃহৎ বিল্ডিং,বৃহৎ গেইটৰ সৈতে এখন স্কুলত প্ৰৱেশ কৰিব,য’ত এনেকুৱা শিক্ষকো আছে যিসকলে দূৰত্ব ৰক্ষা কৰি চলে…তেতিয়া এইটো এটা সমস্যা হৈ পৰে ৷

প্ৰশ্নঃ এই নীতিয়ে বুনিয়াদী স্বাক্ষৰতা আৰু সংখ্যাৰ জ্ঞানৰ বিষয়ে কৈছে ৷ কিছু বিশেষজ্ঞই কৈছে যে পঢ়িব,লিখিব পাৰিলে তথা প্ৰাথমিকভাৱে গণনা কৰিব পৰাটো খুবেই গুৰুত্বপূৰ্ণ কৌশল আৰু যদি কোনো এক শিশুৱে এইসমূহ কৌশল আয়ত্ব কৰিব পাৰে তেনেহ’লে সেই শিশু জীৱনত সফল হ’ব পাৰিব ৷ আপুনি বুনিয়াদী শিকনৰ বিষয়ে বৃস্তিতভাৱে বাখ্যা আগবঢ়াব বিচাৰিবনে ?

উত্তৰঃ বুনিয়াদী শিকন হ’ল প্ৰাক-বিদ্যালয়ৰে এক সম্প্ৰাৰিত সংস্কৰণ ৷ ইয়াত শিকন পদ্ধতি,শিকনৰ অভ্যাসবোৰ শিকোৱা হ’ব ৷ আমি প্ৰাক-বিদ্যালয়ত অধ্যয়ন আৰু লিখাৰ বিষয়ে নিশিকাও ৷ বুনিয়াদী শিকনক অন্তৰ্ভুক্ত কৰাটো ‘ইমাৰ্জেন্ট লিটেৰেচী ইন মেথ্‌ছ’ৰ সম্প্ৰসাৰণৰ এক অংশ হোৱা উচিত ৷ ‘ছেভ দ্য ছিলড্ৰেন’এও এই বিষয়ে কয় ৷ ‘ইমাৰ্জেন্ট লিটেৰেচী ইন মেথ্‌ছ’ৰ ভিত্তিত সাধাৰণ পদ্ধতিবোৰক শিকাৰ বাবে আমাৰ এক ‘ৰেডী টু লাৰ্ণ’ নামৰ ব্যৱস্থা আছে ৷

আমি ইয়াৰ উকালতি কৰি আহিছোঁ, আমি ইয়াৰ বাবে যুঁজি আহিছোঁ ৷ ই আমাৰ বাবে এক স্বাগতম জনাব লগীয়া পৰিৱৰ্তন ৷

প্ৰশ্নঃ ভাৰতীয় শিক্ষা ব্যৱস্থা, বিষয় বস্তুবোৰ আয়ত্ব কৰিবলৈ স্মৃতি আৰু মুখস্তবিদ্যাৰ ওপৰত ধ্যান দিয়াৰ বাবে সমালোচিত হৈ আহিছে ৷ কিন্তু ইয়াৰ বিপৰীতে আন উন্নত দেশসমূহত ‘ক্ৰিটিকেল থিংকিং’, প্ৰশ্ন সোধাৰ দক্ষতা আদি শিশুসকলক শিকোৱাৰ ওপৰত ধ্যান দিয়ে ৷ শিক্ষা নীতিত এইসমূহ অন্তৰ্ভুক্ত কৰা হৈছে নে ?

উত্তৰঃ ইয়াক “ইমাৰ্জেন্ট লিটাৰেচী ইন মেথছ’ বুলি কোৱা হয় ৷ য’ত আপুনি কৌশল বিকাশত ধ্যান দিয়ে ৷ অভিপ্ৰায়টো শুদ্ধ ৷ কিন্তু মই পুনৰ প্ৰশ্ন কৰিম ৷ বিনিয়োগ ক’ত ? ইয়াৰ বাবে ধন ক’ত ? আমি ‘এড-টেক’, ব্যক্তিগত বিদ্যালয়বোৰক নিৰিক্ষণ আৰু নিয়ন্ত্ৰণ কৰাৰ বিষয়ে কৈ আছো ৷ তাত্বিকভাৱে, ইয়াক দেখি ভাল লাগিছে ৷ কিন্তু আমি এইটো চাবলৈ অপেক্ষা কৰিম, ব্যৱহাৰিকভাৱে ইয়াক কেনেকৈ আগুৱাই নিয়া হ’ব ?

প্ৰশ্নঃ শিক্ষকসকলৰ শিক্ষাৰ ক্ষেত্ৰটো আৰু অধিক গুৰিত্ব প্ৰদান কৰা হৈছে ৷ দুবছৰীয়া B. Ed ডিগ্ৰীৰ ঠাই ল’ব এক চাৰিবছৰীয়া ডিগ্ৰীয়ে ৷ ই এক ভাল পদক্ষেপনে ?

উত্তৰঃ ই খুবেই গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ আনকি আমি উল্লেখ কৰা পূৰ্ৱৰ নীতিতো শিক্ষকসকলৰ বিকাশৰ ব্যৱস্থা কৰি থকা হৈছিল ৷ কিন্তু কিমান শিক্ষকে পেচাদাৰী প্ৰশিক্ষণ লাভ কৰিছিল ? মাত্ৰ ১৪-১৫ শতাংশই ৷ মই ইয়াক লৈ খুবেই আশাবাদী যে শিক্ষকসকলৰ শিক্ষাৰ ওপৰত দিয়া ধ্যানে বিদ্যালয় স্তৰত গুণগত শিক্ষা দানত নিশ্চিতি প্ৰদান কৰিব ৷এই নীতি দেখাত খুবেই উচ্চাকাংক্ষী আৰু আমাৰ বাজেটে ইয়াৰ বিষয়ে গুৰুত্ব প্ৰদান কৰা উচিত হ’ব ৷

প্ৰশ্নঃ এ এছ ই আৰ আৰু এন এ এছে কৰা সমীক্ষাত প্ৰকাশ পাইছে যে এজন শিশুৰ শ্ৰেণী আৰু তেওঁৰ জ্ঞানৰ মাজত বৃহৎ অমিল আছে ৷ যিটো শিশুটি পঢ়ি থকা শ্ৰেণীটোৰ সমানুপাতিক নাছিল ৷ শিক্ষা নীতিয়ে এই অসামঞ্জস্যতাক শুধৰাব পাৰিবনে ?

উত্তৰঃ অভিপ্ৰায় শুদ্ধ,দলিলখনো শুদ্ধ ৷ কিন্তু ‘ৰ’ডমেপ’হে নাই ৷ সেইটোতেই আমাৰ ধ্যান কেন্দ্ৰিত হোৱা উচিত যে আমি ইয়াক কেনেকৈ বাস্তৱায়িত কৰিম ৷ কিয়নো আমি নতুন পৰিসৰবোৰ যোগ দিলো ৷ নীতিয়ে প্ৰযুক্তিৰ কথা কৈছে ৷ ই হৈছে ‘কেপিটেল ইনটেনছিভ’ ৷

এই নীতিত ক’ভিড প্ৰসংগটো অন্তৰ্ভুক্ত কৰা উচিত আছিল ৷ কিয়নো আমি ক’ভিডৰ কাৰণেই বহু বছৰ পিছুৱাই গ’লো ৷ আমি কেনেকৈ এই কোভিডে পেলোৱা প্ৰভাৱৰ সৈতে মুখামুখি হোৱা উচিত তাৰ বিষয়ে এই নীতিত কিছু পৰিকল্পনা থাকিব লাগিছিল ৷ ইয়াৰ বিষয়ে কোনো উল্লেখ নাই ৷

বিদ্যালয়ৰ সুৰক্ষা তথা কেনেকৈ পূৰ্ৱৰ অৱস্থালৈ ঘূৰি যাব তাৰ বিষয়ে উল্লেখ নাই ৷ আজি, এইয়া কোভিড ৷ কাইলৈ এইয়া ছাৰ্ছ (SARS) নাইবা এইছ ফাইভ এন ৱান(H5N1) নাইবা অন্য কোনো বিপদো হ’ব পাৰে ৷ কিন্তু পৰিকল্পনা ক’ত ? কেনেকৈ আমি আমাৰ বিদ্যালয়ক আৰু অধিক সুৰক্ষিত কৰিব পাৰিম ?

আমি জৰুৰীকালিন অৱস্থাত “জীৰ’ ডে লছ ইন লাৰ্নিঙ”ৰ বিষয়ে প্ৰচাৰ চলাও ৷ কিন্তু এই নীতিত কোনখিনিত জৰুৰি অৱস্থাৰ প্ৰসংগ উল্লেখ আছে ?

প্ৰশ্নঃ আপুনি বিনিয়োগৰ অভাৱৰ বিষয়ে কয় ৷ লাইচেঞ্চ ৰাজ বন্ধ কৰি দিয়া উচিতনে ? শিক্ষা খণ্ডত বিনয়োগ সকলোৰে বাবে মুকলি কৰি দিয়া উচিত হ’বনে ?

উত্তৰঃ এইটো ৰাষ্ট্ৰৰ দায়িত্ব ৷ এইটো চৰকাৰ কৰ্তব্য ৷ মই বিনিয়োগ আমন্ত্ৰণ কৰি অনা ধাৰণাটোৰ বিৰোধী নহয় ৷ কিন্তু ই যিকোনো এখন চৰকাৰৰে সাংবিধানিক কৰ্তব্য আৰু এইটোকে অনুসৰণ কৰা উচিত ৷

মই শিক্ষাত চৰকাৰৰ বিনিয়োগ আৰু ব্যক্তিগত খণ্ডৰ বাবে ভাল নিয়ন্ত্ৰণ নিৰ্দেশিকাৰ বাবে প্ৰচাৰ চলাম ৷ এইটো লাগিলে মাছুলেই হওক বা ব্যক্তিগত বিদ্যালয়ত শিশুসকলৰ (বঞ্চিত শ্ৰেণীৰ পৰা) বাবে ২৫% সংৰক্ষণৰ ব্যৱস্থাই হওক ৷ এই নীতিত শিক্ষাৰ অধিকাৰৰ (RTE) কোনো উল্লেখেই নাই ৷

প্ৰশ্নঃ এই নীতিত যিসকল ছাত্ৰ-ছাত্ৰীয়ে কোনো কাৰণবশত অধ্যয়ন আধাতে এৰিব লগা হয় তেনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহু গমনৰ (multi-exit) বিষয়ে উল্লেখ কৰিছে ৷ এই কথাটো আপুনি কেনেদৰে লয় ?

উত্তৰঃ ই বৰ সহায়ক হ’ব ৷ এক সুযোগ দিয়াৰ ধাৰণটো আৰু বিষয় বাচনি কৰিবলৈ দিয়াটো গুৰুত্বপূৰ্ণ ৷ এজন বিজ্ঞানৰ ছাত্ৰই জ্যেষ্ঠ মাধ্যমিক স্তৰত কলাৰ যিকোনো বিষয় এটা বাচনি কৰিব পাৰিব ৷ এইটো খুবেই ভাল পদক্ষেপ আৰু এইটো শুভ বতৰা যে বিশ্ব স্তৰত শিশুসকলৰ অধ্যয়নৰ পদ্ধতিৰ লগত আমাৰ শিক্ষা পদ্ধতিক অনুৰূপভাৱে আগবঢ়াই নিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰিছো ৷

লগতে পঢ়কঃ নলবাৰীত কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.