ETV Bharat / bharat

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিটো অংগই কোভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত নামিছে

author img

By

Published : Apr 20, 2020, 2:35 PM IST

দিল্লীস্থিত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেশৰ প্ৰতিৰক্ষা সচিব ডাঃ অজয় কুমাৰে কয় যে, প্ৰতিৰক্ষা বিভাগৰ প্ৰতিটো অংগই কোভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত নামিছে ।

দেশৰ প্ৰতিৰক্ষা সচিব ডাঃ অজয় কুমাৰ
দেশৰ প্ৰতিৰক্ষা সচিব ডাঃ অজয় কুমাৰ

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ সমগ্ৰ বিশ্বই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আগস্থান গ্ৰহণ কৰিছে ।

দেশৰ প্ৰতিৰক্ষা বিভাগৰ সচিব ডাঃ অজয় কুমাৰৰ সৈতে সোমবাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইটিভি ভাৰতৰ আগত বহু কথা প্ৰকাশ কৰে কুমাৰে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বহুটো অংগই চৰকাৰক সহায় কৰাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে সন্মুখ সমৰত ঠিয় দিছে । প্ৰতিৰক্ষা স্বাস্থ্য সেৱাই এইক্ষেত্ৰত উল্লেখনীয় কাম কৰি আছে ।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই কিছুমান উদ্ভাৱনী প্ৰযুক্তিৰ সৈতে আগবাঢ়ি অহাৰ লগকে তাক সাকাৰ ৰূপ প্ৰদান কৰিছে । অৰ্ডিনেন্ ফেক্টৰী, ভাৰত ইলেক্ট্ৰিকেলচ লিমিটেড আৰু অন্যান্য প্ৰতিৰক্ষা ৰাজহুৱা নিৰ্মাণকাৰী সংস্থাই এইক্ষেত্ৰত কোভিডৰ সৈতে জড়িত প্ৰয়োজনসমূহ পুৰণ কৰাত ব্যস্ত হৈ পৰিছে । ইয়াৰ উপৰিও এনচিচি আৰু প্ৰাক্তন তথা অৱসৰপ্ৰাপ্ত সৈনিকসকলেও স্বেচ্ছাই সেৱাত আগভাগ লোৱাৰ লগতে চৰকাৰ আৰু সশস্ত্ৰ বাহিনীক সহায় কৰিছে । ইয়াৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো । চমুকৈ ক'বলৈ হ'লে দেশে কোভিড-১৯ৰ বিৰুদ্ধে চলোৱা যুদ্ধখনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ সমষ্ট শক্তি প্ৰয়োগ কৰিছে ।

১৯৮৫ বৰ্ষৰ কেৰালা কেডাৰৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ।

কোভিড-১৯ক জৈৱিক যুদ্ধ বুলি উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত কুমাৰে কয় যে, তেওঁ বিষয়ে ক'ব নোৱাৰে যে, কোভিড-১৯ জৈৱিক যুদ্ধ হয়নে নহয় । কিন্তু এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে এখন যুদ্ধ অব্যাহত ৰাখিছে আৰু সকলো প্ৰকাৰে এই যুঁজত জয়ী হ'বলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।

এই মহামাৰীৰ সময়তে সমগ্ৰ বিশ্বতে স্বাস্থ্য প্ৰযুক্তি আৰু সৰঞ্জাম বিশেষকৈ ভেন্টিলেটৰৰ অভাৱ পৰিলক্ষিত হৈছে যদিও ভাৰতীয় সশস্ত্ৰ বাহিনী এইক্ষেত্ৰত বহুত আগত আছে । ভাৰত ইলেক্ট্ৰিকেলচ লিমিটেডক ৩০,০০০ ভেন্টিলেটৰ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে । ইয়াৰ দ্বাৰা সংস্থাটোৱে নিজৰ কৰ্মশক্তি বঢ়াই দিছে আৰু চলিত বৰ্ষৰ জুন মাহলৈ প্ৰতিদিনে ৫০০কৈ ভেন্টিলেটৰ প্ৰস্তুত কৰি উলিয়াবলৈ সঙক্ষম হ'ব সংস্থাটোৱে । প্ৰতিদিনে ৫০০ কৈ ভেন্টিলেটৰ প্ৰস্তুত হ'লে ই এমাহত ১৫,০০০ হাজাৰৰ সংখ্য়াত প্ৰস্তুত হৈ উঠিব । একেদৰেই অৰ্ডিনেন্স ফেক্টৰী বোৰ্ডক মাস্ক আৰু ছেনিটাইজাৰ প্ৰস্তুতৰ দায়িত্ব প্ৰদান কৰা হৈছে । এই সকলো মিলি কভিড-৯ৰ বিৰুদ্ধে প্ৰয়োজনীয় সকলো বিষয়তে আশাব্যঞ্জক ফলাফল পোৱা গৈছে ।

সামৰিক বাহিনীৰ প্ৰধান শক্তি ইয়াৰ পৰিবহন সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে, যোগান মজুত ৰাখিবলৈ নিৰ্মাণ কৰা অৰ্ধস্থায়ী আন্তঃগাঁথনিৰ মাজৰ যোগান শৃংখলে খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায়ক হৈছে ।

যোগান শৃংখলত বাধা আহি পৰাৰ ফলতে উদ্যোগসমূহে সন্মুখীন হোৱা অসুবিধাসমূহ দুৰ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ব্যৱস্থা লৈছে । ইতিমধ্য়ে উদ্য়োগপতিসকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৰৱৰ্তী সময়ত এই বিষয়ে উদ্ভৱ হোৱা সকলো সমস্যা দুৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

কোভিড-১৯ য'ত প্ৰয়োজন হৈছে তাতেই স্থানীয় যোগান শৃংখল মজুত ৰাখিবলৈ সহায় কৰিছে । কিছুসংখ্যক কোম্পানীয়ে আমদানিকৃত সামগ্ৰীৰ ঠাইত স্থানীয় আৰু দীৰ্ঘস্থানীয় সামগ্ৰীৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে । ইয়াক আমি উৎসাহ যোগোৱা উচিত ।

  • India, with the right blend of the physical and the virtual can emerge as the global nerve centre of complex modern multinational supply chains in the post COVID-19 world. Let us rise to that occasion and seize this opportunity: PM @narendramodi

    — PMO India (@PMOIndia) April 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আমোদজনকভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে এক টুইটৰ জৰিয়তে কোভিড-১৯ মহামাৰীয়ে দেশৰ যোগান শৃংখলক এক অন্যন্য সুযোগ প্ৰদান কৰিছে বুলি উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে টুইটটোত "ভাৰতে ভাৰ্চুৱেল আৰু বাহ্যিক দুয়োটা ক্ষেত্ৰতে বিশ্বৰ জটিল যোগান শৃংখলত এক অন্যতম কেন্দ্ৰ হিচাপে কোভিড-১৯ ৰ পৰৱৰ্তী সময়ত নিজৰ উত্থান ঘটাইছে । আহক আমি সকলোৱে এই সুযোগ গ্ৰহণ কৰি ইয়াক কাঢ়ি আনো ।" বুলি লিখে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.